প্ৰতিবাদৰ নামত সামাজিক মাধ্যমত কিয় এই নিৰ্যাতন?

প্ৰতিবাদৰ নামত সামাজিক মাধ্যমত কিয় এই নিৰ্যাতন?
প্ৰতিবাদৰ নামত সামাজিক মাধ্যমত কিয় এই নিৰ্যাতন?
Published on
Updated on

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা জঘণ্য যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ দেশজুৰি আলোড়ণৰ সৃষ্টি কৰিছে। সৰ্বত্ৰে প্ৰতিবাদ হৈছে, অপৰাধীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী উঠিছে।

২০১২ চনৰ ডিচেম্বৰত দিল্লীত সংঘটিত হোৱা নিৰ্ভয়া কাণ্ডই দেশজুৰি জোকাৰণি তুলিছিল। সমগ্ৰ দেশবাসীয়ে এই কাণ্ডৰে জড়িত হত্যাকাৰীৰ ফাঁচীৰ দাবীৰে বিভিন্ন প্ৰতিবাদী সমদল বাহিৰ কৰিছিল।

সকলোৰে দাবী আছিল দোষীক এনে শাস্তি প্ৰদান কৰক যাতে দ্বিতীয়বাৰলৈ তেনে অপৰাধ কৰিবলৈ আন কোনোবাই সাহস কৰাটো দূৰৰে কথা চিন্তাও কৰিব নোৱাৰে। কিন্তু তাৰ পাছতো দেশত হাজাৰ হাজাৰ যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছে।

নিৰ্ভয়া কাণ্ডৰ সময়ত আজিৰ দৰে সামাজিক মাধ্যম শক্তিশালী নাছিল। তথাপিও দেশজুৰি এই ঘটনাৰ প্ৰতিবাদ হৈছিল। এই প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে আটাইকেইটা দোষীকে কৰায়ত্ত কৰিছিল।

৮ বছৰীয়া এক দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ঘটনাৰ সৈতে জড়িত ৮ দোষী ফাঁচী কাঠত ওলমিবলগীয়া হৈছিল। এজন অভিযুক্তই অনুশোচনাত ভূগি কাৰাগাৰতেই আত্মহত্যাৰ কৰিছিল।

আন এটা দোষীক নাবালক হোৱাৰ বাবেই সংশোধনৰ এক সুযোগ দি জুভেইনাল জাষ্টিছ ব’ৰ্ডলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াকে লৈ বিতৰ্কও হৈছিল।

নিৰ্ভয়া কাণ্ডই দেশত তেনে ঘটনা অন্তিমটো হওঁক বুলি আশা কৰা হৈছিল যদিও সেয়া সম্ভৱ নহ’ল। যৌন নিৰ্যাতনৰ দৰে ঘটনাৰ দোষীৰ কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে যদিও আজিও বিশেষ ফল ধৰা নাই।

নিৰ্ভয়া কাণ্ডৰ ১২ বছৰৰ পাছত পুনৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হ’ল অনুৰূপ ঘটনা। ৯ আগষ্টত নিশা কৰ্তব্যৰত এগৰাকী ৩১ বছৰীয়া স্নাতকোত্তৰত অধ্যয়নৰত চিকিৎসকক দলবদ্ধ যৌন নিৰ্যাতন চলাই হত্যা কৰা হ’ল।

এই ঘটনা পোহৰলৈ অহাৰ পাছতেই পুনৰ দেশজুৰি প্ৰতিবাদ হৈছে। সমদল বাহিৰ হৈছে। চিকিৎসকে ধৰ্মঘট কৰিছে। ঘটনাৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই লৈছে, ন্যায়ালয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে।

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ এই ঘটনা কোনো সভ্য সমাজৰ বাবে কাম্য নহয়। সকলো মাধ্যমতে, সকলো ধৰণে ইয়াৰ বিৰোধিতা হ’বই লাগিব। এই ঘটনাৰ সৈতে কোনো ৰাজনীতি অথবা তদন্ত প্ৰক্ৰিয়াত কোনো খেলিমেলি সহ্য কৰাও নহ’ব।

কিন্তু এই প্ৰতিবাদৰ মাজতে আমি নিজকে এবাৰ চিকুটি চোৱাৰো প্ৰয়োজন নিশ্চয়কৈ আহি পৰিছে। আজিৰ তাৰিখত সামাজিক মাধ্যম কিমান শক্তিশালী সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।

মাত্ৰ এটা হোৱাটছএপৰ মেচেজৰ পাছতে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ হাজাৰ হাজাৰ যুৱতী, মহিলা ওলাই আহি বুধ আৰু বৃহস্পতিবাৰে নিশা কলকাতাৰ ৰাজপথ দখল কৰিছিল।

কিন্তু তাৰ মাজতে বহুতেই এতিয়া সামাজিক মাধ্যমত আৰ জি কৰ মেডিকেল কলেজৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ গৈ পুনৰ এবাৰ ভুক্তভোগী চিকিৎসকগৰাকীৰ সৈতে অন্যায় কৰাহে পৰিলক্ষিত হৈছে। ভুক্তভোগীৰ নাম, ফটো, ঠিকনা সকলো ব্যৱহাৰ কৰি সেই জঘণ্য ঘটনাৰ বৰ্ণনা কৰিছে।

এইদৰে সামাজিক মাধ্যমত ঘটনাৰ বৰ্ণনা কৰি ভুক্তভোগীক সামাজিক মাধ্যমত পুনৰ এবাৰ এইসকল লোকে নিৰ্যাতন চলালে। এয়াও এক অপৰাধ। ভাৰতীয় আইনে যিদৰে যৌন নিৰ্যাতনকাৰীৰ কঠোৰ শাস্তিৰ কথা কৈছে সেইদৰেই এনে কাৰ্যকো বেআইনী আখ্যা দিছে।

এনে অপৰাধৰ বাবে এজন ব্যক্তি দুটা বছৰ পৰ্যন্ত কাৰাগৰালৈ যাব লগীয়া হ’ব পাৰে। আনহে নালাগে আমি কৈ থকা নিৰ্ভয়া কাণ্ডৰো ভুক্তভোগীৰ নাম নিৰ্ভয়া নাছিল। সেই সময়ত সংবেদনশীল বিষয়বোৰক মানুহে বুজি পাইছিল।

এয়াও অতি সংবেদনশীল সময়। অতি জঘণ্য এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিজন হৃদয়ৱান মানুহৰে তেজ উঠলি আছে। সেয়ে সামাজিক মাধ্যমত কিবা এটা শ্বেয়াৰ কৰাৰ আগত বা লিখাৰ আগত দহ বাৰ ভাবিব লাগিব।

ভুক্তভোগীৰ মৰণোত্তৰ পৰীক্ষা হৈছে। এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই প্ৰতিবেদনৰ আধাৰতে বহুতেই এতিয়া বহু কথা লিখি সামাজিক মাধ্যমত এৰি দিছে।

অথচ যি সম্পূৰ্ণ সত্যও নহয়। সত্য কি সেয়া বিচাৰ নকৰাকৈ লিখা কিছুমান কথা শ্বেয়াৰ কৰিয়েই আমি আন এক মাৰাত্মক অপৰাধত নামি পৰিছো। যুৱতী চিকিৎসকগৰাকীৰ মৰণোত্তৰ পৰীক্ষাত এই কথা স্পষ্ট যে তেওঁৰ সৈতে যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল।

এই প্ৰতিবেদনতে উল্লেখ কৰা হৈছে তেওঁক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল হত্যাকাৰীয়ে। তেওঁৰ যৌনাংগৰ লগতে দেহৰ বিভিন্ন স্থানত আঘাতৰ চিন আছে। হাওঁফাঁওৰ পৰা ৰক্তক্ষৰণ হৈছিল। শৰীৰ আন কিছু অংশত তেজ গোট মাৰিছিল।

সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকাৰ দৰে একাধিক আঘাতৰ চিন তেওঁৰ দেহত স্পষ্ট যদিও আন বহু বিষয় কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ নাই। নিয়ম অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভুক্তভোগীৰ শৰীৰ বিভিন্ন অংগৰ ওজন উল্লেখ কৰা হৈছিল।

সেই অনুসৰিয়েই তেওঁৰ যৌনাংগৰো ওজন তাত উল্লেখ কৰা হৈছিল। কিন্তু সামাজিক মাধ্যমত শ্বেয়াৰ হৈ থকা কথোবাৰ তাত উল্লেখ কৰা হোৱা নাই।

একেদৰে ভুক্তভোগীৰ সৈতে হোৱা নিৰ্যাতনৰ যি বৰ্ণনাৰে সামাজিক মাধ্যমত যিবোৰ কথাৰ প্ৰচাৰ হৈছে তাত ভুক্তভোগীৰ হাত, ভৰি ভাঙি পেলোৱা বুলি কোৱা হৈছে। কিন্তু মৰণোত্তৰ পৰীক্ষাত তেনে কোনো কথা উল্লেখ নাই।

ভুক্তভোগীৰ সৈতে যি হ’ল সেয়া কেতিয়াও সহ্য কৰিব নোৱাৰি। ইয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ ন্যায় নোপোৱা পৰ্যন্ত অব্যাহত থাকিব লাগিব। কিন্তু সমান্তৰালকৈ সামাজিক মাধ্যমত সেই ঘটনাৰ বৰ্ণনা কৰি, ভুক্তভোগীৰ নাম, ঠিকনা, ফটো আপলোড কৰি লিখি থকা কাৰ্যও বন্ধ হ’ব লাগিব। কেৱল আইনৰ বাবেই নহয় ভুক্তভোগী পৰিয়ালটোৰ মানসিক অৱস্থাৰ কথাও চিন্তা কৰিব লাগিব।

সামাজিক মাধ্যমত যি বৰ্ণনা চলি আছে সেই বৰ্ণনাই মানুহৰ মনত এটা দৃশ্য তৈয়াৰ কৰিছে। ই অতি মৰাত্মক। কোনোবা যদি বাকৰুদ্ধ হৈ পৰিছে আন কোনোবা অপৰাধ মানসিকতাৰ ব্যক্তিয়ে তাৰ জৰিয়তেই অপৰাধৰ এক আসুৰিক তৃপ্তী লাভ কৰিছে। সামাজিক মাধ্যমতেই তাৰ প্ৰমাণ পোৱা গৈছে।

যৌন নিৰ্যাতন সংক্ৰান্তীয় গোচৰৰ শাস্তি সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিত উল্লেখ থকা ধাৰাক কিছু সালসলনি কৰি ভাৰতীয় ন্যায় সংহিতাত অন্তুৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ অনুসূচী ৬৪ (১), (২) অনুসৰি যৌন নিৰ্যাতনকাৰীৰ নূন্যতম শাস্তি ১০ বছৰৰ পৰা আজীৱন কাৰাদণ্ডৰ লগতে জৰিমণাও নিৰ্ধাৰণ কৰা হৈছে।

ভাৰতীয় ন্যায় সংহিতাৰ অনুসূচী ৬৫ অনুসৰি ১৬ বছৰৰ তলৰ কিশোৰীক যৌন নিৰ্যাতন কৰিলে নিৰ্যাতনকাৰীৰ নূন্যতম শাস্তি ২০ বছৰৰ পৰা আজীৱন কাৰাদণ্ডৰ লগতে মৃত্যদণ্ডও হ’ব পাৰে। তাৰোপৰি ভুক্তভোগীৰ চিকিৎসা আৰু পুনৰসংস্থাপনৰ বাবে জৰিমণাও ভৰিব লাগিব।

একেখন আইনৰ অনুসূচী ৭০ অনুসৰি ১৮ বছৰৰ তলৰ কিশোৰীক দলবদ্ধভাৱে যৌন নিৰ্যাতন চলালে নিৰ্যাতনকাৰীৰ মৃত্যদণ্ড পৰ্যন্ত শাস্তিৰ বিধান দিয়া আছে। তাৰোপৰি ভু্ক্তভোগীৰ চিকিৎসা ব্যয়, পুনৰ সংস্থাপনৰ বাবে জৰিমণাৰো ব্যৱস্থা কৰা হৈছে।

আইনজ্ঞসকলে এই বিষয়ে ভালকৈ জানিব। তেওঁলোকে আইনৰ সঠিক পৰ্যালোচনাৰে নিশ্চয়কৈ দোষীৰ কঠোৰ ব্যৱস্থা কৰিব লাগিব। এই পৰ্যন্ত আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনাৰ সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধপোছ চলাই আছে।

তদন্ত প্ৰক্ৰিয়াক বিপথে পৰিচালিত কৰাৰ অভিযোগত আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষক চি বি আইয়ে সোধপোছ কৰিছে।তদন্তৰ আওঁতালৈ আহিছে আন চিকিৎসকো।

কিন্তু এই ঘটনাৰে জড়িত প্ৰকৃত দোষী এই পৰ্যন্ত জালত পৰা নাই। সেয়ে দোষীক শীঘ্ৰেই কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী উঠিব লাগিব। ২০১২ত সংঘটিত হোৱা নিৰ্ভয়া কাণ্ডই দেশৰ অন্তিমটো তেনে ঘটনা হওঁক বুলি আশা কৰা হৈছিল যদিও যোৱা সময়ছোৱাত যৌন নিৰ্যাতনৰ ঘটনা হ্ৰাস পোৱাৰ পৰিবৰ্তে বৃদ্ধি হে হৈছে।

নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্য মতে নিৰ্ভয়া কাণ্ড সংঘটিত হোৱাৰ সময়ত অৰ্থাৎ ২০১২ ত সমগ্ৰ দেশত ২৫০০০ যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছত এই সংখ্যা হ্ৰাস পোৱাৰ পৰিৱৰ্তে যথেষ্ট বৃদ্ধি হৈছে।

২০১৬ ত সমগ্ৰ দেশত যৌন নিৰ্যাতনৰ ঘটনা প্ৰায় ৩৯০০০ হৈছিলগৈ। ২০১৮ ত এক চৰকাৰী তথ্য মতেই প্ৰতি ১৫ মিনিটত দেশত এগৰাকী মহিলা যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল। ২০২২ ত ৩১০০০ ৰো অধিক মহিলা যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল।

এইদৰেই দেশত যৌন নিৰ্যাতনকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। যৌন নিৰ্যাতনৰ দৰে ঘটনাৰ সংখ্যা কিদৰে হ্ৰাস কৰিব পাৰি সেই বিশষয়ে বিশেষজ্ঞসকলে আলোচনা কৰিব লাগিব। কেৱল আইন তৈয়াৰ কৰিয়েই চৰকাৰে দায়িত্ব সামৰাৰ পৰিবৰ্তে যৌন নিৰ্যাতনকাৰীৰ মানসিক অৱস্থাৰো অধ্যয়ন কৰিব লাগিব।

এনে নিৰ্যাতনকাৰীৰ মানসিক, শাৰীৰিক অধ্যয়নে হয়তো এনে অপৰাধৰ আঁৰৰ কাৰণ স্পষ্ট কৰিব। কঠোৰ আইনৰ উপৰিও এনে অধ্যয়নে দিয়া তথ্যৰ আধাৰত সামাজিক সংস্কাৰৰো ব্যৱস্থা কৰিব লাগিব। কিন্তু তেতিয়ালৈকে আমি নিজেও বহু ক্ষেত্ৰত সচেতন হ’ব লাগিব।

প্ৰতিবাদৰ নামত সামাজিক মাধ্যমত কিয় এই নিৰ্যাতন?
ধনী পত্নী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in