মৃদুল কুমাৰ সন্দিকৈ
আৰক্ষীয়ে যদি তাত অভিযান চলাই বহু মৃতদেহ উদ্ধাৰ হ'ব। সেই আশংকা সচেতন লোকৰ। সাংবাদিকে যদি ইচ্ছা কৰে তেনে কামৰ খবৰ প্ৰতিদিনাই প্ৰকাশ পাব। বন বিভাগে যদি ব্যৱস্থা লয় তেনে সেই কাম কৰাৰ কাৰ সাহাস থাকিব?
কয়লাৰ বাবে বিখ্যাত লিডু। কয়লাখনি আছে লিডু মাৰ্ঘেৰিটা আদিত। ন্যায়ালয়ৰ নিৰ্দেশত প্ৰায়বোৰ কয়লাখনিৰ খনন বন্ধ। কিন্তু কয়লাৰ ব্যৱহাৰ বন্ধ হোৱা নাই। কয়লা এতিয়া কোটি কোটি টকাৰ বেপাৰ।
লিডুৰ সেই অবৈধ কয়লাখনিবোৰৰ কয়লা খান্দিবলৈ যায় নামনি অসমৰ শ্ৰমিক। যোগীঘোপা, গোৱালপাৰা, গাৰোহিলছৰ বহু শ্ৰমিক আজিৰ তাৰিখতো তাত কৰ্মৰত হৈ আছে। হাতত বেগ, বেলছা লৈ তেওঁলোক সোমাই যায় খনিৰ সুৰংগ বোৰত।
কয়লাখান্দি পিঠিত বোজা লৈ বহু শ্ৰমিক উভতে। পাৰিশ্ৰমিকো তেওঁলোকৰ বৰ বেছি নহয়। সেই অবৈজ্ঞানিক পন্থাৰে পৰম্পৰাগত ভাৱে চলোৱা কয়লা খননত বহু অঘটন ঘটে। প্ৰায়ে নিৰ্গত হয় বিষাক্ত গেছ, খনিৰ সুৰংগ খহি ভিতৰত থকা শ্ৰমিক আবদ্ধ হৈ পৰে।
এইবোৰ খবৰ বা কথা সাংবাদিকে জানে। স্থানীয় সাংবাদিকসকলে সেই খবৰবোৰ জানিও যেন একো নাজানে। আৰক্ষীয়ে দেখিও চকু মুদি দিয়ে। দল, সংগঠনে নিয়মীয়াকৈ তেনে কয়লাখনিৰ মালিকৰ পৰা 'মৰম' পাই থাকে।
বন বিভাগ চকু মুদা কুলি। সাতে পাঁচে মিলি প্ৰায় সকলো মিলি ভকত হৈ এই কাম চলাই গৈছে। কিছু সংখ্যক সাংবাদিকে খবৰ দিয়ে যদিও সেই খবৰ ৰহস্যজনক ভাৱে খবৰৰ ভিতৰতে নপৰে। কিয় প্ৰকাশ নহয় খবৰ, কিয় সম্প্ৰচাৰ নহয় বাতৰিবোৰ তাৰ উত্তৰ 'টকা'।
কিমান অমানৱীয় আৰু অদায়িত্বশীল কাৰবাৰ এটা চলি আছে তাৰ উদাহৰণ ১৮ ছেপ্টেম্বৰ ২০২২, দেওবাৰে সংঘটিত এটা ঘটনা। লিডুৰ কংগ্ৰেছ ফিল্ডৰ সমীপত থকা এটা কয়লা খনিত নিৰ্গত হ'ল বিষাক্ত গেছ।
আৱেলি ভাগত সংঘটিত সেই খবৰ হয়তো বহুতে পাইছিল! শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিব লাগিছিল প্ৰশাসনে। তেনে কৰা নহ'ল। বঙাইগাওঁ জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰা জিলাৰ বাগুৱানৰ আছমত আলী মৃত্যুৰ খবৰ গোপনে ৰখাৰ হে চেষ্টা চলিল।
নিশা ১০ বজাত তেওঁলোকৰ মৃতদেহ জে চি বি লগাই পুতি পেলালে। সেই অভিযোগ আমাৰ নহয়। তেওঁলোকৰ সৈতে সেই কয়লাখনিত কাম কৰা আন একাংশ শ্ৰমিকৰ। এই অভিযোগ পৰিয়ালৰ।
তাতেই কাম কৰি থকা এজন শ্ৰমিকে সেই খবৰ অতি গোপনে পৰিয়ালক দিলে। পৰিয়ালত হাহাকাৰ লাগিল। ডেভিড নাগা নামৰ লোকজনৰ আছিল এই কয়লাখনিটো। শ্ৰমিকৰ মৃত্যুৰ খবৰ ফাদিল হোৱাৰ ভয়ত আন কেইবাজনো শ্ৰমিকক আবদ্ধ কৰি থোৱা হ'ল।
কাঢ়ি লোৱা হ'ল তেওঁলোকৰ মোবাইল। এইটো পোহৰলৈ অহা ঘটনা। এনেকুৱা অনেক ঘটনা পূৰ্বতেও সংঘটিত নোহোৱা কোনো কাৰণ থাকিব নোৱাৰে। হয়তো তেনেকুৱাই হয়, মাত্ৰ কথাবোৰ বাহিৰলৈ সকলোৱে মিলি ওলাই আহিব নিদিয়ে।
ছিণ্ডিকেটৰ বিৰুদ্ধে শ্ল'গান দিয়া, কয়লা, গৰু, চুপাৰীৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে সৰৱ হোৱা আমাৰ তথাকথিত দল, সংগঠনৰ নেতাৰ মুখ ৰুদ্ধ হৈ যায়। নামনি অসমৰ পৰা শতাধিক শ্ৰমিক লিডুত আজিও কৰ্মৰত হৈ আছে।
কয়লাখনিত কাম কৰিবলৈ যোৱা বহু শ্ৰমিক ঘৰলৈ উভতি নাহে। আৰক্ষীয়ে, প্ৰশাসনে তদন্ত কৰিলে সেই হেৰাই যোৱা শ্ৰমিকসকলক নহলেও তেওঁলোকৰ মৃতদেহ বা কংকাল সেই স্থানবোৰৰ আশেপাশে উদ্ধাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
কিয় লোৱা নহয় ব্যৱস্থা ? চৰ্দাৰৰ জৰিয়তে দৰিদ্ৰ শ্ৰমিকসকলক কয়লাখননৰ বাবে লৈ যোৱা হয়। তেওঁলোকৰ বাবে কোনো সুৰক্ষা ব্যৱস্থা নাথাকে। দুটামান টকাৰ আশাত তেওঁলোক নিজেই সেই কাম কৰিবলৈ আগবাঢ়ি যায়।
সেই শ্ৰমিকসকলৰ কথা মালিক পক্ষই বাৰু নাভাৱে। চৰকাৰে, বিৰোধীয়ে, দল, সংগঠনে, সংবাদ মাধ্যমে ভৱাৰ অৱকাশ পাব কেতিয়া? মাজে মাজে সেইবোৰ খবৰ হয়। তাৰ পাছত লিডুৰ অবৈধ কয়লা খননৰ খবৰ ৰাখিও কোনেও তাৰ বিৰুদ্ধে মাত মতাৰ প্ৰয়োজনবোধ নকৰে।
জেপবোৰ গধুৰ হ'লেই মুখবোৰ বন্ধ হৈ পৰে। এনে বহু অকথিত কাহিনী আছে সেই লিডুৰ অবৈধ কয়লাখনিত। তিনি শ্ৰমিকৰ মৃত্যুৰ খবৰ আজি দিনত মৃত্যু হোৱা স্থানৰ পৰা নাহিল। মৃত শ্ৰমিকৰ পৰিয়ালৰ কান্দোন শুনিহে সেই খবৰ খনিৰ সৈতে সম্পৰ্ক নথকাজনে দিবলগা হ'ল।
এই নেক্সাছৰ শেষ হ'বনে? ছিণ্ডিকেটৰাজ, অবৈধ কয়লাখননৰ বিৰুদ্ধে সতৰ্কবাণী প্ৰেৰণ কৰা মুখ্যমন্ত্ৰীয়ে কথাবোৰ সঁচা নে মিছা এবাৰ আৰক্ষীৰ হতুৱাই কঠোৰ নিৰ্দেশ দি গম লওক। তিনিজন শ্ৰমিকৰ মৃতদেহ জে চি বি লগাই পুতি দি সমগ্ৰ ঘটনাক গাপ দিব চেষ্টা কৰিছে যেতিয়া ইয়াতকৈও ভয়াবহ কাণ্ড এই কয়লা খননৰ নামত হৈ আছে আৰু ব্যৱস্থা গ্ৰহণ নকৰিলে হৈ থাকিব।
সকলো স্থানতেই চোকা দৃষ্টি ৰখা, সংবাদ মাধ্যমৰ দায়িত্বশীল বুলি ভবা একাংশ প্ৰভাৱশালী সাংবাদিক, সম্পাদকেও বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰক। এয়া কেৱল দায়িত্বই নহয়, সাংবাদিক হিচাপে তেনে অনিয়ম পোহৰলৈ অনাটো কৰ্তব্যৰ ভিতৰতো পৰে।