''মণিপুৰ ছে' আয়ি সমাছাৰহৌ দেশ কি চ'কীদাৰজী/ চাহেৱ কৰে'লে' আমেৰিকা কি দৌড়া/ দেশ কাহে চ'টেলা ব্যৱহাৰহৌ/ দেশ কি চ'কীদাৰজী/ মন কি বাত না মণিপুৰ কি বাত কৰৌ/ বাইডেন ছে না চি এম চে মোলাকত কৰৌ/ কাহৌ এইছে চলাইবো চৰকাৰহৌ/ দেশ কি চ'কীদাৰহৌ/ দেশ ,বিদেশ মে' ঘোম মে'কে আগে/ আপন দেশকে' সমস্যাছে ভাগে'/ এইছন চাহেৱ কা নাহি দৰকাৰহৌ/ দেশ কি চ'কীদাৰজী...।'' এই কথাখিনিৰ অৰ্থ চাগৈ বুজি পাইছে।
আকৌ এবাৰ সেই গীতৰ কথাবোৰেই প্ৰাসংগিক হৈ পৰিছে। কিয়নো জ্বলি জ্বলি মণিপুৰ শেষ হৈ গৈছে। ইটোৰ পাছত সিটো হত্যা- হিংসাৰ খবৰে মণিপুৰ জোকাৰি গৈছে, জনজীৱন বিচ্চিন্ন হৈছে কিন্তু দিল্লীয়ে উভতি চাবলৈ সময় পোৱা নাই, নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। মাত নাই প্ৰধানমন্ত্ৰী মোডীৰ মুখত।
এদিন দুদিন নহয়, মণিপুৰ জ্বলা প্ৰায় ডেৰ বছৰ হ'ল। কি হৈছেনো মণিপুৰত, তাৰ পৰিস্থিতিৰ বুজ ল'বলৈ দেশ- বিদেশ ঘূৰি ফুৰা প্ৰধানমন্ত্ৰী মোডীৰ আজিও আহৰি নহ'ল।
সেইবোৰ কথা উপলব্ধি কৰিয়েই ২৫ বছৰীয়া এগৰাকী লোক সংগীতৰ শিল্পীয়ে গাইছিল- ''মণিপুৰ ছে' আয়ি সমাছাৰহৌ দেশ কি চ'কীদাৰজী...।।" বিহাৰৰ ভোজপুৰী লোকশিল্পী নেহা সিং ৰাথোড়়ো ৰৈ থাকিব নোৱাৰিছিল। মণিপুৰৰ দুৰ্দশা দেখি এনেকৈয়ে গীত জুৰিছিল। কিন্তু দেখিও নেদেখাৰ ভাও জুৰি ৰৈ গ'ল দিল্লী।
অশান্ত মণিপুৰৰ অনেক কথা পোহৰলৈ আহিছে, আহি আছে। বহু কথা গোপন হৈয়ে ৰৈ গৈছে। বধ্যভূমি মণিপুৰত কিমানৰ চকুত দুখৰ চকুপানী চকুতে শুকাইছে তাৰ হিচাপ ৰাখিবলৈ আজি কোনো নাই।
ৰাজপথত মহিলাক বিবস্ত্ৰ কৰি সমদলেৰে সভ্যতাৰ নিৰ্মম ইতিহাস লেখিছিল এচামে। সেই দৃশ্যৰ সাক্ষী হোৱাৰ দোষত দোষী হৈ ৰৈ আছো আমি। বহুতৰ বুকুত বুলেটৰ গৰম আঘাত। আত্মীয়ক হেৰুওৱাৰ কৰুণ যন্ত্ৰণাৰ কাহিনী শেষ হোৱা নাই এতিয়াও।
প্ৰায় প্ৰতিদিনেই দেখিবলৈ পোৱা গৈছে কুকি আৰু মেইটেইৰ মাজত সংঘটিত সংঘৰ্ষৰ একোখন জীয়া ছবি। ইটোৰ পাছত সিটো সেনা বাহিনীৰ কোম্পানী পঠিয়াইছে মণিপুৰলৈ। ইয়াতেই যেন দায়িত্ব শেষ দিল্লীৰ।
এই গোষ্ঠীগত সংঘৰ্ষৰ নিৰাময় আৰু নিয়ন্ত্ৰণৰ বাবে সেনাৰ বল প্ৰয়োগেই যথেষ্ট নহয়। এই কথা বুজা নাই দিল্লীয়ে। তেজে কৰাল বান্ধিছে মণিপুৰত। তথাপিও সতৰ্কতা আৰু সচেতনতাৰে এই সংঘৰ্ষ ৰোধৰ পথ বিচাৰি পোৱা নাই।
এইবোৰ ঘটনাত আছে ৰাজনীতি, আছে সাম্প্ৰদায়িকতা , ধৰ্মীয় আগ্ৰাসন আৰু খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰসংগ। সেই সমস্যাৰ সমাধান সংঘাতে আনি দিব নোৱাৰে। মানুহ অমানুহ হৈ পৰিছে । উন্মাদনা আৰু অস্ত্ৰৰ ঝনঝননিয়ে মৃত্যু আৰু অবিশ্বাসৰ প্ৰেক্ষাপট ৰচিছে।
সেই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ লাগে মণিপুৰৰ সাধাৰণ নাগৰিকক। এই কথা বুজা, ইয়াৰ বাবে উদ্যোগ লোৱা মানুহৰ অভাৱ তাত। সংস্কাৰী বুলি নাম থকা মণিপুৰীবাসীৰ মাজত সিঁচি দিলে বিভেদৰ বীজ?
বিশ্বগুৰু হ'বলৈ আগবঢ়া এখন দেশৰ এখন প্ৰদেশৰ ঘটনা এয়া। ধৃতৰাষ্ট্ৰৰ দৰে দিল্লীত চকুত ক'লা কাপোৰ বান্ধি আছে। তেওঁলোকৰ বাবে মণিপুৰৰ মানুহৰ জীৱনৰ মূল্য গৌণ।
ভাৰতীয় হৈয়ো ভাৰতৰ আন নাগৰিকক দিয়া নিৰাপত্তাৰ পৰা মণিপুৰবাসী বঞ্চিত। সেই দায়ৱদ্ধতা দিল্লীৰ নহয় কাৰ? কিমান সম্পত্তি নষ্ট হৈছে, কিমান মানুহৰ প্ৰাণ গৈছে, সেই তথ্য দিল্লীয়ে নিতৌ পাই আছে।
মৃত্যু হোৱা লোকৰ সংখ্যা গণি শেষ কৰিব নোৱাৰা অৱস্থা । কেৱল ইণ্টাৰনেট বন্ধ কৰি সেই অবাঞ্চিত ঘটনাক ঢাকি ৰাখিবলৈ কৰা চেষ্টাই মণিপুৰৰ সংঘাতৰ সমাধান হ'ব যে নোৱাৰে সেই কথা প্ৰমাণ হৈ গৈছে।
৩ মে' ২০২৩ ৰ পৰা এতিয়ালৈকে কিমান দিন হ'ল ? মণিপুৰত উশাহ , নিশাহত এতিয়া আতংকৰ নৈ বৈছে। বিপদৰ সময়ত আস্থা আৰু বিশ্বাসৰ এষাৰ মাত দিবলৈ প্ৰধানমন্ত্ৰীৰ ইচ্ছাৰ অভাৱ ঘটিছে। অথচ আমেৰিকাই ৭ সাগৰ ১৩ নদীৰ সিপাৰৰ পৰা মণিপুৰৰ যন্ত্ৰণা উপলব্ধি কৰিছিল কেতিয়াবাই।
নিঃসহায় মানুহবোৰক দেখি নিউয়ৰ্কৰো চকুপানী ওলাইছিল। ভাৰতে বিচাৰিলে মানৱতাৰ স্বাৰ্থত মণিপুৰত সহায় কৰিবলৈ সাজু বুলি আমেৰিকাই কৈছিল। কিন্তু দিল্লী মৌন হৈয়েই থাকিল।
আছে জানো মণিপুৰত চৰকাৰ, আছে জানো তাত প্ৰশাসন? মুখ্যমন্ত্ৰীয়ে কেৱল দুখ প্ৰকাশ কৰে। দিল্লীয়ে উদিগ্ন বুলি টুপাই বুৰ মাৰে। তেনে প্ৰেক্ষাপটত বিশ্বাসৰ এক পৰিৱেশ তৈয়াৰ কৰাৰ দায়িত্ব কোনে ল'ব ?
সংবাদ মাধ্যমৰ ভূমিকাক লৈয়ো সমালোচনা হৈছে। মণিপুৰৰ হিংসাৰ জুই মূল সংবাদ মাধ্যমৰ কেমেৰাই ভালদৰে ঢুকি পোৱা নাই। নতুবা অদৃশ্যজনৰ নিৰ্দেশত কেমেৰাৰ লেঞ্চৰ পৰ্দা মণিপুৰৰ ফালে ঘূৰা নাই, হয়তো নুঘূৰেও কেতিয়াও।
কি হ'ব মণিপুৰৰ? কোনেও নাজানে মণিপুৰৰ ভৱিষ্যত। চকুৰ সন্মুখত ঘটি আছে সকলো। অস্থিৰ হৈ গৈ আছে মণিপুৰ। মণিপুৰৰ ভাগ্য এতিয়া সময়ৰ হাতত। সভ্য মানুহৰ নিৰ্লজ্জ ইতিহাসৰ বহু অধ্যায় ইতিমধ্যে লিখা হৈছে মণিপুৰত।
তাৰ পাছতো ভ্ৰুক্ষেপ নাই দিল্লীৰ। চৰকাৰৰ এই নীৰৱতা দেখি উচ্চতম ন্যায়ালয়ে ক'বলগীয়া হৈছিল- চৰকাৰে ব্যৱস্থা নল'লে আমি ল'ম।
বধ্যভূমি মণিপুৰলৈ শান্তি ঘূৰি অহাৰ নাম লোৱা নাই। আকৌ সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ হাতত মৃত্যু হ'ল ৬ মেইটেই সম্প্ৰদায়ৰ লোক। মৃতসকলৰ ভিতৰত আছিল ৮মহীয়া নিৰ্বোধ শিশু।
সমান্তৰালভাৱে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হ'ল ১০ জনকৈ কুকি বিদ্ৰোহী। ইয়াকে কেন্দ্ৰ কৰি পুনৰ মণিপুৰ আৰু অধিক অশান্ত হৈ পৰিল। ৰাজপথলৈ ওলাই আহিল দুই সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোক। অবিশ্বাসৰ বাতাবৰণ আৰু ঘণীভূত হ'ল।
সেনা বাহিনীক বিশেষ অধিকাৰ দিয়া হ'ল আফছা জাৰি কৰিবলৈ। চূড়ান্ত ব্যৰ্থতা চৌদিশে। গৃহ মন্ত্ৰাণালয়ে জাৰি কৰিলে নিয়মমাফিক নিৰ্দেশনা। এনেকৈয়েই জ্বলি আছে মণিপুৰ, আৰু কিমান দিনলৈ এই জুই জ্বলি থাকিব তাৰ নিশ্চয়তা নাই।