লক্ষ্মীপ্ৰিয়া দত্ত
যান্ত্ৰিক হৈ পৰিছে পৃথিৱীখন। এই যান্ত্ৰিকতাৰ বুকুত আমাৰ পুৰণিকলীয়া বহু সম্পদ ক্ৰমান্বয়ে হেৰাই গৈছে। পৰিৱৰ্তনৰ ঢৌত পুৰণি সময়বোৰে যেন ন সময়ৰ ওচৰত হাৰ মানিছে। সময়ৰ বুকুত যেন হেৰাই গৈছে জীৱনৰ প্ৰতিটো মূহুত্তক সমৃদ্ধ কৰা বহু নস্টালজিক।
যান্ত্ৰিকতাৰ পৃথিৱীখনত হেৰাই গৈছে আইতাৰ সৈতে পীৰা পাৰি সাধু শুনা সেই চোতালখন। তৰা ভৰা আকাশৰ তলত আইতাৰ উমাল কোচত বহি আজীৱন পাহৰিব নোৱাৰা সেই সাধুবোৰে আজিও হয়তো বহুতকে আমনি কৰে। সময় এতিয়া সলনি হ'ল। আইতাৰ লগত কটোৱা সেই সুমধুৰ ক্ষণবোৰো এতিয়া সাধু সাধু লগা হ'ল।
এতিয়া সেই চোতালৰ স্থান ল'লে বেলকনীয়ে। আগেয়ে গাঁৱৰ ঘৰৰসমুখত এখন ডাঙৰ মুকলি ঠাই থাকে। সেই ঠাইকনকে চোতাল বুলি কয়।
অসমীয়া সমাজ জীৱনত চোতালৰ প্ৰয়োজন এৰাব নোৱাৰা। গাঁৱলীয়া ঘৰ এখনত চোতালখন নহ’লেই নহয়। গাঁৱলীয়া গৃহস্থী ঘৰ এখনত সাধাৰণতে দুখন চোতাল দেখিবলৈ পোৱা যায়। আগফালৰখন আগচোতাল আৰু পিছফালৰখন পিছচোতাল।
এই চোতালতে ককা-আইতাই শিশুক সাধু কয়, আজৰি পৰত সুখ-দুখৰ ভাব বিনিময় কৰে, দৈনন্দিন কাৰ্যাৱলী আৰু ভবিষ্যতৰ কাৰ্যপন্থা সম্বন্ধে নানান গুৰুত্বপূৰ্ণ আলোচনাৰ উন্মেষ ঘটে। আনকি সৰু-সুৰা অপৰাধৰ গোচৰ নিষ্পত্তি হয়।
কৃষি-কৰ্মৰ সৈতে জড়িত বিভিন্ন সঁজুলিৰ নিৰ্মাণ আৰু মেৰামতি হয় চোতালখনতেই। কৃষকে ধান, মাহ, সৰিয়হৰ বীজ উলিয়াই এই চোতালখনতে। ইয়াৰোপৰি ই শিশুসকলৰ গীত-মাত আৰু খেল-ধেমালি পৰিৱেশনৰ থলী।
অসমীয়া নাৰীৰ লখিমী শাল তাঁত-শালক কেন্দ্ৰ কৰি বিভিন্ন কুটিৰ শিল্প গঢ়ি উঠে এই চোতালখনতে। জনজাতিসকলৰ তাঁত-শাল চাং ঘৰৰ ওপৰত হ’লেও ইয়াৰ লগত সম্পৰ্কিত ব-তোলা, বাটি কঢ়া, মহুৰা ফুৰোৱা আদি কামবোৰ চোতালতেই সম্পন্ন হয়।
আমাৰ সমাজত প্ৰতিঘৰতে কাউৰী পুৱাতে শুই উঠি চোতালখন সৰাটো এক অতীজৰে পৰা চলি অহা পৰম্পৰা। এই চোতালৰ দাঁতিতে এজোপা শেৱালি ফুল আৰু একোণত তুলসী পুলি ৰুই অথবা কাষতে থকা গোঁসাই ঘৰত সন্ধিয়া এগছি বন্তি জ্বলোৱাটো অসমীয়া লোকাচাৰৰ এক পৰম্পৰা।
অসমীয়া সমাজৰ জন্ম-মৃত্যু, বিবাহ সংক্ৰান্তিয় আৰু নানা ধৰ্মীয় সংস্কাৰ এই চোতালতে সম্পন্ন কৰা হয়। নৱজাতকৰ সূৰ্য দেখুওৱা উৎসৱ, নামনিৰ গণনি উৎসৱ, বিবাহ, হুঁচৰি, বিহু, মৃতকৰ শ্মশান যাত্ৰাৰ প্ৰাতকৰ্ম, মৃতকৰ দহা কাজ, গৰখীয়া সকাম, বাৰ্ষিক এঘৰীয়া ভাওনা, ভঙুৱা সকাম আৰু বহুবোৰ পূজা-পাৰ্বনৰ কৃত্য চোতালখনতে সম্পন্ন হয়। চোতালখনৰ সৈতে অসমীয়া সমাজৰ আছে নিবিড় সম্পৰ্ক।
অসমীয়া মানুহৰ ঘৰৰ পাছফালে থকা চোতালখনক পাছচোতাল বোলে। তাত ঘৰৰ গৃহিণীসকলৰ ৰন্ধন কাৰ্যৰ লগত সংযুক্ত তথা নিত্য প্ৰয়োজনীয় কামবোৰ সম্পাদনা কৰা হয়। তাতে থাকে লাউ-জিকাৰ হেদালি আৰু হাঁহ-কুকুৰাৰ গড়াল। অসমীয়া সমাজত চোতালে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
সময় পৰিৱর্তনশীল। সময়ে সকলোৰে ওপৰত প্ৰভাৱ পেলায়। সময়ৰ সোঁতত মানুহ গাঁও এৰি নগৰমুখী হৈছে। কাৰণ নগৰত চাকৰি, পঢ়া-শুনা, চিকিৎসা আদিৰ সকলো সুবিধা গাঁৱৰ তুলনাত ভাল। বাট-পথ উন্নত। এই উন্নত জীৱন-নির্বাহ প্রক্রিয়াই গাঁৱৰ মানুহক নগৰলৈ আকর্ষণ কৰি আনিছে।
ফলস্বৰূপে নগৰত মানুহৰ সংখ্যা বাঢ়ি গৈছে। তাকৰীয়া মাটিতে ঘৰ সাজি থাকিবলগীয়া হৈছে। গতিকে চোতাল বুলিবলৈ ঠাইৰ অভাৱ। বহু লোকৰ চৌহদত খালী মাটি অকণো দেখিবলৈ পোৱা নাযায়। যেতিয়াৰ পৰা এপার্টমেণ্ট সাজি থাকিবলৈ ল'লে তেতিয়াৰ পৰা চোতাল শব্দটোৰেই লুপ্ত হোৱাৰ উপক্ৰম ঘটিছে।
আজিৰ মানুহে সকাম-নিকাম চুবুৰীয়াকৈ ঘৰৰ ভিতৰতে পতা হৈছে। বিবাহ-শ্ৰাদ্ধৰ দৰে অনুষ্ঠান বিবাহ ভৱনত অনুষ্ঠিত কৰিবলগীয়া হৈছে। চোতালৰ অভাৱত ল’ৰা-ছোৱালীয়ে ঘৰৰ ভিতৰতে কম্পিউটাৰত গেম খেলি, টিভি চাই সময় পাৰ কৰে।
পৰিয়ালত সাধুকথা ক’বলৈ আইতাকো নাই, চোতালো নাই। পূর্বে বোৱাৰী পুৱাতেই দেখিবলৈ পোৱা চোতাল সৰাৰ দৃশ্য এতিয়া নগৰত দেখিবলৈ পোৱাটো দুর্লভ। অৱশ্যে গাঁও অঞ্চলত এতিয়াও চোতালৰ অস্তিত্ব বিৰাজমান। পৰিৱর্তনে আমাৰ আপোন চোতালখনৰ অস্তিত্বলৈকো সংশয় কঢ়িয়াই আনিছে।
সাম্প্ৰতিক কালত বিজ্ঞান-প্ৰযুক্তিয়ে আনি দিয়া নানান পৰিৱৰ্তন আৰু ক্ৰমশঃ বাঢ়ি অহা কৰ্মব্যস্ততাই চোতালৰ আদৰ কিছু পৰিমাণে হ্ৰাস কৰিছে। জনসংখ্যা বৃদ্ধিয়ে পুৰণি অসমীয়া চোতালৰ বিস্তৃতি আৰু গৰিমাক কিছু সংকীৰ্ণ কৰিছে। চোতালৰ ঐতিহ্য আৰু মহত্ত্ব ভৱিষ্যতলৈ অসমীয়া সমাজত কি ৰূপত ৰক্ষিত হ’ব সেয়া সময়েহে ক’ব।
Also Read: ৯৪টা গ’ল আৰু এজন ভাৰতীয়