মৃদুল কুমাৰ সন্দিকৈ
বাপু, খেল চাই আছো। তেওঁলোকে খেলিছে, আমি চাইছো। আমাৰ দৰে সাধাৰণ মানুহবোৰৰ জীৱনটোৱেই খেল হৈ পৰিছে। কেতিয়াবা আমি হৈ পৰো খেল সামগ্ৰী। গণতন্ত্ৰ নামৰ দেশখনত চলি থকা এই খেল খনত আমি ইটোৰ পাছত সিটো ফাউল দেখিও নিৰ্বাক হৈ ৰ'ব লগা হৈছো।
ইয়াতকৈ দুখৰ কথা বাপু কি হ'ব পাৰে? বাপু আজি তুমি নাই, কওঁতা, ভাবোতা কোনো নাই। আমাৰ টেঁটু চেপি ধৰা হাতবোৰ বৰ দীঘল। বৰ জোঙাল সেই হাতৰ নখ! বাপু পুজিুঁপতি সকলৰ চাবীত নচা সেই হাতে আমাৰ ডিঙি চেপি ধৰিলে আমি মাত মাতিব নোৱাৰা হৈ পৰো।
বাপু তোমাৰ জন্ম হোৱা ১৫৩ বছৰ হ'ল। তুমি দেশ স্বাধীন কৰি যোৱাই কিমান দিন পাৰ হ'ল। আমি বাপু স্বাধীন হলো বুলি ভাবিলোহে। ইংৰাজহে গ'ল, শোষক থাকি গ'ল। বিদেশী শোষক যোৱাৰ পাছত স্বদেশী শোষকৰ জন্ম হ'ল।
বাপু মানৱতাৰ ওপৰত এতিয়া বুলডজাৰ চলে। সেয়াই সময় এতিয়া। তোমাৰ ৰামৰাজ্যত তোমাৰেই শ্ৰাদ্ধ পাতে। তোমাৰ নীতি আদৰ্শৰ কথা সোঁৱৰি তোমাৰ জন্মদিন পালনো কৰে। তোমাৰ প্ৰতিমূৰ্তিত ফুল ছটিয়ায়। কিন্তু বাপু এই সকলোবোৰ দেখুৱাবলৈ।
অহিংসা নামৰ নীতিত তিতা লাও গজিছে। হিংসাৰ, প্ৰতিহিংসাৰ বীজ ছটিয়াই বিভেদৰ জয়গান গোৱা সকলে ৰাজনীতিৰ ক্ষমতাৰ বাদে আন একো নুবুজে বাপু। দেশত এতিয়া কি হৈছে নুসুধিবা। যি হৈ আছে তুমি আজি থকা হ'লে চকু মুদি দিলা হয়, শুনা হ'লে কাণত গুজি ল'লা হেতেন কপাহ।
তুমিয়েতো কৈছিলা- বেয়া বস্তু নাচাবা, বেয়া কাম নকৰিবা। এতিয়া দেখোন সকলোতে কেৱল বেয়া আৰু বেয়া। বাপু মানুহে এতিয়া নীৰৱে উচুপে।দেখিও নেখেখা ভাও জুৰিব লাগে। বাপু দেশবাসীৰ হৃদয়ত ক'ত দুখৰ বেথা।
বাপু ক্ষমতাশালী শাসকে তোমাৰ জয়গান আওৰাই তোমাৰ বিৰুদ্ধেই অবিশ্বাস্য কাহিনী ৰতে। নাথুৰামৰ সৈতে তোমাক তুলনা কৰে। তোমাৰ মৃত্যুক যুক্তি দি নাথুৰামকেই পূজাৰ প্ৰতিমাত প্ৰতিষ্ঠা কৰিব খোজে।
বাপু অসহায় আজি আমি। তোমাৰ জন্মদিনৰ নামত আমি কেৱল যেন ভণ্ডামী কৰো। গান্ধীবাদৰ নামত আমি একো নুবুজো। কি যে দিন কাল আহিল। খুলি কও বুলি সকলো কথা খুলি ক'ব নোৱাৰি।
তুমিতো বুজি পোৱা বাপু। দেশ দ্বিখণ্ডিত হওঁতেই তোমাৰ মনত ক'ত দুখৰ জোৱাৰ উঠিছিল। হিন্দু-মুছলমান বুলি তুমি কাকোৱেই চোৱা নাছিলা। হৰিজন জনৰ কাষত তুমিয়েতো থিয় হৈ সমতাৰ সংজ্ঞা ৰচিছিলা। এইবোৰ বাপু এতিয়া অতীত।
বাপু এখন নাটকৰ দৰেই আমি একোটা চৰিত্ৰ হৈ পৰিছো । প্ৰতিবাদৰ ভাষা হেৰুৱাইছো। পুতুলা নাচৰ পুতুলাৰ দৰেই আমি কেৱল সূত্ৰধাৰৰ আঙুলিৰ ইছাৰাত নাচিছো।
বাপু এই দেশ মোৰ দেশ। সৰগ বিচাৰি এই দেশত তুমি দেখা সপোন এতিয়া মৰুভূমিৰ মৰিচীকা। মৰি মৰি জীৱাই থকা মানুহবোৰৰ ভৱিষ্যৎ অন্ধকাৰে আৱৰা কফিনৰ ভিতৰত।
বাপু তুমি যদি আকৌ আহা উভতি, এই দেশৰ পৰিস্থিতি দেখি গুচি যাবা উলটি।কাৰো প্ৰতি কাৰো দায়বদ্ধতা নাই। বাপু এতিয়া এই দেশত গৰুৱে লিখে মানুহৰ ৰচনা। লিখে এতিয়া মানুহ নামৰ স্বাৰ্থপৰ জাতিটোৰ কথা। কিমান যে ভণ্ডামী সাৱটি আমি কেৱল মানুহ হোৱাৰ অনুশীলন কৰি গৈছো আৰু প্ৰতিদিনেই মানুহৰ পৰা অমানুহ হৈ পৰিছো।
বাপু, কেতিয়াবা মন যায় নিজৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ। জীয়াই আছো জানো আমি । বিক্ৰী যোৱা পুতুলা হৈ আৰু কিমান দিন এনেদৰে থাকিব পাৰি তাৰো সন্দেহ আছে।
বাপু, চৌদিশে কেৱল শূণ্যতা। মিছা প্ৰাচুয্যতাৰে আমাক সপোন দেখুওৱা হৈছে। ধনী পুজিপঁতি আৰু ক্ষমতাবান সকলে দেশ খন কিনিছে। মানুহ কিনাটো সৰু কথা। দেশেই কিনি লৈছে সেই সকলে ।
প্ৰতিবাদ কৰিবলৈও এতিয়া ভাষা নাই। নাই পৰিৱেশ। সঁচাটো হঠাৎ মিছা হয়। সঁচা মিছাৰ মাজত পাৰ্থক্য খুব বেছি এৰাতি হয়। মানুহেই এতিয়া মানুহৰ জখলা । মৃত্যু সাধাৰণ কথা । কাৰোৱেই কাৰো বাবে নাই অনুকম্পা।
প্ৰদৰ্শন ধৰ্মীতা এতিয়া সহজ কথা। কৰো বুলি সকলো কাম জেদ ধৰি কৰিব পৰাতোৱেই এতিয়া ক্ষমতা। তুমি মাজৰাতি উজাগৰে থাকা। কাৰ কি আহে যায়। তুমি মাজৰাতি নোখোৱাকৈ থাকিলেও তোমাৰ কাষত থকা জনৰ মনত এবাৰলৈ কষ্ট নহয়।
বাপু এয়াই এতিয়া দেশ। কেনেদৰে তোমাক জনাও জন্মদিনৰ শুভেচ্ছা। তোমাৰ মৃত্যু কোনো দিনেই নহয় সেই বুলি ভাবি আছিলো সদায়। কিন্তু তোমাৰ মৃত্যু হৈছে কেতিয়াবাই। বাপু জন্মদিনত তোমাক শুভেচ্ছা নহয়, সমবেদনা।
বাপু তোমাৰ এটা প্ৰতিমূৰ্তি থিয় হৈ আছে। এনে লাগে যেন তুমি লাহে লাহে সেই ঠাইৰ পৰা হাতত লাখুটি লৈ আগবাঢ়ি আহিছা। তুমি হিংস হৈ গৈছা। তোমাৰ কাষত তোমাৰ জয়গান গোৱা সেই সকল ভণ্ড লোকক লাখুটিৰে দুটা কোব দি কৈছা এইবোৰ কি হৈ আছে এতিয়া?