মৃদুল কুমাৰ সন্দিকৈ
শ্ৰীমন্ত শংকৰদেৱ সংঘক জনসাধাৰণে আঁকোৱালি লোৱাৰ কাৰণ হ'ল ভক্তি মাৰ্গক শ্ৰেষ্ঠ বুলি গ্ৰহণ কৰে তেওঁলোকে। ইয়াৰ দৰ্শনৰ লক্ষ্য অদ্বৈতব্ৰহ্ম আৰু অবিভিচাৰী ভক্তি।
গুৰুজনাৰ আদৰ্শৰে পৰিচালিত হোৱা ভেদা-ভেদহীন এখন সমাজৰ পৃষ্ঠপোষকতা কৰা এই আধ্যাত্মিক সংগঠনটো মূল আধাৰ হ'ল উদাৰতা আৰু বৈষম্যহীন সমাজ । কিন্তু সেয়া ৰক্ষা কৰাত কৰবাত বিফল হৈছে নেকি সংঘ, সেই প্ৰশ্ন এতিয়া উঠিছে।
নেতৃত্বই ইয়াক অস্বীকাৰ কৰিলেও সংঘৰ ভিতৰৰ কিছু ভকত বৈষ্ণৱে অসন্তুষ্টি ব্যক্ত কৰাতো লক্ষণীয়। কিহৰ বাবে সংঘৰ ভিতৰত অসহযোগ কৰিব লগা এক পৰিৱেশৰ ৰচনা হ'ল সেয়া সংঘৰ বিষয় ববীয়া সকলে অনুধাৱন কৰক।
শ্ৰীমন্ত শংকৰদেৱ সংঘই শংকৰদেৱৰ আদৰ্শ মানি ব্ৰাহ্মন্য ধৰ্ম সংস্কৃতি পৰম্পৰাক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। শংকৰদেৱে একশৰণ নামধৰ্ম প্ৰচাৰ কৰোতে এটা কথাত বিশেষ গুৰুত্ব দিছিল। সেয়া আছিল ব্যক্তিৰ সমমৰ্যদা।
ব্যক্তিৰ মূল্যায়নত তেওঁৰ জাত-পাত, গোষ্ঠী -সম্প্ৰদায়, পৱিত্ৰ-অপৱিত্ৰ এইবোৰ কথাত গুৰুত্ব নিদিছিল। তেনেহ'লে পৱিত্ৰ-অপৱিত্ৰ, শুচি-অশুচি এইবোৰ ধাৰণা সংঘৰ মজিয়াত কিমান যুক্তিসংগত?
মেদিনী চৌধুৰীয়ে ''সৰ্বভাৰতীয় ভক্তি আন্দোলন আৰু শংকৰদেৱৰ মূল্যায়ন '' শীৰ্ষক গ্ৰন্থত লিখিছে - ''এদিনাখন আকৌ(ভবানন্দ) নাৰায়নৰ বিস্ময়ত হতবাক কৰি তেওঁ শংকৰগুৰুক মান ধৰিবলৈ অনা কাপোৰ, চাউল আৰু আন দ্ৰব্যৰ উপৰিও টকা-কড়িৰ এটা ডাঙৰ টোপোলা শংকৰদেৱে ঘূৰাই দিছিল। তেওঁ নাৰায়নৰ স্নেহেৰে কৈছিল, তুমি মোৰ শিষ্যত্বৱ গ্ৰহণ কৰি তোমাৰ নিজকে মোত সমৰ্পন কৰাৰ পাছত মোক আকৌ কি লাগিছে ? তোমাক লভিলোঁ যেতিয়া তোমাৰ সমস্ত পালোঁ। ৰামচৰণ ঠাকুৰে গুৰুচৰিতত শংকৰদেৱেৰ এই পৰম উক্তিৰ মনোগ্ৰাহীভাৱে অনুৰণন কৰিছে- নলাগয় ধন ভক্ত মোৰ প্ৰাণ/ভক্তসম নাই আন।।তযু ধনবিত্ত আছে যত যত/সমস্তে জানো আমাৰ।তোমাক লভিলো সব দ্ৰব্য পালো/নলাগয় কিছু আৰ''।।
গুৰুজনাৰ এই আদৰ্শই কি কয়।শংকৰদেৱ সংঘৰ ওচৰত নিজকে সমৰ্পন কৰা এজন ভকত বৈষ্ণৱে সমস্ত উজাৰি সংঘক ভাল পায়। তেনে স্থলত কাৰোবাৰ কাষলৈ গ'লেই, কাৰোবাৰ সংগ ল'লেই তেওঁলোক অশুচি হৈ যোৱাৰ ধাৰণা কিমান গ্ৰহণযোগ্য?
প্ৰতিজন ধৰ্মপ্ৰাণ লোকে আন ধৰ্মক সন্মান জনোৱাতো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। কেৱল নিজৰটোকে শ্ৰেষ্ঠ বুলি ভাবি আনৰ বোৰক অপৱিত্ৰ গণ্য কৰাতো ধৰ্মীয় অসহিষ্ণুতা নহয়জানো।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি মানুহৰ এক সশ্ৰদ্ধ ভাৱ, দৃষ্টিভংগী আছে। সেই দৃষ্টিভংগীত আঘাত হানিব পৰা কোনো কামে সংঘৰ মৰ্যদাক লাঘৱ কৰে। ই আনৰ ধৰ্মীয় আৱেগ আৰু অধিকাৰক প্ৰভাৱ বিস্তাৰ কৰে।
শংকৰদেৱে সমাজত যি সমতা, গণতান্ত্ৰিক চেতনা আৰু শৃংখলা আনিছিল সি সাধাৰণ মানুহৰ জীৱন-ধাৰণত এক উচ্চ সাংস্কৃতিক মৰ্যদা প্ৰদান কৰিছিল। সেই প্ৰগতিশীল দৃষ্টিভংগীক এক ধৰ্মীয় চেতনাৰে আৱদ্ধ কৰি কোনো কি পুহিব পাৰিব নোৱাৰিব তেনে সংকীৰ্ণতাক প্ৰশ্ৰয় দিয়াতো উচিত হৈছেনে?
সামাজিক বৈশিষ্টবোৰৰ ধাৰক আৰু বাহক সাধাৰণ প্ৰজাহে। এই সৃষ্টিশীলতাক গতি প্ৰদান কৰি তাক সংহতিপূৰ্ণ সংস্কৃতিবান আৰু ৰুচীপূৰ্ণ কৰাৰ বিপৰীতে সংকীৰ্ণতাৰ অদৃশ্য জালেৰে শংকৰদেৱ সংঘই ভকত সকলক বান্ধি ৰখা নাইনে।
শংকৰদেৱ সংঘৰ শেহতীয়া পদাধিকাৰ নিৰ্বাচনত কোনো অনিয়ম বা সংবিধান বিৰোধী কাম হোৱা নাইনে? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানত উল্লেখ আছে পদাধিকাৰ নিৰ্বাচনৰ পদ্ধতিৰ কথা । সংবিধানৰ ৫৩ পৃষ্ঠাত উল্লেখ থকা মতে পদাধিকাৰ পদৰ বাবে সংঘৰ নীতি আদৰ্শৰ প্ৰতি প্ৰকৃত আস্থাভাজন, সংঘৰ নিয়মেৰে শৰণীয়, ভজনীয়া নাম প্ৰসংগত অভিজ্ঞ আৰু কমেও ২০ বছৰ কাল নিৰবচ্ছিন্নভাৱে সংঘৰ কামত জড়িত থকা ৩ গৰাকী উপযুক্ত সংগীৰ নাম তালিকা তেখেত সকলৰ সন্মতি সাপক্ষে কাৰ্যনিৰ্বাহক কমিটিয়ে প্ৰস্তুত কৰিব।
এক অৰ্থত এনে এজন পদাধিকাৰ হ'ব পৰা উপযুক্ত ব্যক্তি পেনেল প্ৰস্তুত কৰিব লাগে। ২০২৩ বৰ্ষৰ বাবে নিৰ্বাচিত পদাধিকাৰৰ ক্ষেত্ৰত তেনে পেনেল প্ৰস্তুত কৰা নাছিল নেকি? বিনা প্ৰতিদ্বন্দিতাৰে পদাধিকাৰ নিৰ্বাচন হোৱা বুলি কোনোবাই দাবী কৰিলে সেয়া সংবিধান ভংগ নহ'বনে?
শ্ৰীমন্ত শংকৰদেৱ সংঘই চৰকাৰৰ পৰা অনুদান লয়। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘ পৰিচালনা ক্ষেত্ৰত স্বচ্ছতা আৰু সেই সন্দৰ্ভত কিবা জানিব লগা থাকিলে প্ৰশ্ন কৰিব পৰা অধিকাৰ প্ৰতিজন লোকৰেই থাকিব পাৰে।
শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱৰ চৰিত্ৰ আৰু বিনম্ৰতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। সঁচাকৈয়ে প্ৰতিজন ভকত বৈষ্ণৱ , বাপ-আই অতি বিনম্ৰ।কিন্তু নতুনকৈ নিৰ্বাচিত পদাধিকাৰৰ ক্ষেত্ৰত অভিযোগ উঠিছে যে এখন সন্মানীয় মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত হৈ থাকোতে তেখেতে ছাত্ৰ বৃত্তি ধন আত্মসাৎ কৰাৰ অপৰাধত কাৰাবাস খাটিব লগা হৈছিল।
এই অভিযোগ কিমান সঁচা বা মিছা। সন্মানীয় এগৰাকী পদাধিকাৰৰ বিৰুদ্ধে এনে চৰ্চা চলাতো অতি পৰিতাপৰ কথা। মুকলিকৈ বিষ্ণু ফুকন নামৰ এজন লোকে সামাজিক মাধ্যমত তেনে অভিযোগ তুলিছে। আহ্বান জনাইছে নৱ নিৰ্বাচিত পদাধিকাৰ ভৱেন ডেকাক । সংঘৰ কুশল কামনা কৰিলে পদাধিকাৰ পদত নবহিবলৈ জনোৱা আহ্বান সংঘৰ প্ৰতিজন বাপ-আইৰ বাব অতি বেদনাদায়ক।
ইয়াৰোপৰি চৰাইদেউত অনুষ্ঠিত হ'বলগীয়া ২৯ সংখ্যক শিশু যুৱ আই-মাতৃ সমাৰোহৰ আগমুহুৰ্তত অশ্ৰুসিক্ত নয়নেৰে এজন আদৰণি সমিতিৰ বিষয় ববীয়াই কিয় ক'ব লগা হ'ল ।এই পৰিস্থিতিৰ বাবে তেওঁ অত্যন্ত মৰ্মাহত। শংকৰদেৱ সংঘৰ মঞ্চত এই কথাবোৰ আলোচনা হ'ব লাগে বুলি তেওঁ পোষকতা কৰিলে।
সংঘক নতুন গৌৰৱেৰে গৌৰান্বিত কৰি তুলিব পৰা পৰিৱেশ গঢ়ি তুলিবলৈ জনোৱা আহ্বান নে কি সূচায়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত লবীগিৰী চলা নাইনে? সংঘৰ ভিতৰচৰাত চলি থকা ৰাজনীতিয়ে সংঘৰ মৰ্যদাত আঘাত হানিছে।
ইয়াক অস্বীকাৰ কৰিলে নহ'ব। অনুধাৱন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই কথাবোৰ বিচাৰ কৰক। অভিযোগবোৰ সন্দৰ্ভত সময় থাকোতেই ব্যৱস্থা গ্ৰহন কৰক। নহ'লে দেখিব অসম সাহিত্য সভাৰ দৰে সংঘতো আন এজন বিশেষ লোকৰ জন্ম হ'ব।