আম্বানীক যে গালি পৰিছো! আমি নো কি কৰিছো?

আম্বানীক যে গালি পৰিছো! আমি নো কি কৰিছো?

author-image
Asomiya Pratidin
New Update
আম্বানীক যে গালি পৰিছো! আমি নো কি কৰিছো?

ডিম্পুল বৰগোহাঁই

দেউতাকৰ বৰ হেপাঁহ, ডাঙৰ ছোৱালীজনীৰ বিয়া চুবুৰী ৰজনজনাই যোৱাকৈ পাতিব। সাঁচতীয়া ধনো বেছি নাছিল, ধাৰলৈ আনিলে প্ৰায় ১২লাখ টকা। ভবামতেই কাম! চুবুৰী কপিঁ যোৱাকৈ বৰ জীয়েকৰ বিয়া পাতিলে দেউতাকে। দুই-এজনে বিয়াৰ আয়োজনক লৈ প্ৰশংসা কৰোতে দেউতাকৰ বুকু ফুলি উঠিল।

বিয়া শেষ, কিন্তু এতিয়াহে আৰম্ভ হ'ল ধাৰলৈ অনা ধন পৰিশোধ কৰাৰ প্ৰক্ৰিয়া। এখন বিয়া শেষ কৰি কেনেকৈনো ইমান ধাৰ থাউকতে মাৰিব পাৰে। বিয়া বুলি অনা ১২লাখ টকা ধাৰ মাৰিবলৈ দেউতাকৰ লাগিল ১০বছৰ। কেৱল সেইয়াই নহয় বেচিব লগা হ'ল এডোখৰ মাটিও। এয়া আপোনালোকক কোনো নিজে সাজি কোৱা কাহিনী নহয়। এয়া সচাঁ কাহিনী, ২০১৪চনত চেন্নাইৰ এটা মধ্যবিত্ত পৰিয়ালত সংঘটিত হোৱা সচাঁ কাহিনী এয়া।

দেউতাকে বৰ হেঁপাহেৰে বিয়া পাতি দিয়া সেই ছোৱালীজনীৰ নাম আছিল কৃতিকা। এই কৃতিকা নাইবা তেওঁৰ পৰিয়ালটো এটা মাত্ৰ উদাহৰণহে। আমাৰ সমাজতেই আছে এনে বহু কৃতিকা। আৰু আছে হাতত পইচা নাথাকিলেও পৰম হেপাহেৰে সৰ্বস্ব উজাৰি ভৱিষ্যত চিন্তা নকৰা কৃতিকাৰ দৰে অলেখ দেউতাক। নিশ্চিত সেই হেপাঁহ প্ৰতিগৰাকী পিতৃয়ে বুকুত কঢ়িয়াই লৈ ফুৰে আৰু ফুৰাটোও স্বাভাৱিক।

কিন্তু বিগত প্ৰায় দুটা দশকৰ পৰা বিয়াৰ নামত বাহুল্য বেছি হৈছে। নিজকে ধনী, পতিপত্তিশীল বুলি প্ৰমাণ দিয়াৰ আহিলা হিচাপে বিয়াক ব্যৱহাৰ কৰিছে বহুতে। বিশেষকৈ ভাৰতত বিয়াৰ নামত বাহুল্য আৰু দেখাবা জোখতকৈ অধিক হৈছে। শেহতীয়াকৈ মুকেশ আম্বানীৰ পুত্ৰৰ বিয়াখনক লৈ বেচ চৰ্চা হৈছে। কিন্তু ভাৰতৰ বেছি সংখ্যক পিতৃয়েই মুকেশ আম্বানীতকৈ অধিক বিলাসীতাৰে বিবাহ অনুষ্ঠান পাতি আহিছে বিগত দুটা দশকত।

মুকেশ আম্বানীতকৈ অধিক বিলাসীতাৰে বিয়া পতা বুলি কওঁতে আপুনি ছাগে কিছু হতভম্ব হৈছে। এই কথা কোৱাৰ কাৰণ আছে। মুকেশ আম্বানীয়ে পুত্ৰ অনন্তৰ বিয়াত খৰচ কৰিছে মুঠ উপাৰ্জনৰ ০.৫শতাংশ ধন। ইয়াৰ বিপৰীতে ভাৰতত শেহতীয়াকৈ অধিক সংখ্যক পিতৃয়ে মুঠ উপাৰ্জনৰ ১০০শতাংশৰো অধিক ধন ব্যয় কৰাৰ লগতে বিয়াৰ নামত ধাৰত পোত যায়। এই কথা, বতাহত উৰি ফুৰা কথা নহয়! সমীক্ষাত পোহৰলৈ আহিছে এই বিয়াৰ এই বিশেষ তথ্য।

বিদেশী সংস্থা জেফ্ৰিছে চলোৱা এক সমীক্ষাত পোহলৈ আহিছে যে, ভাৰতত খাদ্য আৰু গেলামালৰ উদ্যোগৰ পিছতে বিবাহ সম্পৰ্কীয় উদ্যোগটো দ্বিতীয় বৃহত্তম উদ্যোগ। এক প্ৰতিবেদন অনুসৰি ভাৰতৰ মানুহে বিবাহ অনুষ্ঠানত শিক্ষাৰ ক্ষেত্ৰতকৈ দুগুণ ধন খৰচ কৰে। ভাৰতৰ বিবাহ উদ্যোগৰ আকাৰ প্ৰায় ১০ লাখ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

জেফ্ৰিছে নিজৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰতত প্ৰতি বছৰে ৮০ লাখৰ পৰা ১ কোটি বিবাহ হয়, আনহাতে চীনত এই সংখ্যা ৭০-৮০ লাখ আৰু আমেৰিকাত ২০-২৫ লাখ। প্ৰতিবেদন অনুসৰি ভাৰতৰ বিবাহ উদ্যোগৰ আকাৰ প্ৰায় ১৩০ বিলিয়ন ডলাৰ, যিটো আমেৰিকাৰ ৭০ বিলিয়ন ডলাৰতকৈ প্ৰায় দুগুণ ডাঙৰ যদিও ভাৰতৰ বিবাহ উদ্যোগৰ আকাৰ চীনৰ ১৭০ বিলিয়ন ডলাৰতকৈ অলপ সৰু।

প্ৰতিবেদনত লগতে উল্লেখ আছে যে, ভাৰতৰ ভিতৰতে বিয়া হৈছে সৰ্বাধিক খৰচৰ শিতান। প্ৰতিবেদন অনুসৰি বিয়া যদি যিকোনো শিতানত হ’লহেঁতেন তেন্তে খাদ্য আৰু গেলামালৰ পিছত দ্বিতীয় বৃহত্তম খুচুৰা শিতান হ’লহেঁতেন। ভাৰতত খাদ্য-গেলামালৰ আকাৰ ৬৮১ বিলিয়ন ডলাৰ। ভাৰতত বছৰি ৮-১ কোটি (৮০ লাখৰ পৰা ১ কোটি) বিবাহ হয় আৰু ভাৰত বিশ্বৰ অন্যতম বৃহৎ বিয়াৰ গন্তব্যস্থান। ট্ৰেডাৰ্ছ ফেডাৰেচন CAIT (CAIT)ৰ তথ্য অনুসৰি ভাৰতৰ বিবাহ উদ্যোগ আমেৰিকাৰ তুলনাত দুগুণ আকাৰৰ।

এই সমীক্ষাত পোহৰলৈ অহা সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হল, গড়ে ভাৰতত এখন বিয়াত মানুহে ১৫,০০০ ডলাৰ অৰ্থাৎ প্ৰায় ১২,৫০,০০০ লাখ টকা খৰচ কৰে। গড়ে ভাৰতীয় দম্পতীয়ে শিক্ষাৰ ক্ষেত্ৰত (প্ৰাথমিক প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈকে) খৰচ কৰাতকৈ বিয়াত দুগুণ খৰচ কৰে। আনহাতে, আমেৰিকাকে ধৰি আন দেশত মানুহে শিক্ষাৰ বাবে যিমান খৰচ কৰে তাৰ আধাখিনি বিয়াত খৰচ কৰে। কিন্তু ভাৰতত ইয়াৰ ওলোটা।

সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতীয়সকলে বিয়াৰ অধিকাংশ খৰচ কৰে বিয়াৰ অভ্যৰ্থনা, জুৱেলাৰী, হোটেল, কপোৰ, ডেকুৰেশ্যন, কেমেৰা আৰু গাড়ীৰ নামত। গহনা উদ্যোগৰ মুঠ ৰাজহৰ ৫০ শতাংশ কইনাৰ গহনাৰে আহে। ভাৰতৰ এখন বিয়াত গড়ে ২.৯লাখৰ পৰা ৩.৩লাখ সোণৰ আ অলংকাৰ ক্ৰয় কৰে। আনহাতে কাপোৰৰ বাবে ব্যয়ৰ ১০ শতাংশ বিয়া আৰু আনুষংগিক উদযাপনত পিন্ধা কাপোৰৰ বাবে হয়। এই সকলো বিলাকক সাঙুৰি এটা উদ্যোগলৈ ৰূপান্তৰ হোৱা এই বিয়া উদ্যোগটো বৰ্তমান ১৩০আৰৱ ডলাৰ অৰ্থাত ভাৰতীয় হিচাপত ১০লাখ কোটিৰ হৈছেগৈ।

এনেদৰেই এতিয়া বিয়াৰ নামত বাহুল্যতা বাঢ়িছে ভাৰতীয় সমাজ ব্যৱস্থাত। পৰিস্থিতি লাহে লাগে এনে অৱস্থা পাইছেগৈ যে, বিয়া বুলি ক'লেই এতিয়া মধ্যবিত্ত এটা পৰিয়ালৰ বাবে ডাঙৰ চিন্তা, ডাঙৰ বোজা যেন হৈছে। আনে পাতিছে, আমিও পাতিব লাগিব এনে ভাৱধাৰা নাইবা পৰিৱৰ্তিত সমাজৰ সৈতে খোজত খোজ মিলাই বহু পৰিয়ালে আজি উজুতি খোৱাৰ উদাহৰণ আছে।

এটা দিন আছিল এজনে গেছ লাইট লৈ আগে আগে যায় আৰু পিছে পিছে যায় বৰযাত্ৰী। ঢোল-পেপাঁৰ মাতত ৰব নোৱাৰি বৰযাত্ৰীয়ে আপোন পাহৰা হৈ নাচে। কিন্তু আজি সেইদিন নাই। দৰা কিমান দামী গাড়ীত আহিছে, কি ফুলেৰে গাড়ী সজাইছে আদিবোৰত সকলোৰে গুৰুত্ব বেছি। আজিৰ বহু বিয়াত স্বৰ্তস্ফূতভাৱে নচা মানুহৰ অভাৱ। সময় এনেদৰেই সলনি হৈছে আৰু আমিবোৰ উটি-ভাঁহি গৈছো এটা অসুস্থ পৰম্পৰাৰ সোঁতত!

মুকেশ আম্বানীৰ বিয়া কিয় ইমান দীঘলীয়াকৈ পাতিছে! কিয় ইমান ডাঙৰকৈ পাতিছে! ইমান দেখাবা কিয় কৰিব লাগে! ইত্যাদি ইত্যাদি প্ৰশ্নবোৰ কৰিছো যদিও নিজেই ভাবকচোন- সমাজত বিয়াৰ নামত বাহুল্য কেৱল আম্বানীয়েই কৰিছে নে!

Also Read: ৰাজ্যৰ ৰাজনীতিত আৰম্ভ নতুন খেলাঃ ২০২৬ ৰ অংকত ব্যস্ত নেতা...

বিশেষ লেখা