-প্ৰকাশ মহন্ত
গুৱাহাটী স্থিত গীতা মন্দিৰ এলেকাৰ পিতৃগৃহৰ চোতালত কান্দোনত ভাঙি পৰা পত্নীৰ শিৰৰ সেন্দুৰ মচি ভাতৃ আত্মীয়ৰ কান্ধত উঠি শনিবাৰে নিশা ১১ বজাত সঞ্জীৱ ওলাই গ'ল চিৰ দিনৰ বাবে। নৱগ্ৰহ শ্মশান তেওঁৰ শেষ ঠিকনা। প্ৰতিদিন ডিজিটেলৰ সমূহ সাংবাদিক, চুবুৰীয়া ৰাইজ আৰু আত্মীয় ক্ৰন্দনত যেন সেই সমাজ কঁপি উঠিছিল। মাতৃয়ে কান্দি কান্দিয়ে তাৰ বুকুত পাৰি দিছিল এখন গামোচা। যাবৰ পৰত চোতালত লাগি থকা মধুৰি ফলো পুত্ৰৰ মুখৰ কাষত দিছিল।
মই মোৰ জীৱনত দ্বিতীয় বাৰলৈ চৰিয়াত নোৱা পানীৰে পত্নীৰ হতুৱাই স্বামীৰ দুই ভৰি শেষ বাৰলৈ ধুৱাই জ্যেষ্ঠজনৰ পৰামৰ্শত সঞ্জীৱৰ সো-ভৰিৰ বুঢ়া আঙুলিৰে পত্নীৰ ৰঙা ফোঁট আৰু শিৰৰ সেন্দুৰ মচাৰ কঠিন দ্বায়িত্ব পালন কৰিছিলো। জুৰি বাইদেউক হতুৱাই যেতিয়া এই কাম কৰাইছিলো তেতিয়া স্বামীৰ বয়স হৈছিল। স্বামীৰ অবৰ্তমানত মাতৃৰ দ্বায়িত্ব ল'বলৈ প্ৰাপ্ত বয়স্ক পুত্ৰ-কন্যা আছে। কিন্তু সঞ্জীৱৰ বয়স আছিল ৩৫ বছৰ। দুবছৰ মান পূৰ্বে মাত্ৰ বিয়া পাতিছিল। এগৰাকী পত্নীৰ শিৰৰ সেন্দুৰ সদ্য প্ৰয়াত স্বামীৰ আঙুলিৰে মচাব লগা হোৱাটো কিমান হৃদয় বিদাৰত সেয়া মোৰ বাহিৰে আনে হয়তো উপলব্ধি কৰিব নোৱাৰে।
শুকুৰবাৰে সন্ধিয়ালৈকে প্ৰতিদিনৰ কাৰ্যালয়ত ভিডিঅ' এডিটৰৰ কাম কৰিছিল। নিউজ পেকেজৰ ভিডিঅ' বোৰত আছিল জন্ম-মৃত্যু, হাঁহি-কান্দোনৰ মিশ্ৰিত ছবি। তাৰ মাজতে এবাৰ মোক কৈছিল, গাতো মোৰ ভাল নহয়, দুদিন ৰেষ্ট লমনে ? মই হ'ব বুলি কোৱাত সতীৰ্থ ভিডিঅ' এডিটৰ কেইজনক পিছৰ দুদিনৰ দ্বায়িত্ব গতাই থৈ সিও ওলাই গৈছিল।
শনিবাৰে পুৱাই সঞ্জীৱৰ ফোনটোৰ পৰা কান্দি কান্দি ফোন কৰিছিল পত্নীয়ে। নিশাৰ পৰাই তাৰ অসুস্থতাৰ খবৰ দি কোন হাস্পতাললৈ নিব পৰামৰ্শ বিচাৰিছিল। মই জি এম চি এইছলৈ নিবলৈ দি অধীক্ষকক লগ ধৰিব দিছিলো আৰু ময়ো তেওঁলৈ ফোন কৰিছিলো। মাজৰ সময়চোৱাত কাৰ্যালয়ৰ পৰা সতীৰ্থক পঠিয়াই খবৰ লোৱাৰ উপৰি ব্যক্তিগত ভাবেও ফোনত খবৰ লৈ তেওঁৰ লগত কোন কোন আছে জানিব বিচাৰিছিলো। তেওঁ কৈছিল দেওৰ আৰু শাহু আই আছে। আবেলি ৫ মান বজাত ফোন কৰোঁতে কৈছিল পেটৰ পানীখিনি উলিয়াই দিয়াৰ পিচত এতিয়া অস্থিৰতাটো কমিছে আৰু অলপ আৰাম কৰিছে।
ইতিধ্যেই আমাৰ ডেস্ক এডিটৰ মৃদুল তাত গৈ উপস্থিত হৈছিলগৈ। কিন্তু ৮.৩০ বজাত সঞ্জীৱৰ ভায়েকে কান্দি কান্দি কৈছিল ছাৰ দাদা আৰু নাই। মই কাৰ্যালয়ৰ পৰা গৈ ঘৰ পাইছিলো মাত্ৰ। স্তব্ধ হৈ গৈছিলো মই। সঞ্জীৱৰ প্ৰতিভা আৰু নম্ৰ ব্যৱহাৰে কাৰ্যালয়তো সকলোৰে আদৰ বুটিবলৈ সক্ষম হৈছিল। নিশা গীতা মন্দিৰৰ সমীপৰ ঘৰখনত সমবেত সকলোৰে মুখত সেই একেই কথা। মাতৃ, পেহী, মাহী, পত্নী, পিতৃৰ কান্দোনে কঁপাই তোলা সেই সময়ত মই গীতাৰ বাণীৰ কথা কৈয়ে সকলোকে সান্তনা দিয়াৰ চেষ্টা কৰিছিলো। কিন্তু মই জানো এয়া কেৱল সান্তনা। মই নিজে ঘৰলৈ গৈ দুঘণ্টা কেৱল কান্দি আছিলো। আমি ভগবান বিশ্বাসী সকলোৱে গীতাৰ বাণী স্মৰণ কৰি শান্তনা ল'ব লাগিব। গীতা মন্দিৰ এলেকাৰ সঞ্জীৱৰ স্বৰ্গ ৰথখনৰ পিচে পিচে ওলাই আহোতে মোৰ মনলৈ বাৰে বাৰে তেনে শ্লোকেই আহিছিল।
গীতাৰ এটা শ্লোকত কোৱা হৈছে- "জাতস্য হি ধ্ৰুবো মৃত্যু ধ্ৰ্যুৰ্বং জন্ম মৃতস্য চ। তম্মাদপৰিহাৰ্য হৰ্থে ন ত্বং শোচিতু মহৰ্সি।।"
অৰ্থাৎ জন্ম হোৱা ব্যক্তিৰ মৃত্যু নিশ্চিত আৰু মৃতজনৰ জন্মও সুনিশ্চিত। গতিকে এই এৰাব নোৱাৰা জীৱন চক্ৰ বিষয়ত শোক কৰা উচিত নহয়।
কিন্তু এয়াই পৰম সত্য হলেও মানৱীয় শক্তি আবেগ অনুভূতিৰ ঊৰ্ধ্বলৈ যাব নোৱাৰো বাবেই সঞ্জীৱৰ মৃত্যুক লৈও আমি মৰ্মাহত আৰু শোকাবিভূত।
Also Read: কবি নীলমণি ফুকনৰ চিতা ভষ্ম বিসৰ্জনঃ আজাদ পুস্তকালয়ত পত্নী দুলুমণি ফুকন