মৃদুল কুমাৰ সন্দিকৈ
ঘৰলৈ আহি আছিল। প্ৰচণ্ড জোৰেৰে দ্ৰুত বেগী বাইকখনে চাইকেলেৰে আহি থকা মানুহজনক খুন্দা মাৰিছে। খৰখেদাকৈ চাইকেল আৰোহীজনক গহপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
চিকিৎসকে এটাই শব্দ কৈছিল- 'নাই'। তাৰ পাছত সৰগ মূৰত ভাঙি পৰিছিল পৰিয়ালটোৰ। পৰিয়াল মানে পত্নী আৰু দুই পুত্ৰ ক্ৰমে বিতু আৰু ঋতু। বিতু ডাঙৰ। বিশেষ ভাৱে সক্ষম।
ঋতু সৰু। বিতু পঢ়ে ক্লাছ ছেভেনত। ঋতু ক্লাছ ছিক্সত। হৃদৰোগৰো ৰোগী বিতু। মানুহজনৰ নাম ধনবৰ ভূঞা। ব্ৰহ্মজানৰ কঠাইচুকত ঘৰ। কামলৈ ওলাই নগ'লে পৰিয়ালটোৰ চৰুৰ তলৰ জুই নজ্বলে।
সেয়েহে পূজাৰ দিনাও কামলৈ গৈছিল ধনবৰ ভূঞা। উভতাৰ পথত সৰু ল'ৰাই কোৱাৰ দৰেই মিঠাই মেগী আদিও কিনিও লৈছিল ঘৰলৈ বুলি। ঘৰ আহি নাপালেহি সেইবোৰ। গহপুৰৰ পৰা ৫ কিলোমিটাৰমান দূৰৰ ব্ৰহ্মজানত ৰৈ আছিল তেওঁৰ বাবে মৃত্যু।
চাইকেলত আঁৰি থোৱা মিঠাই, মেগীৰ বেগটো ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চিটিকি পৰিছিল। ঘৰৰ মূল মানুহজনৰ মৃত্যু পিছত দিশহাৰা হৈ পৰিছিল দীপা ভূঞা।
চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা আন আনুষ্ঠানিকতা সম্পন্ন কৰাৰ সময়ত মাতৃৰ বুকুত সোমাই সৰু পুত্ৰ ঋতুৱে উচুপি উচুপি কন্দা আৰু কোৱা কথাবোৰ কোনো হৃদয়বান লোকে শুনিলে চকু পানী নোটোকাকৈ থাকিব নোৱাৰে।
গহপুৰৰ সাংবাদিক ভূৱন শইকীয়াৰ কেমেৰাত বন্দী হৈছিল সেই দৃশ্য। তাৰ পাছত সংবাদ মাধ্যম, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল সেই দৃশ্যবোৰ। পূজাৰ আনন্দৰ মাজত বিষাদৰ সেই গাথাই সকলোকে চুই গৈছিল।
উস্ কি যান্ত্ৰণাদায়ক ! কিমান অসহায় আৰু বেদনাৰ মাজত মাতৃ-পুত্ৰই দুয়োৱে দুয়োকে কোৱা কথাবোৰেই তেওঁলোকৰ দুখ বুজিবলৈ যথেষ্ট। সেই দৃশ্য চাই নীৰৱে উচুপা মানুহবোৰে ক'বলৈ বাধ্য হৈছিল- 'ইমান দুখ কিয় দিলা ভগৱান?'
দৃশ্যবোৰ দেখাৰ পাছত সেই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ বহুতে আগ্ৰহ কৰিছে। ভূৱন শইকীয়াই নিজেও উদ্যোগ লৈ যিখিনি পাৰে কৰি গৈছে। ৩ দিন হৈ গ'ল দশমী দিনা ধনবৰ ভৃঞাৰ মৃত্যু হোৱাৰ।
কোনোবাজনে পৰিয়ালটোৰ পৰিচয়, ঠিকনা, একাউণ্ট নম্বৰ বিচাৰি ফোন কৰিছে। শুধিছে আছে নেকি সবিশেষ। এই দৃশ্য দেখাৰ পাছত স্থিৰেৰে থাকিব পৰা নাই। ভূৱন শইকীয়াই পৰিয়ালটোৰ সম্ভেদ দিলে। দিলে বিচৰাখিনি।
ভৱেন সন্দিকৈ পৰিয়ালটোৰ পৰিচয় বিচৰাসকলৰ ভিতৰত অন্যতম। ক'লে পৰিয়ালটোৰ বাবে কিবা এটা কৰিবৰ বাবে তেওঁ ইচ্ছুক। একাউণ্ট নম্বৰটো পালে তেওঁ পৰিয়ালটোক পাৰ্যমানে সহায় কৰিব খোজে।
এই সমগ্ৰ ঘটনাক লৈ এটা লেখা লিখিবলৈ কৈ ক'লে- সেই পৰিয়ালটোৱে চৰকাৰে ঘোষণা কৰা আঁচনিসমূহৰ হিতাধিকাৰী হয়নে? লগতে জানিব বিচাৰিলে, দেউতাকে এখন চাইকেল দিয়াৰ কথা সৰু পুত্ৰক। দেউতাকৰ অনুপস্থিতিত সেই দায়িত্ব তেওঁ নীৰৱে ল'ব খোজে।
এয়া মাত্ৰ উদাহৰণ হে। সেই ভিডিঅ'বোৰৰ কথাবোৰ কাণত বাজি আছে এতিয়াও। টুকুৰা টুকুৰি কৈ থকা সৰু সৰু ভিডিঅ'বোৰত কেতিয়াবা মাকে, কেতিয়াবা সৰু পুত্ৰ ঋতুৱে কৈছে- 'কিবা লাগে বুলি ক'লে ক'ৰ পৰা আনি দিম?' মাকে পুত্ৰক উদ্দেশ্যি কৈছিল।
পুত্ৰই উত্তৰ দিছিল- 'নালাগে নকও আজিৰে পৰা কিবা লাগে বুলি আৰু..., আজিৰে পৰা কিবা লাগে বুলি নকও'। মাকে পুতেকক কৈছিল দেউতাকে মেগীও লৈ আহিছিল -'মেগিও লৈ আহিছিল বোলে তহঁতলৈ, সৌৱা পেলাই থৈ দিছে।'
এটা ভিডিঅ'ত সৰু পুত্ৰ আৰু মাকৰ কথোপকথন আছিল-
: অ' মা আমি কেনেকৈ থাকিম?
: অ' দেতা...
: নাপাৱ আজিৰে পৰা দেতাক তহঁতে...
দৰিদ্ৰতাই পৰিয়ালটোক গ্ৰাস কৰি আছিল। কিন্তু এখন পৰিপূৰ্ণ ঘৰত বাস কৰিছিল তেওঁলোক। ছয়দুৱাৰ কলেজত অধ্যয়ন কৰা চিমেন চাপৰিৰ এজন ছাত্ৰ ৰূপী উদণ্ড বাইক চালক খুন্দাত প্ৰাণ গৈছিল ধনৱৰ ভূঞাৰ।
সেই শূন্যতা কেতিয়াও কোনেও পূৰাব নোৱাৰে। পূজাৰ আনন্দই এতিয়া সকলোকে চুই গৈছে। কিন্তু তাৰ মাজতে এই দুঃখবৰ আৰু চকু সেমেকি উঠা দৃশ্যই মানুহৰ চকুৰ কোণত চকুপানীৰ লোটক বোৱাইছে।
দুৰ্ভাগ্য এনেদৰেই আহে। অৰুণোদয় আঁচনি বা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ ধনবৰ ভূঞাই পোৱা নাই। পাবৰ বাবে সকলো যোগ্যতা থকাৰ পাছতো কিয় জানো চৰকাৰ আঁচনিবোৰৰ পৰা তেওঁক বঞ্চিত কৰি ৰখা হৈছে?
এতিয়া অন্ততঃ চৰকাৰৰ চকু মেল খাওক। এই দুৰ্ভাগীয়া পৰিয়ালটোৰ বাবে কিবা এটা কৰাৰ কথা ভাবক। যিসকলে হৃদয়বানে এই পৰিয়ালটোক সহায় কৰাৰ কথা ভাবিছে তেওঁলোকে পৰিয়ালটোক সহায় কৰিব পৰাকৈ বেংক একাউণ্টৰ সবিশেষ মামু দলৈ দাসৰ নামত থকা- একাউণ্ট নম্বৰ- 0161104000018674 আৰু IFSC IBKL0000161 ৰ জৰিয়তে আগবঢ়াব পাৰে। আনহাতে গুগল পে'ৰ নম্বৰ- 7085776768।
দুৰ্ভাগ্য এনেদৰেই আহে। দুৰ্ঘটনা আকস্মিকভাৱেই ঘটে। কিছুমান ঘটনাই জীৱন কি ভৱাই তোলে। জীৱন সংগ্ৰামৰ সেই পথত নঘটিব লগা এই কথাবোৰে মানুহক আৱেগিক কৰি তোলে। ব্ৰহ্মজানৰ ধনবৰ ভূঞাৰ মৃত্যুৰ বাবে আজি অনুতপ্ত। অকনমান সাৱধান হোৱা হ'লে দ্ৰুত বেগত বাইকখন নোযোৱা হ'লে হয়তো এই ঘটনা নঘটিল হেতেন !