ভাৰত নহয়, পাকিস্তান জিন্দাবাদ ধ্বনি পি এফ আইৰ সমৰ্থকৰ...

author-image
Asomiya Pratidin
New Update
ভাৰত নহয়, পাকিস্তান জিন্দাবাদ ধ্বনি পি এফ আইৰ সমৰ্থকৰ...

pfi

তুষাৰ প্ৰতিম

এফালে সন্ত্ৰাসমূলক কাৰ্যকলাপৰ অভিযোগত শতাধিকক গ্ৰেপ্তাৰ আনহাতে এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আন একাংশই দিলে পাকিস্তান জিন্দাবাদ ধ্বনি। মুঠতে দেশৰ চৌপাশে এতিয়া পি এফ আইৰ অগ্নি !

দীৰ্ঘদিনৰ পৰা পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ পি এফ আইৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছিল বিভিন্ন অভিযোগ। সংগঠনটোৱে দীৰ্ঘদিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসমূলক কাৰ্যকলাপ সংঘটিত কৰি অহাৰ অভিযোগ মুকলিকৈ উত্থাপন হোৱাৰ বিপৰীতে আন বহুতেই আকৌ পি এফ আইলৈ মুকলি সমৰ্থন আগবঢ়াই আহিছে।

তাৰ মাজতেই বৃহস্পতিবাৰে অসমকে ধৰি দেশৰ মুঠ ১৫ খন ৰাজ্যত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়া, প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ই ডি,  কেন্দ্ৰীয় তদন্তকাৰী সংস্থা আৰু ৰাজ্যিক আৰক্ষীয়ে চলোৱা অভিযানত বিভিন্ন প্ৰান্তৰ পৰা শতাধিক পি এফ আইৰ নেতা, কৰ্মী আৰু ইয়াৰ লগত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত হৈ থকা লোকক গ্ৰেপ্তাৰ কৰিছে।

এই বৃহৎ অভিযানৰ অন্তত ১০৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শনিবাৰে কেৰালাৰ নিয়াৰ বিশেষ আদালতত পি এফ আইৰ গ্ৰেপ্তাৰ হোৱা নেতা, কৰ্মীসকলক হাজিৰ কৰাৰ সময়ত আদালত চৌহদৰ বাহিৰত সৃষ্টি হ’ল এক অভাৱনীয় পৰিস্থিতি।

দুটা গোটৰ মাজত সংঘাত হোৱাৰ লগতে একাংশই পি এফ আইৰ প্ৰতি সমৰ্থন জনাই  আদালত চৌহদৰ সন্মুখত দিলে পাকিস্তান জিন্দাবাদ ধ্বনি। পি এফ আইৰ সদস্য সন্ত্ৰাসমূলক কাৰ্যত জড়িত থকাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে কেৰালাত বিজেপি কৰ্মী আৰু পি এফ আইৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে।

প্ৰকাশ পোৱা মতে বিজেপি সমৰ্থকক প্ৰহাৰ কৰিছে পি এফ আইৰ কৰ্মীয়ে। আনহাতে পুনেত পি এফ আইৰ কৰ্মীক আদালতত হাজিৰ কৰাৰ সময়ত আদলত চৌহদৰ বাহিৰত শুনা গ’ল পাকিস্তান জিন্দাবাদ ধ্বনি।

ইয়াৰ পিছতে আৰক্ষীয়ে মুঠ ৪০ জন লোকক আটক কৰিছে। এই ৪০ জন লোকে আন আন সতীৰ্থৰ সৈতে আদলত চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছিল। পি এফ আইলৈ সমৰ্থন জনাই সাব্যস্ত কৰা এই প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে তেওঁলোকক আটক কৰি আৰক্ষীৰ বাহনত উঠাই লৈ যায়।

সেই  সময়তে একাংশ লোকে আদালত চৌহদত দিলে পাকিস্তান জিন্দাবাদ ধ্বনি। ইতিমধ্যে আৰক্ষীয়ে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া লোক সকলৰ বিৰুদ্ধে গ্ৰহণ কৰিছে বিহিত ব্যৱস্থা।

ইফালে  পি এফ আইৰ বিৰুদ্ধে  নিয়াৰ বিশেষ আদালতত আটক কৰা পি এফ আইৰ সদস্যসকলক নিজৰ জিম্মাত বিচাৰি ৰিমাণ্ড কপি দাখিল কৰাৰ পিছতে এই ৰিমাণ্ড কপি ফাদিল কৰিছে নিয়াই। এ এন আইত প্ৰকাশিত খবৰ মতে পি এফ আইয়ে একাংশ যুৱক-যুৱতীক লস্কৰ-ই-তৈবা, ইছলামিক ষ্টেট অৱ ইৰাক এণ্ডি চিৰিয়া চমুকৈ আই এছ আই এছ, অল-কায়দাকে ধৰি বিভিন্ন সংগঠনত যোগদান কৰিবলৈ উৎসাহিত কৰি আহিছে বুলি নিয়াই উল্লেখ কৰিছে।

পি এফ আইয়ে ভাৰতত ইছলামিক শাসন প্ৰতিষ্ঠা কৰাৰ যড়যন্ত্ৰ কৰে বুলিও উল্লেখ কৰিছে এই ৰিমাণ্ড কপিত।পি এফ আইয়ে কেৰালাত মুখ্য কাৰ্যালয় স্থাপন কৰি  দেশৰ বিভিন্ন ধৰ্ম আৰু গোটৰ মাজত শত্ৰুতা সৃষ্টি কৰি সম্প্ৰীতি নষ্ট কৰাৰ লগতে ৰাজহুৱা শান্তি বিঘ্নিত কৰাৰো অভিযোগ উত্থাপন কৰিছে।

সংগঠনটোৰ শিক্ষা শাখাৰ কাৰমানা আশ্ৰফ মৌলবী আৰু অন্যান্যসকলক ন্যায়িক জিম্মাত বিচাৰি কৰা আৱেদনত এই কথা উল্লেখ কৰিছে তদন্তকাৰী সংস্থাটোৱে।  নিয়াৰ মতে পি এফ আইয়ে ৰাজ্য আৰু ইয়াৰ প্ৰশাসন যন্ত্ৰৰ বিৰুদ্ধে ঘৃণা সৃষ্টি কৰিবলৈ চৰাকাৰী নীতিৰ ভুল ব্যাখ্যাৰে অসন্তুষ্টি বিয়পাই আছে।

 কেন্দ্ৰীয় গৃহবিভাগে পি এফ আইৰ সন্দেহমূলক কামকাজৰ প্ৰতি লক্ষ্য ৰাখি ১৬ ছেপ্টেম্বৰত এই বিষয়ে তদন্ত কৰিবলৈ নিয়াক নিৰ্দেশ প্ৰদান কৰিছিল। এই অনুসনধানৰ সময়ত নিয়াই পি এফ আইৰ সন্ত্ৰাসমূলক কামকাজৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নথিপত্ৰ, ডিজিটেল সঁজুলি আৰু বিভিন্ন লেখা মেলা জব্দ কৰিছে।

এইবোৰ নিয়াই বিশেষ আদালতত দাখিল কৰিছে। এইবোৰেই সংগঠনটোৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ প্ৰমাণ বুলি উল্লেখ কৰি পি এফ আইৰ ৰাষ্ট্ৰবিৰোধী ষড়যন্ত্ৰ  উদঘাটন কৰিব পাৰিব বুলি উল্লেখ কৰিছে।

এই সকলো তথ্য আদালতত দাখিল কৰি নিয়াই মন্তব্য কৰে যে, পি এফ আইৰ সন্ত্ৰাসমূলক কাৰ্য কলাপৰ দিশত অধিক প্ৰমাণ লাভৰ বাবেই নহয়, তেওঁলোকৰ অপচেষ্টাক প্ৰতিৰোধ কৰাৰ বাবেও অধিক তদন্তৰ প্ৰয়োজন। আনহাতে বিগত দিন কেইটাৰ অনুসন্ধানৰ সময়ত, সংগ্ৰহ কৰা সামগ্ৰীৰ ওপৰত আধাৰিত কৰি, নিয়াই আৰু কয়- এজাহাৰত নাম থকা অভিযুক্তসকল সংগঠিত অপৰাধ আৰু বেআইনী কাৰ্যকলাপত সক্ৰিয়ভাৱে জড়িত আছিল।

তেওঁলোকে সমাজৰ অন্যান্য ধৰ্মীয় শ্ৰেণীক সন্ত্ৰাসিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল। সংগ্ৰহ কৰা সামগ্ৰীৰ প্ৰাৰম্ভিক পৰীক্ষা আৰু অনুসন্ধানে এই গোচৰটোত অভিযুক্তৰ দ্বাৰা পালন কৰা আপত্তিজনক ভূমিকাৰ বিষয়েও আঙুলিয়াই দিয়ে। প্ৰতিজন অভিযুক্তৰ বিৰুদ্ধে তেওঁলোকৰ ভূমিকা আৰু কাৰ্যকলাপৰ ওপৰত এক বিতং তদন্ত কৰাৰ প্ৰয়োজন আৰু অধিক প্ৰমাণ সংগ্ৰহ কৰিব লাগিব বুলিও মন্তব্য কৰিছে।

cbi ed nia PFI