সাজু বৰ্ষাপাৰা: উৎসৱৰ বতৰক অধিক প্ৰাণৱন্ত কৰিছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচে...

author-image
Asomiya Pratidin
New Update
সাজু বৰ্ষাপাৰা: উৎসৱৰ বতৰক অধিক প্ৰাণৱন্ত কৰিছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচে...

IN VS SA

তুষাৰ প্ৰতিম

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য- ২ অক্টোবৰত আহিব বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সময়ে সময়ে বতৰৰ আগলি বতৰা দি আহিছে। এয়া স্বাভাৱিক কথা যদিও শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই যি তথ্য প্ৰদান কৰিলে সেই তথ্যই এতিয়া অসমৰ হাজাৰ হাজাৰ ক্ৰীড়া অনুৰাগীক বিষন্ন কৰি তুলিছে।

২ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকি টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ। মেচখনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে কাউণ্টডাউন। বৰ্ষাপাৰাত এইখন হ'ব পুৰুষৰ দ্বিতীয়খন টি-২০ মেচ।

এই মেচখনৰ প্ৰাকমুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ২ অক্টোবৰত গুৱাহাটীত বৰষুণ অহাৰ প্ৰৱল সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগলি বতৰাই এতিয়া উদ্বিগ্ন কৰি তুলিছে হাজাৰ হাজাৰ ক্ৰিকেট প্ৰেমিক। নকৰিবই বা কিয় ? ২০১৯ ৰ জানুৱাৰীত ভাৰত-শ্ৰীলংকাৰ মাজৰ টি-২০ মেচখন বৰষুণৰ বাবেই পৰিত্যক্ত হোৱাৰ বেদনা আজিও দূৰ হোৱা নাই অসমৰ ক্ৰিকেট অনুৰাগী হাজাৰ হাজাৰ লোকৰ মনৰ পৰা।

মেচখনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠাৰ পিছতো বৰষুণৰ বাবেই মেচখন অনুষ্ঠিত কৰিব পৰা নগ'ল। ভাৰত-শ্ৰীলংকা দুয়োটা দলে খেলপথাৰত নামিবলৈ সাজু হৈ থকাৰ পিছতো বৰষুণৰ বাবেই খেলপথাৰত নামিব নোৱাৰিলে। যাৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হ'ল সেই মেচখন।

ইয়াৰ পৰৱৰ্তী সময়ত এই বিষয়টোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ কথা সকলোৱে জানে। নতুনকৈ আৰু সেইবোৰ এতিয়া উল্লেখ কৰাৰ প্ৰয়োজন নাই। অতীতৰ সেই ভুলৰ পৰা অসম ক্ৰিকেট সন্থাই শিক্ষা গ্ৰহণ কৰিছে। সেয়েই ভুলৰ শুধৰণি কৰিয়েই অসম ক্ৰিকেট সন্থাই এইবাৰ প্ৰতিকুল বতৰকো নেওচি মেচখন সফলতাৰে অনুষ্ঠিত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। আমেৰিকাৰ পৰা আমদানি কৰি আনিছে পীটছ ঢাকিব পৰা বিশেষ সামগ্ৰী।

বৃহস্পতিবাৰে বিয়লি অসমত উপস্থিত হ'লহি ভাৰতীয় ক্ৰিকেট দলটোৰ সদস্যৰ লগতে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলটোৰ সদস্যসকল। আনহাতে আঘাটৰ বাবে দলৰ পৰা বাদ পৰা যশপ্ৰীত বুমৰাহৰ স্থানত দলত অন্তৰ্ভুক্ত হোৱা মহম্মদ ছিৰাজ শুকুৰবাৰে আৰু আজি ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শৰ্মা গুৱাহাটীত আহি উপস্থিত হৈছে।

প্ৰায় ৪০ হাজাৰ দৰ্শকৰ উপস্থিতি চূড়ান্ত হোৱা মেছখনৰ বাবে অসমৰ ক্ৰিকেট অনুৰাগীৰ মাজত পূৰ্বৰে পৰা ব্যপাক উৎসাহ উদ্দিপনা দেখা গৈছিল। সাধাৰণ দৰ্শকৰ বাবে অনলাইন মাধ্যমেৰে মুকলি কৰি দিয়া সকলো টিকট মুহূৰ্ততে শেষ হৈ যোৱাৰ বাবে বহু লোকে পূৰ্বেৰে পৰা মেচখন ষ্টেডিয়ামত উপস্থিত থাকি উপভোগ কৰিবলৈ ইচ্ছা থকাৰ স্বত্বেও বঞ্চিত হ'বলগীয়া হৈছে।

তথাপিও আক্ষেপ নাই। সকলোৰে মনত এটাই আশা সফলতাৰে সমাপ্ত হওক বৰ্ষাৰ মেচখন। ভাৰতীয় দলে শৃংখলাৰ প্ৰথম মেচখনত দুৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে বিজয় সাব্যস্ত কৰাৰ দৰেই গুৱাহাটীতো সেই ধাৰাবাহিকতা অব্যাহত ৰাখক।

বৰ্ষাপাৰাৰ পীটছে বেটিং সহায়ক নে বলিং সহায়ক সেই কথা স্পষ্টকৈ ক'ব নোৱাৰি যদিও এই পীটছখন য়ে ধীৰ গতিৰ সেয়া নিশ্চিত। ইয়াত ৩০০ ৰো অধিক স্ক'ৰ হোৱাৰ ৰেকৰ্ড আছে।

বৰ্ষাপাৰাত একমাত্র পুৰুষ ODI মেচখন অনুষ্ঠিত হৈছিল ২১ অক্টোবৰ ২০২৮ ত। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা মেচখনত ভাৰতে ৱেষ্ট ইণ্ডিজক ৮ উইকেটত পৰাস্ত কৰিছিল।

আনহাতে একমাত্ৰ পুৰুষ টি-২০ মেচখন অনুষ্ঠিত হৈছিল ১০ অক্টোবৰ ২০১৭ত। মেচখন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল য'ত অষ্ট্ৰেলিয়াই ৮ উইকেটত জয়লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ২০১৯ত ভাৰত-শ্ৰীলংকাৰ মাজৰ মেচখন বৰষুণৰ বাবে পৰিত্যক্ত আছিল।

এইবাৰ বৰ্ষাপাৰাৰ মেচখনকলৈ সকলো আশাবাদী। এফালে শাৰদীয় উৎসৱৰ বতৰ আনফালে নিয়ৰসিক্ত সন্ধিয়া ক্ৰিকেটৰ মহাৰণ। গুৱাহাটীবাসীৰ বাবে যেন এইবাৰ শৰৎ কেৱল উপভোগৰ বাবেহে আহিছে।

দিনত সপ্তমিৰ পূজা কৰি সন্ধিয়া ২২ গজৰ ৰণ চাবলৈ যাব। কেনে এক মাদকতা। মহানগৰীৰ ভীৰ, যানজত নেওচি সকলো বৰ্ষাপাৰলৈ যাবলৈ সাজু হৈছে। সামাজিক মাধ্যমতো মেচখনক লৈ বহু চৰ্চা।

প্ৰিয় ক্ৰিকেটাৰজনক এবাৰ কাষৰ পৰা চাবলৈ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ, হোটেল ৰেডিশ্যন ব্লুৰ বাহিৰত শতাধিকে ভিৰ কৰিছে যদিও প্ৰিয় ক্ৰিকেটাৰজনক এতিয়াও কাষৰ পৰা চাবলৈ সক্ষম হোৱা নাই। বৰ্ষাপাৰা ষ্টেডিয়ামৰ বাহিৰতো এই দুদিন শতাধিকে ভিৰ কৰিছে।

ভাৰতীয় দলটোৰ লগত গুৱাহাটীত উপস্থিত হোৱা ক্ৰিকেটাৰসকলৰ মাজত আছে কেপ্টেইন ৰোহিত শৰ্মা। আছে কিং কোহলি। কে এল ৰাহুল, শ্ৰেয়াস আয়াৰ অক্ষৰ পেটেল, আশ্বীন, দীনেশ কাৰ্তিক, ঋষভ পণ্ট।

আহিছে সূৰ্যকুমাৰ যাদৱ। মহম্মদ ছামি ছিৰাজ, উমেশ যাদৱ, য়ুজবেন্দ্ৰ চাহাল, হৰ্ষেল পেটেল, দীপক হুদা আৰু অৰ্শদ্বীপ সিং।

মুখ্য প্ৰশিক্ষক দ্যা ৱাল হিচাপে খ্যাত ৰাহুল দ্ৰাবিড় আছে দলটোৰ লগত। আনহাতে ধাৰাভাষ্যকাৰ হিচাপে উপস্থিত থাকিব লিটল মাষ্টাৰ সুনীল গাভাস্কাৰ, পূৰ্বৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰি। আৰু আছে সঞ্জয় মাঞ্জাৰেকাৰ, আকাশ চোপ্ৰা আৰু মুৰুলী কাৰ্তিক।

অসম ক্ৰিকেট সন্থাই প্ৰকাশ কৰা অনুসৰি সাধাৰণ দৰ্শক আৰু অভ্যাগত মিলাই ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ এই টি-২০ মেচখন ষ্টেডিয়ামৰ গেলাৰীত বহি ৪২ হাজাৰ লোকে উপভোগ কৰিব। ষ্টেডিয়ামত প্ৰৱেশ কৰিবৰ বাবে সাজু আছে মুঠ ৮ খনকৈ প্ৰৱেশদ্বাৰ। ইয়াৰে ৬ খন প্ৰৱেশদ্বাৰ মুকলি থাকিব সাধাৰণ দৰ্শকৰ বাবে।

ইয়াৰ উপৰিও বি চি চি আই, সংবাদ মাধ্যমৰ লোকৰ লগতে ভি ভি আই পি, ভি আই পি আদিৰ বাবে সাজু কৰি ৰখা হৈছে ১৮ টাকৈ শীততাপ নিয়ন্ত্ৰিত কোঠা। ক্ৰিকেট বিশেষজ্ঞৰ মতে গুৱাহাটীৰ মেচখনত ভাৰতেই ফেভাৰিত।

ইফালে মেচখন উপভোগ কৰিবলৈ বি চি চি আইৰ সচিব জয় শ্বাহক নিমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব পৰা গৈছে। ষ্টেডিয়ামৰ গেলাৰীত অতিথিৰ শাৰীত অন্যান্য লোকৰ লগতে জয় শ্বাহকো দেখিব। উপস্থিত থাকিব বি চি চি আইৰ আন আন বিষয়ববীয়াৰ লগতে থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।

assam guwahati bcci assam cricket association INDIA VS SOUTH AFRICA BARSHAPARA