গাজনি যিমানে ঘন হৈছে, বিপদ সিমানে বাঢ়িছে!

গাজনি যিমানে ঘন হৈছে, বিপদ সিমানে বাঢ়িছে!
Published on
Updated on

এফালে নেৰানেপেৰা বৰষুণ, আনফালে ভয়াৱহ বান। প্ৰতিকূল বতৰৰ বাবে অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যকেইখনত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰইও সদৰি কৰিছে বহুকেইটা আগলি বতৰা। বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা যুগুতোৱা তথ্য অনুসৰি অসম তথা দেশৰ বতৰ আৰু অন্য কিছু তথ্যৰে অসমীয়া প্ৰতিদিন ডিজিটেলৰ লক্ষ্মীপ্ৰিয়াৰ বিশেষ প্ৰতিবেদন...

অসমত বানে লৈছে ভয়াৱহ ৰূপ। ৰাজ্যখনত উজনিৰ পৰা নামনিলৈ বহু জিলা বৰ্তমান বানৰ কৱলত। আনহাতে আগন্তুক ৫ দিনত ৰাজ্যত ধাৰাসাৰৰ পৰা প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে।

ইয়াৰ লগতে অসমৰ লগতে  অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ অঞ্চল বিশেষে অহা ৫ দিনত মজলীয়া বৰষুণ হ'ব পাৰে বুলিও বিভাগে প্ৰকাশ কৰিছে।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৮খন জিলাত ইতিমধ্যে ৰেড এলাৰ্ট, ১২খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু ১৫খন জিলাত ইয়েল্ল' এলাৰ্ট জাৰি কৰিছে।

কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বাক্সা, তামুলপুৰ, বৰপেটা আৰু ডিমা হাচাও জিলাত জাৰি কৰিছে ৰেড এলাৰ্ট। ধুবুৰী, বজালী, দৰং, নলবাৰী, ওদালগুৰি, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, কাছাৰ আৰু কৰিমগঞ্জ জিলাত অৰেঞ্জ এলাৰ্ট।

দক্ষিণ শালমৰা, কামৰূপ, কামৰূপ (মহানগৰ), শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, হোজাই আৰু হাইলাকান্দি জিলাত ইয়েল্ল' এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ৰাজ্যত বতৰৰ এই পৰিস্থিতিৰ পিছতো দিনক দিনে কমি আহিছে বৰষুণৰ পৰিমাণ ৷ পুৰ্বৰ তুলনাত অভাৱনীয় হাৰত কমিছে বৰষুণৰ পৰিমাণ। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত গৰমৰ উৰ্ধমুখী স্তৰ। কিছুদিনৰ আগৰলৈকে উৎকট গৰমৰ গৰাহত জ্বলাকলা খাইছিল ৰাজ্যবাসীয়ে।

বহুমুখী কাৰণৰ সৈতে এই পৰিঘটনাই জনস্বাস্থ্যৰ প্ৰতি গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ছবিয়ে জৈৱ-বৈচিত্ৰ্যত চহকী অসমৰ জনজীৱনলৈ ভয়াৱহ দিন কঢ়িয়াই আনিছে। যাৰ ফলত মে' মাহতে জুন- জুলাইৰ দৰে গৰমে দহিছিল ৰাজ্যবাসীক।

একবিংশ শতিকাত জলবায়ু পৰিৱৰ্তন এক জলন্ত সমস্যা হৈ থিয় দিছে। গোলকীয় উত্তাপৰ বাবে পৃথিৱীৰ জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হৈছে আৰু ইয়াৰ নেতিবাচক প্ৰভাৱৰ বোজা প্রথমেই বহন কৰিব লাগে পৰিৱেশে।

বৰ্তমান সময়ত মানুহৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশৰ বিনাশ, বায়ুমণ্ডলত ক্ষতিকাৰক গেছৰ নিৰ্গমন, মাটি আৰু নদীৰ পানীত হোৱা প্ৰদূষণ আদিৰ বাবে জলবায়ুৰ পৰিৱৰ্তন সমগ্ৰ বিশ্বজুৰি খৰকটীয়া গতিত হ’বলৈ লৈছে।

মূলতঃ মানৱসৃষ্ট প্ৰদূষণৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা তীব্ৰ গতিত বৃদ্ধি পাবলৈ লৈছে। এনে উষ্ণতা বৃদ্ধিয়ে উত্তৰ মেৰুৰ বৰফ পিণ্ডবোৰ গলাবলৈ আৰম্ভ কৰিছে আৰু সাগৰ পৃষ্ঠৰ উচ্চতা ভয়াৱহভাৱে বৃদ্ধি হৈছে।

 ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ (IMD) তথ্য মতে, বিগত ১০বছৰৰ বৰষুণৰ পৰিমাণ এনেধৰণৰ-

এই তালিকাখনলৈ মন কৰিলে দেখা যায় যে ২০২৩ চনৰ ঋতুৰ বৰষুণ সামগ্ৰিকভাৱে দেশজুৰি (এল পি এৰ ৯৪%) দীৰ্ঘ সময়ৰ গড় (এল পি এ)তকৈ কম আছিল। আই এম ডিৰ তথ্য অনুসৰি ২০২৩বৰ্ষত দেশত আগষ্ট মাহত মুঠ বৃষ্টিপাতৰ সংখ্যা ১৬০.৪ মিঃমিঃ আছিল, যিটো স্বাভাৱিকতকৈ বহু কম। ইয়াৰ স্বাভাৱিক পৰিমাণ হ’ল ২৪১ মিঃমিঃ।

ইফালে এক তথ্য অনুসৰি অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আজি কেইবছৰমানৰ পৰা জলবায়ুৰ লক্ষণীয়ভাৱে পৰিৱৰ্তন হ’বলৈ লৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বৰষুণ আৰু তাপমাত্ৰাৰ লেখৰ পৰা জানিব পৰা গৈছে যে একোটা বছৰত হোৱা বৰষুণৰ গড় পৰিমাণ প্ৰায় ২৫ শতাংশলৈ হ্ৰাস পাইছে।

উত্তৰ-পূৰ্বাঞ্চলত এটা দশকত ভূ-পৃষ্ঠৰ উষ্ণতা .১১ ডিগ্ৰী বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলত পৰিৱেশ ধ্বংসতকৈ গোলকীয় উষ্ণতা বৃদ্ধিয়ে বেছিকৈ প্ৰভাৱ পেলাইছে। অসমৰ প্ৰায় ১৫ খন জিলাত ২০০৫ আৰু ২০০৬ চনত ব্যাপক খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। উল্লেখ্য যে ২০০৬ চনত বৰষুণৰ মাত্ৰা প্ৰায় ৪০% হ্ৰাস পাইছিল।

বিগত সময়ছোৱাত বহুকেইখন ৰাজ্যত বৰষুণ দিছে যদিও কমা নাই গৰমৰ মাত্ৰা। গ্ৰীষ্মপ্ৰবাহৰ বাবে দেশত ৫০জন লোকৰ মৃত্যু ঘটিছে। আবতৰীয়া উষ্ণতা বৃদ্ধি, বৰষুণ অত্যধিক হ্ৰাস আদিয়ে সাধাৰণ জনজীৱন বিপৰ্যস্ত কৰিছে।

চলিত বৰ্ষতো অসমত অস্বাভাৱিকভাৱে হ্ৰাস পাইছে বৰষুণ। মৌচুমীৰ প্ৰভাৱত বৰ্ষা ঋতুত অসমত প্ৰচুৰ বৰষুণ হয়; কিন্তু এইবেলিও ৰাজ্যত বৰষুণ অস্বাভাৱিকভাৱে হ্ৰাস পাইছে ।

কিছুদিনৰ আগৰলৈকে তাপমাত্ৰা বৃদ্ধি পোৱাৰ বাবে প্রচণ্ড গৰমে দহিছিল ৰাজ্যবাসীক। কিয়নো পূৰ্ব তুলনাত অভাৱনীয়ভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পাই আহিছে।

আনফালে বিগত কিছুদিনৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ বহু জিলা বানৰ কৱলত। বতৰৰ এই অস্বাভাৱিক পৰিৱৰ্তনে অশনি সংকেত কঢ়িয়াই আনিছে ৰাজ্যবাসীৰ বাবে৷ বতৰৰ সঘনাই হোৱা পৰিৱৰ্তনৰ মূল কাৰণ কি বুলি যদি প্ৰশ্ন উত্থাপন কৰা হয় তেন্তে বহুতো কাৰণ দেখা যায়।

বৰষুণৰ ধৰণৰ পৰিৱৰ্তনৰ আঁৰত জলবায়ু পৰিৱৰ্তনেই এটা প্ৰধান চালক হিচাপে থিয় দিছে। জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু বনাঞ্চল ধ্বংসৰ দৰে মানুহৰ কাৰ্যকলাপৰ বাবেই পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে বতৰ ব্যৱস্থাত ব্যাঘাত জন্মায়।

অবাধ বনাঞ্চল ধ্বংস, কৃষি আৰু নগৰীয়া কামৰ বাবে মাটি খন্দা, পাহাৰ কাটি ধ্বংস কৰাৰ ফলত বৰষুণৰ পৰিমাণ হ্ৰাস হৈছে। জলচক্ৰত গছ-গছনি, অৰণ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, বাষ্পীভৱনৰ জৰিয়তে বৰষুণ হয় আৰু স্থানীয় বতৰৰ ধৰণক প্ৰভাৱিত কৰে। কিন্তু ইয়াৰ ক্ষয়ৰ ফলত এই চক্ৰটো বিঘ্নিত হয়, যাৰ ফলত সেই বিশেষ অঞ্চলটোত বৰষুণৰ পৰিমাণ কমি যায়।

ভাৰতৰ ক্ৰমবৰ্ধমান ঔদ্যোগীকৰণ আৰু যান-বাহনৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণত অৰিহণা যোগায়, যিয়ে বৰষুণৰ ধৰণত অধিক প্ৰভাৱ পেলায়। প্ৰদূষণে ডাৱৰ গঠন আৰু বৰষুণৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত প্ৰদূষিত অঞ্চলত বৰষুণ হ্ৰাস পায়।

বৰষুণৰ হাৰ হ্ৰাস পোৱাৰ ফলত ভাৰতৰ গৰমৰ সংকট আৰু অধিক ভয়াৱহ হৈ পৰিছে। মাটিৰ আৰ্দ্ৰতা হ্ৰাস আৰু বাষ্পীভৱনে পৃষ্ঠৰ উষ্ণতা অধিক হোৱাত অৰিহণা যোগায়। বৰষুণৰ পৰিমাণ হ্ৰাস আৰু উষ্ণতা বৃদ্ধিৰ সমন্বয়ে কৃষি, জলসম্পদ আৰু মানৱ স্বাস্থ্যৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে সাধাৰণতে অসমত গড়ে প্ৰতি বছৰে ১৫০০ – ২০০০ মিলিমিটাৰ বৰষুণ হয়। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, যোৱা এক মাৰ্চ-মে’ মাহত অসমত স্বাভাৱিক পৰিমাণতকৈ ৩৩% কম বৰষুণ হৈছে। কেন্দ্ৰটোৰ তথ্য অনুসৰি, এই সময়ছোৱাত অসমত ২৬৩.৩ মিঃমিঃ বৰষুণ হ'ব লাগিছিল যদিও ১৭৭.৭ মিঃমিঃহে হৈছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰপৰা লাভ কৰা তথ্য অনুসৰি, মাৰ্চ-মে’ মাহত চুবুৰীয়া ৰাজ্য মেঘালয়ত ৬৯%, মিজোৰামত ৬৩%, মণিপুৰত ৪৫%, ত্ৰিপুৰাত ৪৩%, অৰুণাচলত ২৬% কমকৈ বৰষুণ হৈছে ।

অসম কৃষিপ্ৰধান ৰাজ্য। জলবায়ু পৰিৱৰ্তনে কৃষিখণ্ডতো ব্যাপক প্ৰভাৱ পেলাইছে। অসমৰ খেতিয়কসকল সম্পূৰ্ণভাৱে বৰষুণৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে বৰষুণৰ পৰিমাণ কমি গ’লে কৃষিক্ষেত্ৰত হাহাকাৰ লাগে।

যোৱা মাৰ্চ-মে’ মাহত বৰষুণৰ পৰিমাণ ইমানেই কমি গৈছিল যে পানীৰ অভাৱত শুকাই গৈছিল কৃষকৰ বিভিন্ন খেতি। বিভিন্ন প্ৰান্তৰ কৃষক ৰাইজৰ ধানখেতি, মৰাপাট খেতিৰ লগতে বিভিন্ন ৰবি শস্যৰ খেতি তথা শাক পাচলিৰ খেতিসমূহ বৰষুণৰ পানীৰ অভাৱত শুকাইছিল। যাৰ ফলত খেতিকে জীৱন জীৱিকাৰ উৎস হিচাপে বাছি লোৱা এইসকল কৃষকসকলে মুৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।

এতিয়া আকৌ ইয়াৰ বিপৰীত ছবি।ভৰ বাৰিষা নহা আগতেই কেইবাটাও বানে চুই গৈছে ৰাজ্যখনক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে আতংকৰ সৃষ্টি কৰিছে। বিভিন্ন প্রান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। এই পর্যন্ত বাজ্যৰ ১৪ খন জিলাৰ ডেৰ লাখৰো অধিক লোক বানত ক্ষতিগ্রস্ত হৈছে।

জলবায়ুৰ পৰিবৰ্তনে অসমৰ বিশ্ব বিখ্যাত চাহ উদ্যোগতো নেতিবাচক প্ৰভাৱ পেলাইছে। চাহ উৎপাদনত ৫০শতাংশ কম হোৱাৰ আশংকা প্ৰকাশ কৰিছে খেতিয়কসকলে।

চাহ খেতিৰ বাবে সময়ে সময়ে কম পৰিমাণে হোৱা বৰষুণ আৰু নাতিশীতোঞ্চ জলবায়ু অতি উপযোগী। কিন্তু জলবায়ুৰ পৰিবৰ্তনৰ ফলত এহাতে যেনেদৰে কম সময়ৰ ভিতৰত প্ৰচুৰ বৰষুণ হৈছে সেইদৰে দীৰ্ঘ সময়জুৰি বৰষুণ নোহোৱাৰ বাবে খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।

অতি খৰাং বা অতি বৰষুণ দুয়োটাই চাহ খেতিৰ বাবে বিপদজনক। অতিপাত বৰষুণে মাটিৰ ওপৰৰ অংশত খহনীয়াৰ সৃষ্টি কৰি গছবোৰ দুৰ্বল কৰে। দীঘলীয়া খৰাং বতৰত বিভিন্ন পোক-পতঙ্গই চাহ গছত আক্ৰমণ কৰে আৰু সেয়েহে অধিক কীটনাশক দৰৱ প্ৰয়োগ কৰিবলগীয়া হয়।

সেইদৰে উষ্ণতা বৃদ্ধি আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিয়ে চাহ গছৰ ক্ষতি কৰিছে। এনেবোৰ কাৰণত চাহৰ গুণগত মান নিম্নগামী হয়। অসমৰ জলবায়ু পৰিবৰ্তন অব্যাহত থাকিলে এদিন হয়তো অসমৰ বুকুৰ পৰাই চাহ বিলুপ্ত হৈ পৰিব!

গাজনি যিমানে ঘন হৈছে, বিপদ সিমানে বাঢ়িছে!
অহংকাৰী হৈছে বিজেপি ! আৰ এছ এছৰে বাঢ়িছে দূৰত্ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in