মৃদুল কুমাৰ সন্দিকৈ
অহংকাৰ এতিয়াও এৰা নাই। মূৰত ধৰা জনপ্ৰিয়তাক সম্বল কৰি 'মহাৰাণী' বুলি নিজক ভাবি থকা প্ৰৱণতাই তেওঁৰ দম্ভক স্পষ্ট ভাৱে পৰিষ্ফুত কৰিছে। নাটক শিলৰ ৰেখা নহয় বুলি কোৱাৰ ধৃষ্টতাই প্ৰমাণ কৰে তেওঁৰ মানসিকতা।
কিছুমান বিষয়, বস্তু শিলৰ ৰেখাৰ দৰেই। বৰগীত এতিয়া কোনোবাই লিখিব পাৰিলেও লিখিবলৈ দিয়া নহয়। জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজীও তেনে এক বিষয়। 'লভিতা' জ্যোতিপ্ৰসাদৰ হৈ আছিল আৰু অসমীয়া জাতি জীয়াই থকা লৈকে জ্যোতি প্ৰসাদৰ হৈ থাকিব।
নাটকখনৰ মঞ্চায়ন বন্ধ কৰি ভুল স্বীকাৰেৰে বিষয়টোক ইতি নেপেলাই আকোঁৰগোজ হৈ ক'তনো ভুল কৰিছো বুলি কৈ থকাতোৱেই আন এটা ডাঙৰ ভুল। সেই ভুলক স্বীকাৰ নকৰি থিয়েটাৰ চাবলৈ মানুহ আহিছে বাবেই লভিতা নাটকৰ বিকৃতকৰণক নায্যতা দিব খোজাতো কোনো কাৰণতেই মানি ল'ব নোৱাৰি।
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত বহু নাটক সৃষ্টি হ'ল। ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰা আৰম্ভ কৰি হেমন্ত দত্ত, মহেন্দ্ৰ বৰঠাকুৰ আদি মহীৰূহ নাট্যকাৰসকলৰ নাটকে সমৃদ্ধ ভ্ৰাম্যমাণৰ ইতিহাস। সেই ইতিহাসক কলংকিত কৰাসকলে মানুহৰ ধৈয্য আৰু আৱেগৰ পৰীক্ষা আৰু বেছি ল'বলৈ চেষ্টা নকৰাই মংগলজনক।
আজি প্ৰস্তুতি পৰাশৰক এই পৰ্যায়লৈ যদি কোনোবাই নিছে তেনেহ'লে সেয়া চিনেমা, থিয়েটাৰ চোৱা দৰ্শকসকলেহে নিছে। ভ্ৰাম্যমাণৰ নাটক লিখি প্ৰতিষ্ঠা লাভ কৰা অভিজিত ভট্টাচাৰ্য নামৰ নাট্যকাৰ জনক দৰ্শকৰ মৰমেহে এই ঠাই দিছে।
তেওঁলোকে যদি ভাবি আছে, এতিয়া তেওঁলোকে যি ইচ্ছা তাকেই কৰি যাব আৰু অসমৰ মানুহ তথা অসমীয়া সমাজে সেইবোৰ চকু মুদি সহ্য কৰিব সেয়া কেতিয়াও হ'ব নোৱাৰে। লভিতা নাটকক লৈ সম্পৰীক্ষা হওক।
জ্যোতিপ্ৰসাদক অৱজ্ঞা কৰি নিজৰ নামত লভিতা নাটক লিখি ৰজা ঘৰৰ কৃপা লাভৰ বাবে ৰাজনৈতিক শ্ল'গান দিয়াটো কিমান ভুল হৈছিল সেই উপলব্ধি আজিও এইসকলে নকৰাটো অত্যন্ত পৰিতাপৰ বিষয়।
বাঘে কেতিয়াও শিয়ালৰ দৰে হোৱা নিদিয়ে। আনৰ সৃষ্টিৰে ধন্য হ'ব খোজা জ্যোতি প্ৰসাদক বিক্ৰী কৰিব খোজা জ্যোতিৰ নামত আৱেগৰ ঢৌ সৃষ্টি কৰি বেপাৰ কৰিব বিচৰাসকলে কেতিয়া সাৰ পাব?
মানুহে ইয়াতকৈ আৰু কঠোৰ ভাষাৰে সমালোচনা কৰিছে। সুস্থ আৰু ৰুচিসম্পন্ন নাটকেৰে ভ্ৰাম্যমাণৰ গৰিমা অটুত ৰাখিবলৈ আহ্বান জনাইছে। প্ৰস্তুতি পৰাশৰে দিয়া স্পষ্টিকৰণক হাজাৰ হাজাৰ মানুহে কোৱা কথাবোৰ, মন্তব্যবোৰ তেওঁ পঢ়িবলৈ আজৰি পাইছেনে?
কোনো ঠাইত এই নাট্য গোষ্ঠীটোক বৰ্জন কৰাৰো সিদ্ধান্ত লোৱা হৈছে। জাতীয় দল-সংগঠনৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকৰ সৰল আহ্বানক কোনো গুৰুত্ব নিদিয়াৰ কাৰণ ব্যৱসায় নহয়নে?
নাটকখনৰ সৈতে জড়িত কেইটামান পৰিয়াল পেটে ভাতে মৰিব বুলি প্ৰস্তুতি পৰাশৰে দিয়া যুক্তি হাস্যকৰ। আনহে নালাগে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই মাত মাতিব লগা হৈছে ইয়াৰ বিৰুদ্ধে।
তেওঁলোকে স্পষ্টিকৰণ দিছে যে, লভিতা নাটকৰ ওপৰত হোৱা বিভিন্ন দল, সংগঠন অনুষ্ঠান, প্ৰতিষ্ঠানৰ প্ৰতিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি প্ৰযোজক সন্থাই এই কাৰ্যক গৰিহণা দিছে। জাতীয় চিন্তা, চেতনাৰ কৰ্ণধাৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি 'লভিতা'ক লৈ অভিজিত ভট্টাচাৰ্যই যি কৰিছে তাত তেওঁলোকো ক্ষোভিত হৈছে।
এনে কাৰ্য সমৰ্থন নকৰো বুলি উল্লেখ কৰি অসমৰ জন জীৱনৰ মহান পুৰুষ সকলৰ লিখিনি, সভ্যতা সংস্কৃতি লৈ বেপাৰ বাণিজ্য নকৰিবলৈ আহ্বান জনাইছে। তাৰ পাছত প্ৰস্তুতি পৰাশৰে এতিয়াও যদি একো নহয় বুলি ধন আৰু ক্ষমতাৰ জোৰত এই কাম কৰি যায় তাৰ পৰিণাম নিশ্চয় সময়ে অতীতৰ বাবে সাঁচি থ'ব।
অভিজিত ভট্টাচাৰ্যৰ বিৰুদ্ধে এইটোৱেই নহয় আৰু বহু অভিযোগ উঠিছে। নাটকখনত ব্যৱহাৰ কৰা গানো চুৰি কৰা বুলি কথা ওলাইছে। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি ইমানেই দুৰ্বল নে নিজা মৌলিক সৃষ্টি কৰিবলৈ মানুহৰ অভাৱ?
প্ৰস্তুতি পৰাশৰহঁতৰ শুভ বুদ্ধি উদয় হওক। ভ্ৰাম্যমাণৰ ঐতিহ্য নষ্ট কৰি বেপাৰ কৰাৰ প্ৰৱণতা তেওঁলোকে এৰক। নাটকখনক লৈ হোৱা প্ৰতিক্ৰিয়াক সন্মান দিবলৈ শিকক। চালে-বেৰে কোবোৱা কথাবোৰেৰে নিজক ৰক্ষা কৰিবলৈ এৰক।
অসমীয়া সংস্কৃতিত যদি তেওঁলোকেই এনেদৰে আঘাত হানে বাকী থাকিব কি? সহজ-সৰল ৰূপত কথাবোৰ কৈ ভিতৰি এনেকুৱা কামৰ পৃষ্ঠপোষকতা কৰিবলৈ তেওঁলোকৰ সাহস কেনেকৈ হ'ল?
ৰাজ্যত সাংস্কৃতিক বিভাগ আছে। সেই বিভাগৰ এজন দায়িত্বশীল মন্ত্ৰী আছে। তেওঁলোকেও বিষয়বোৰ মন কৰক। জ্যোতিৰ ৰচনাৱলীৰ প্ৰকাশ কৰিছিল অসম প্ৰকাশন পৰিষদে। সেই সূত্ৰে এই লেখাবোৰৰ আইনগত অধিকাৰ বা কপিৰাইট পৰিষদৰ থাকিব পাৰে। তেওঁলোকেও ব্যৱস্থা লওক।
শুনিছেনে প্ৰস্তুতি পৰাশৰে এইবোৰ কথা? ব্যস্ততাৰ দোহায় দি জনতাৰ এই কথাবোৰ তেওঁ নুশুনাকৈ কিমান দিন ভাও ধৰি থাকিব? এই বিতৰ্কৰ অৱসান প্ৰস্তুতি পৰাশৰহঁতেই কৰিব লাগিব। নাট্যগোষ্ঠীটোৰ পৰা নাটকখন প্ৰত্যাহাৰ কৰি অসমৰ ৰাইজক আস্বস্ত কৰক যে, ভুল হ'লেও সেই ভুল স্বীকাৰ কৰি শুধৰণি কৰা হৈছে।