আইজলত ইজৰাইলৰ এজন ইহুদি...
মৃদুল কুমাৰ সন্দিকৈ
অপ্ৰত্যাশিতভাৱে মানুহজনক লগ পাই গ'লো। আইজল চহৰৰ এটা পথৰ কাষত। পথটোৰ কাষত থকা এখন আৰামী বেঞ্চত বহি তেওঁ তন্ময় হৈ দূৰৈৰ পাহাৰলৈ চাই ছিগাৰেটৰ শেষ হুপাটো মাৰি ধোঁৱাখিনি মুখেৰে উলিয়াই দিছে।
দেশৰ ভিতৰতে অন্যতম পৰিস্কাৰ চহৰ মিজোৰামৰ ৰাজধানী আইজল। ছিগাৰেটৰ শেষ অংশ তেওঁ বহি থকা বেঞ্চখনৰ পৰা উঠি আহি ডাষ্টবিনটোত পেলাই আৰামী বেঞ্চখনত বহোঁতেই তেওঁক সুধিছিলো আপুনি ক'ৰ পৰা আহিছে?
বহুদিনৰ চিনাকী মানুহৰ দৰে আগ্ৰহেৰে তেওঁ জনালে- তেওঁৰ ঘৰ ইজৰাইলত। আৰামী বেঞ্চখনৰ কাষতে এটা সৰু পিঠিত লোৱা বেগ থৈ দিছিল তেওঁ। সম্ভৱতঃ তাতেই তেওঁৰ প্ৰয়োজনীয় নঠি-পত্ৰবোৰ আছিল।
সেই বেগটোৰ ৰছীডাল বান্ধি মোৰ ফালে চাওঁতেই তেওঁৰ প্ৰতি মোৰ দ্বিতীয় প্ৰশ্নটো আছিল- ইজৰাইলৰ পৰা আপুনি ভাৰতলৈ কেতিয়া আহিল? তেওঁ জনালে- ভ্ৰমণ কৰাটো তেওঁৰ চখ। তিনিমাহৰ আগতেই তেওঁ ঘৰৰ পৰা ওলাই আহিছে।
ভাৰত ভ্ৰমণ কৰি তেওঁ আৰু কিছুদিনৰ পিছত ইজৰাইললৈ উভতিব। মানুহজনৰ মুখত চিন্তাৰ কোনো চাপ নাই। হামাছৰ আক্ৰমণৰ পাছত যুদ্ধৰ বিভিষীকাই বেৰি ধৰা ইজৰাইলত থকা তেওঁৰ পৰিয়ালৰ খবৰ আৰু যুদ্ধজৰ্জৰ এই পৰিস্থিতিয়ে তেওঁক চিন্তিত কৰা নাই নেকি বুলি জানিব বিচৰাত, তেওঁ সাধাৰণ ভাৱেই কৈছিল যিবোৰ চলি আছে, চলি থাকিব। তেওঁ নিজৰ কাম কৰি ঘৰলৈ উভতিব।
তেওঁৰ নাম লিঅ'। এজন ইহুদি। এজন দেশ আৰু জাতিক অত্যন্ত ভাল পোৱা ইজৰাইলি।মানুহজনৰ সৈতে খুব বেছি আধাঘণ্টা সময় সেই স্থানত কটাইছিলো। তাৰ বেছিভাগ সময় মানুহজনে কৈ গৈছিল ইজৰাইল আৰু ইহুদিৰ কথা।
তেওঁৰ মতে বিশ্বৰ বিজ্ঞান, সাহিত্য আৰু মানৱ সভ্যতাৰ বিকাশত বিভিন্নধৰণে ইহুদিসকলে অৱদান আগবঢ়াই গৈছে। তেওঁ ক'লে সেই উৎকৰ্ষ আৰু মানৱ জাতিৰ প্ৰতি ইহুদিৰ অৱদান কেৱল ইহুদিৰ বাবে নহয়। ই এক সামগ্ৰিক বিকাশৰ আধাৰ।
মানুহজন ভ্ৰমণকাৰী হ'লেও কুটনৈতিক, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক সকলো দিশতেই তেওঁৰ আছে দখল। ভাৰত আৰু ইজৰাইলৰ প্ৰসংগত তেওঁ কৈদিলে কাৰ্গিলৰ যুদ্ধৰ সময়ত ইজৰাইলেই আছিল এখন দেশ, যি ভাৰতক অত্যাধুনিক যুদ্ধৰ সা-সামগ্ৰী দি সহায় কৰিছিল।
বিশ্বত ইহুদিসকলৰ উত্তৰণৰ বাবেই তেওঁলোকৰ শত্ৰু বেছি। কিন্তু কোনোদিনেই ইহুদিসকলে সেইবোৰলৈ মন দিয়া নাই। জাৰ্মানীৰ পৰা ইহুদিৰ পলায়ন কৰা সেই ইতিহাস তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে। ১৯৪৮ চনত গঠন কৰা ষ্টেট অফ ইজৰাইল তেওঁলোকৰ প্ৰাপ্য বুলিয়েই ভাবে।
ইহুদিসকলক অৱজ্ঞা কৰিব পাৰ। কিন্তু ইহুদিসকলক বাদ দি আজি কোনেও চলিব নোৱাৰে। বৰ্তমান মানৱ সভ্যতাৰ যিফালেই চাই সেইফালেই কেৱল ইহুদিৰ অৱদান। বিশ্বৰ আটাইতকৈ সন্মানীয় পুৰস্কাৰ নোবেল। কি পদাৰ্থ বিজ্ঞান, কি ৰাসায়ণ, কি চিকিৎসা সকলোতে নোবেল লাভ কৰা এটাই জাতি আছে সেয়া হৈছে ইহুদি।
তেওঁ ক'লে- মই মোৰ ফালৰ পৰা একো নকও। আপুনি ইণ্টাৰনেটতেই বৰ্তমানলৈকে কিমানজন ইহুদিয়ে এই সন্মান লাভ কৰিছে নিজেই চাই ল'বচোন। মানুহজনক বিদায় দি আহি আইজলৰ এক দুৰ্গম অঞ্চললৈ ৰাওনা হোৱাৰ পথত গুগলত সেই তথ্য বিচাৰি চকু কপালত উঠিছিল।
এতিয়ালৈকে পদাৰ্থ বিজ্ঞানত ৫১ টা নোবোল বঁটা লাভ কৰিছে ইহুদিমূলৰ বিজ্ঞানীয়ে। সাহিত্য, অৰ্থনীতি, ৰাসায়ণ বিজ্ঞান, চিকিৎসা, শান্তিত ১৫৩ টাৰো অধিক নোবেল বঁটা লাভ কৰা ইহুদিৰ দৰে শক্তিশালী জাতি কোন আছে?
আনকি আজিৰ তাৰিখত আটাইতকৈ শক্তিশালী সামাজিক মাধ্যম ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গেই এজন ইহুদি। ইজৰাইলৰ এই নাগৰিকজনৰ সৈতে সেই কম সময়ত পতা কথাখিনিয়ে চিন্তাৰ নতুন দ্বাৰ মুকলি কৰি দিলে।
আমি মিজোৰামৰ নাগৰিক নেকি সেই কথা জানিব বিচাৰিছিল তেওঁ। মিজোৰামৰ নাগৰিক নহয় বুলি কৈ আগন্তুক মিজোৰাম নিৰ্বাচনৰ বাবে বাতৰি সংগ্ৰহ কৰিবলৈ অসমৰ পৰা অহা বুলি কোৱাত তেওঁ গুৱাহাটী ভ্ৰমণৰ কথা সোঁৱৰিছিল।
মিজোৰামৰ নিৰ্বাচনৰ খবৰ লৈছিল। কেই বছৰৰ বাবে চৰকাৰ গঠন হয় সেয়া তেওঁ নাজানে। আহিহে তেওঁ গম পাইছে মিজোৰামত নিৰ্বাচন আছে। অৱশ্যে এইবোৰ খবৰে তেওঁক কোনো প্ৰভাম্বিত কৰিব পৰা নাই।
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আইজল চহৰৰ নিৰ্মল বতাহজাকে তেওঁৰ মন ভৰাই তুলিছিল। এনেবোৰ কাৰণতে হয়তো ইহুদিসকল ব্যতিক্ৰম। কোনো কথাই তেওঁলোকক প্ৰভাম্বিত নকৰে। যি কৰিম বুলি ভাবে সেয়া কৰিহে ঘৰলৈ উভতে। ইজৰাইলৰ লিঅ' যে তাৰেই এক উদাহৰণ।