মৃদুল কুমাৰ সন্দিকৈ
অন্ত পৰিল বিতৰ্ক। এটা সুস্থ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল 'আৱাহন থিয়েটাৰ' কৰ্তৃপক্ষই। স্বীকাৰ কৰি ল'লে সেয়া ভুল আছিল। বহু প্ৰতিবাদৰ অন্তত প্ৰস্তুতি পৰাশৰে সামাজিক মাধ্যমযোগে জনালে 'লভিতা' নামৰ এই বিতৰ্কিত নাটকখন মঞ্চস্থ আৰু তেওঁলোকে নকৰে।
এক সুস্থ বিতৰ্ক হৈছিল। জ্যেতি প্ৰসাদ আগৰৱালাৰ লভিতা নাটকক অভিজিত ভট্টাচাৰ্যই যি বিকৃত কৰাৰ অভিযোগ উত্থাপিত হৈছিল, তাৰ বিৰুদ্ধে সকলো গৰ্জি উঠিছিল। জ্যোতি প্ৰসাদ আগৰৱালাৰ আমাৰ এক জাতীয় সত্বা।
জ্যোতিৰ সেই সত্বাত আঘাত দিয়া কথাটো কোনেও কোনো কাৰণতে সমৰ্থন কৰিব পৰা নাছিল। সেই কাৰণেহে প্ৰস্তুতি পৰাশ, আৱাহন থিয়েটাৰ আদিৰ প্ৰতি মানুহৰ ক্ষোভ সৃষ্টি হৈছিল।
ৰাইজ এতিয়া আস্বস্ত। এয়া কেৱল কাৰোবাৰ প্ৰতি ক্ষোভ জড়িত আৱেগ নাছিল। ভ্ৰাম্যমাণৰ সুস্থ পৰম্পৰা অটুট ৰাখিবলৈ মানুহৰ আহ্বান আৰু জনমত আছিল এয়া। ইয়াত জয়, পৰাজয়ৰ কথা নাহে। মৌলিকত্বৰ সন্ধানেৰে নিজস্বতাক ৰক্ষা কৰিবলৈ জাগি উঠা উমৈহতীয়া কণ্ঠ সদায় শক্তিশালী।
মহেন্দ্ৰ বৰঠাকুৰ অসমৰ স্বনামধন্য সাহিত্যিক, নাট্যকাৰ আছিল। তেখেতে ৰচনা কৰা ভ্ৰাম্যমাণৰ নাটকবোৰ আজিও প্ৰাসংগিক হৈয়ে আছে। প্ৰতিটো ভ্ৰাম্যমাণ দলৰ পৰা আগতিয়াকৈ নাটক লিখিবলৈ ফৰমাইছ আহিছিল।
তেওঁ বহু নাটক ভ্ৰাম্যমাণৰ বাবে লিখিছিল। সেই বুলি নাটকৰ বজাৰ মেলি বহি থকা নাছিল। ৰতন লহকৰ আহিছিল এবাৰ তেওঁৰ ঘৰলৈ। হাতত এখন দা। দ্ৰয়িং ৰুমত বহি দাখন থৈ তেওঁ মহেন্দ্ৰ বৰঠাকুৰক কৈছিল- 'নাটক দিয়ক দাদা'।
দালৈ নাটক নিবলৈ ৰতন লহকৰ অহাত প্ৰথম তেওঁ ভয় খাইছিল। কিয় এনেদৰে দালৈ আহিছে বুলি প্ৰশ্ন কৰাত কৈছিল- 'আজি নহয় আপুনি মোক নাটক দিব, নহ'লে এইখন দাৰে মোক কাটি মাৰিব লাগিব।' এয়ে আছিল ভ্ৰাম্যমাণৰ নাটকৰ পৰিৱেশ, নাটক-নাট্যকাৰৰ সম্পৰ্ক।
মহেন্দ্ৰ বৰঠাকুৰৰ অনুপস্থিতিত তেখেতৰ সহধৰ্মিনী বিবি বৰঠাকুৰে আজিও সোঁৱৰণ কৰে এই স্মৃতি। প্ৰতিজন সাংস্কৃতিক কৰ্মীৰে দায়িত্ববোধ থাকে। সেই দায়িত্ববোধে সংস্কৃতিৰ বৰভেটি গঢ়ে।
শিল্পী সদায় মানুহৰ পক্ষত থাকে। প্ৰকৃত শিল্পীয়ে মাটিৰ মানুহৰ সম্পৰ্ক ৰচে। ৰজা ঘৰীয়াৰ আশীৰ্বাদ বিচাৰি শিল্পীয়ে কেতিয়াও শিল্পক এৰি নিদিয়ে। নাটকখন বাতিল কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত এতিয়া সকলোৱে আদৰণি জনাইছে।
এটি সঠিক সিদ্ধান্ত আৱাহনৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা বুলি সাধুবাদ দিছে। সমাচোলনা যেনেকৈ কৰিব পাৰি, এটা উচিত সিদ্ধান্ত লোৱাৰ পিছত তাৰ প্ৰসংশাৰো প্ৰয়োজন আছে। কিন্তু সেই পৰিৱেশ আজিৰ পৰিস্থিতিলৈ যোৱাৰ অৱকাশেই দিব নালাগিছিল আৱাহন কৰ্তৃপক্ষই।
প্ৰস্তুতি পৰাশৰে কৈছে- মানুহৰ অনুৰোধ, দাবী, আক্ষেপ আৰু স্বাভিমানৰ গুৰুত্ব দি এই সিদ্ধান্ত তেওঁলোকে লৈছে। ৰাজনীতিৰ মেৰপাকলৈ তেওঁক নাটানিবৰ বাবে অনুৰোধ জনাইছে। তেওঁৰ বক্তব্যক সংবাদ মাধ্যমে পৃথক অৰ্থ নুলিয়াবলৈও আহ্বান জনাইছে।
প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰিছে- শিলৰ ৰেখা বুলি কোৱা বাক্যষাৰ জ্যোতি প্ৰসাদৰ নাটকৰ ক্ষেত্ৰত কোৱা নাছিল। তেওঁ কৈছিল- অভিজিত ভট্টাচাৰ্যই লিখা নাটকখনৰ সন্দৰ্ভত।
আশা কৰা হৈছে এইবোৰ বিতৰ্কৰ অৱসান হ'ব । কিন্তু কুম্ভলিক বৃত্তিৰে জ্যোতিৰ সৃষ্টিটো হাত দিবলৈ মৰসাহ কৰা অভিজিত ভট্টাচাৰ্য নামৰ নাট্যকাৰজনে হয় নাটক লিখা বাদ দিয়ক, নহয় নিজৰ মৌলিক সৃষ্টিৰে ধন্য হওক।
সংবাদ মাধ্যমত অভিজিত ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰে ঘোষণা কৰিছিল লভিতা নাটক বিকৃত কৰা নাই। কিন্তু এনে যে ভুল হৈছিল আনুষ্ঠানিক ভাৱে অভিজিত ভট্টাচাৰ্যই বা প্ৰস্তুতি পৰাশৰ হঁতে স্বীকাৰ কৰি লোৱাৰ প্ৰয়োজন আছে।
ভুল সকলোৰে হয়। কিন্তু সংশোধনে মানুহক মহান কৰে। ভুল হোৱা নাই বুলি দম্ভালি মৰা এৰক অভিজিত ভট্টাচাৰ্যই। মানুহে মৰমে যেনেকৈ আকোৱালি ল'ব পাৰে, ঘৃণাৰেও উপচাই দিব পাৰে। সেই কথা আমি সকলোৱে মনত ৰখাতো মংগলজনক।