ব’হাগ বিহু আৰু ব’হাগৰ বিহু…

ব’হাগ বিহু আৰু ব’হাগৰ বিহু…
Published on
Updated on

♦ ডিম্পুল বৰগোহাঁই

আৰু বেছি দিন নাই, মাজত কেইটামান দিন বাকী। চ'ত শেষ হবৰে হ'ল । এইকেইটা দিনতে গাঁৱৰ যুৱক সংঘৰ গছজোপাৰ তলতে মিটিং খন বহে। কাৰোৰে কথা নিমিলে, কোনোবাই যদি কয় পূব,কোনোবাই কয় পশ্চিম। কোনোবাই কয় একো নিয়ম দৰকাৰ নাই, নীতি- নিয়মবোৰ থাকিলে স্ফুৰ্তিবোৰ ভালকে কৰিব নোৱাৰি। কথাৰ কটাকটিৰ মাজেৰে শেষত গৈ কেইবাটাও নিয়ম বান্ধি গঠন হয় কমিটিখন। লগে লগে কেইজনমানে সকলোকে সাৱধানবাণী দিয়ে- এইবাৰ কিন্তু একো খেলিমেলি নচলিব দেই। ল'ৰাবোৰ ল'ৰা ভাগে থাকিবি আৰু ছোৱালীবোৰ এটা গোট হৈ থাকিবি। ৰাতি থবলে অমুক অমুক যাবি।' কথাৰ শেষ হ'ব নৌপাওতেই আন এজনে কয়- আগবাৰৰ হিচাপবোৰ ভাল নহ'ল। এইবাৰ ঠিকঠাক হ'ব লাগে।' এনেদৰেই সকলো আলোচনা হয়। গাঁৱৰ কোনোবা এজনৰ পৰা আগধন কেইটামান লৈ ঢোলটো চোৱাবলৈ দিয়ে, ৰাতিৰ বাবে পোহৰৰ ব্যৱস্থা কৰিবলৈ গাঁৱৰে এঘৰত গেছ লাইটত ব্যৱস্থা কৰে আৰু যে ক'ত কি ব্যস্ততা। অন্ত নাই এই ব্যস্ততাৰ, ভাগৰ নাই এই ব্যস্ততাৰ।ভাগৰ কিয় লাগিব পদূলিত যে হেপাঁহৰ ব'হাগ।

ফটো- কাকলি কাকতি
ফটো- কাকলি কাকতি

'বসন্তৰ আগমনৰ লগে লগে অসমত অসমীয়াৰ দ্বাৰা উদযাপিত মূল বিহুটো হ'ল ব'হাগ বিহু। এনে সময়তে প্ৰকৃতিয়েও ৰমক জমককৈ ন-সাজেৰে গাভৰুজনী হৈ দেখা দিয়ে। মানুহে কয় ব'হাগ মানেই যৌৱন। গাঁৱৰ ডেকা- গাভৰু মিলি বিহু নাচে। ৰঙালী বিহুক সাত বিহু বুলিও কোৱা হয়।  চ'তৰ সংক্ৰান্ত্ৰিৰ দিনৰপৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ মুঠ সাতদিন ধৰি এই বিহুটি উদযাপন কৰে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। যেনে- গৰু বিহুমানুহ বিহুহাত বিহুচেনেহী বিহুমাইকী বিহুৰঙালী বিহু আৰু চেৰা বিহু।' বহাগ বিহু কি? এই প্ৰশ্নৰ এইখিনি হৈছে ৰেডিমেড উত্তৰ। প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষাৰ্থীৰ বহীৰ পাতত আপুনি বহাগ বিহুৰ সন্দৰ্ভত সততে দেখিব ওপৰৰ বাক্য কেইশাৰী।এখন ৰচনাৰ কিতাপকে সম্বল কৰি বহাগ বিহুৰ বিষয়ে এজন শিক্ষাৰ্থীয়ে ইয়াতকৈ নো আৰু কি লিখিব ! ইয়াত সেই শিক্ষাৰ্থী সকলৰ দোষ নাই। আনফালে এটা ফালৰ পৰা চাব গ'লে সন্তান আৰু পৰিয়ালৰ ভৱিষ্যতৰ কথা ভাৱি দিনে-নিশাই কামত ব্যস্ত থকা অভিভাৱকসকলকো আমি এই দোষ দিব নোৱাৰো। তেনেহলে এই দোষ কাৰ?

দুষ্ট ঢুলীয়া নাচনী নিবৰ মন…
দুষ্ট ঢুলীয়া নাচনী নিবৰ মন…

এই প্ৰশ্নৰ সঠিক উত্তৰ হয়তো কাৰো হাততে নাই। বহুতে ক'ব এয়া সমাজৰ আৰু অগ্ৰজ সকলৰ দোষ আৰু কোনো কোনো কোনোৱে ক'ব যুৱ প্ৰজন্মৰ দোষ। দোষ বিচাৰি প্ৰতিদিনাই সভা, আলোচনা চক্ৰৰ লগতে বহু সংস্থা-সংগঠনৰ জন্ম হ'য়। সকলোৱে সমস্যাবোৰ খুচুৰি খুচুৰি উলিয়ায়। আৰু এই সমস্যাবোৰ সমাধানৰ বাবে পুনৰ সংগঠনৰ মাজতে গঠন কৰি দিয়ে কমিটি। কমিটিয়েও সংগঠনে বাছি দিয়া সমস্যাখিনি আৰু অধিক পুংখানুপুংখভাৱে অধ্যয়ন কৰে। এনেকৈয়ে পাৰ হয় দিন, মাহ, বছৰ। সমস্যাবোৰ বাঢ়ি গৈয়ে থাকে আৰু এই সমস্যাবোৰক লৈ আৰু অধিক অধ্যয়ন হয়, কিন্তু সমাধানৰ পথ নোলায়। আৰু শেষত এই সমস্যাবোৰ আলোচনা কৰিবলৈকে বহাগৰ বিহু আয়োজন কমিটি সমূহে সন্মিলনৰ এটা দিন সুকীয়াকৈ নিৰ্ধাৰণ কৰে। মুঠতে সমস্যাক লৈ আলোচনা কৰি থকা এই প্ৰক্ৰিয়াটোৱেই হয়গৈ সমাধানৰ পথ নোলোৱা এক প্ৰধান সমস্যা।

এতিয়া আমিও এই সমস্যাবোৰ আৰু অধিক আলোচনা কৰিব খোজা নাই। কিন্তু এটা কথা ঠিক, ব'হাগ বিহুৰ সন্দৰ্ভত লিখি উলিওৱা তত্বসমৃদ্ধ পুথিসমূহেই কেৱল এই সমস্যাৰ সমাধান পথ হ'ব নোৱাৰে। ইয়াৰ বাবে সকলোৱে অসমীয়া গাৱলীয়া সমাজখনৰ শিপাডালক বিচাৰিব লাগিব। ঢেকী, ঢোল আৰু কুলিৰ মাতত চুবুৰী কেনেদৰে ৰঙীয়াল হয় সেই অনুভৱ আমি অন্তঃকৰণেৰে অনুভৱ কৰিব পাৰিব লাগিব। কপৌফুলৰ প্ৰতিটো পাহিত লুকাই থকা সেই কপৌজনীক আমি সকলোৱে বিচাৰিব লাগিব। ৰহিৰ বাতি হাতত লৈ আৰু নাঙৰ মুঠি খামুছি আমি ভাৱিব লাগিব যে- Without Agriculture There is no Culture!

ফটো- কাকলি কাকতি
ফটো- কাকলি কাকতি

সময় গতিশীল। সকলোৱে সময়ৰ সৈতে খোজ মিলাইয়ে জীৱনত আগবাঢ়ে। ঠিক সেইদৰে সময়ৰ সৈতে খোজ মিলাইয়ে আমাৰ সমাজৰ কিছু ৰীতি-নীতি পৰিৱৰ্তন হোৱাটো স্বাভাৱিক। পৰিৱৰ্তনৰ মাজেদিয়েই অসমীয়া সভ্যতা-সংস্কৃতিয়ে আজি এই ৰূপ পাইছে। কিন্তু পৰিৱৰ্তনৰ নামত আমি নিজৰ শিপাক এৰি দিয়াটো মুঠেই উচিত নহয়। যদিও আজি বিহু বুলি কলেই গাঁৱৰ এখন ভোগালী ছবি আমাৰ মনলৈ ভাঁহি আহে বাস্তৱত কিন্তু সেয়া একোৱেই নাই। কৃষি ওপৰত নিৰ্ভৰশীল অসমীয়া সমাজে কেতিয়াৰে পৰা পঞ্জাৱ, হাৰিয়ানাৰ চাউল খাবলৈ ললে তলকিবই নোৱাৰিলে, দিন-ৰাতি এক কৰি প্ৰিয়জনলৈ বোৱা হেপাঁহৰ বিহুৱানখনৰ ঠাই কলকতাৰ মেচিনত বোৱা গামোছাখনে কেতিয়া ললে কোনো খবৰ নাৰাখিলে, সকলোতে কেৱল পৰিৱৰ্তন। এই পৰিৱৰ্তনত অসমীয়া জাতিয়ে এদিন ধৰি ৰাখিব পাৰিব নে নিজস্ব স্বকীয় মযৰ্দা।

পথাৰখন এৰি, গোহালিৰ গৰু কেইটা এৰি এই বহাগ বিহু আধৰুৱা। জেঠ মাহলৈকে বহাগী উৎসৱ, আদৰণি, বিদায় এইবোৰ পাতি থকা মানেই বহাগ বিহু নেকি? বছৰৰ ২-৩ দিনত মুগাৰ সাজ পিন্ধি অসমীয়াগিৰি দেখুৱাই থাকিলেই আমাৰ সংস্কৃতি ৰক্ষা হ'ব জানো! লক্ষ্যণীয়ভাৱে গতানুগতিকভাৱে চলি অহা এনে প্ৰক্ৰিয়াক একাংশ নৱপ্ৰজন্ময়ো পচন্দ নকৰে। বিহুৰ সময়ত একাংশ লোকে বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সৃষ্টি কৰা পৰিৱেশৰ সন্দৰ্ভত এজন যুৱকে ছচিয়েল মিডিয়াত ক্ষোভ উজাৰিছে এইদৰে-

' ব'হাগ বিহু মানেই চান্দা উৎসৱ। আৰ্থিক সাহায্যৰ উৎসৱ। এই উৎসৱ ব'হাগ মাহৰ শেষৰফালে অথবা কোনো কোনো ঠাইত জেঠ মাহৰ আৰম্ভণিতো উদযাপন কৰা হয়। ই দুই প্ৰকাৰৰ- বহাগী আদৰণি উৎসৱ আৰু বহাগী বিদায় উৎসৱ। এই দুই ধৰণৰ উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। যেনে- বিহুকুঁৱৰীবিহুকন্যা প্ৰতিযোগিতাহুছৰি প্ৰতিযোগিতা,ডলী ডলীনূপুৰআধুনিক নৃত্য প্ৰতিযোগিতা আদি। এই বিহু উদযাপন কমিটিবোৰে হাতত ৰচিদ বহি লৈ দুনীয়াৰ মানুহবোৰক দামি ঢমকি দি অসমীয়া সংস্কৃতি প্ৰীতি জহাই ফুৰে। কিছুমান ঠাইত আয়োজক কমিটীৰ সদস্য অথবা বিভিন্ন সম্পাদক আৰু সভাপতিসকলৰ মাজত কাজিয়াৰবাক- বিতণ্ডাৰ সূত্ৰপাত হয়। সেই কাজিয়াকে লৈ বৰ্তমানৰ জনপ্ৰিয় চেটেলাইট নিউজ চেনেলবোৰত ব্ৰেকিং নিউজ দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে যদিও বিভিন্ন প্ৰতিযোগিতাবোৰত বিচাৰকৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হয় কিন্তু তাৰ মাজতে বিচাৰকৰ সৈতে প্ৰতিযোগীসকলে শতাংশ হিচাপ মৰ্মে অনায়াসে নিজৰ খিতাপ বা স্থানসমূহ দখল কৰিবলৈ সক্ষম হয়।'

এই সকলো বিৰ্তকৰ মাজতে চ'ত মাহ এতিয়া যাবৰে হ'ল। আসন্ন নিৰ্বাচন, সকলোৱে কৈছে- এইবাৰৰ নিৰ্বাচনে বাপতি সাহোন ৰঙালী বিহুটোৰ উৎসাহ কিছুপৰিমাণে হ্ৰাস কৰিব। শিল্পীসকলৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব। ৰাজ্য চৰকাৰে এই বিহুৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগক কোনো কথাই অৱগত নকৰালে বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। কিন্তু চৰকাৰেও যুক্তি দেখাই কৈছে যে, দেশৰ সংসদীয় ব্যবস্থাত ৰাজ্য চৰকাৰে একো কৰিব নোৱাৰে। বিহুৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে আয়োগক এবাৰ হলেও জনাব লাগিছিল বুলি বহুতে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে। বিৰ্তক অথবা প্ৰতিক্ৰিয়া হলেও অহা ১১ এপ্ৰিলৰ পৰা অসমত লোকসভা নিৰ্বাচন আৰম্ভ হোৱাটো নিশ্চিত।

ব'হাগ পালেহি….
ব'হাগ পালেহি….

ৰাজ্যৰ নিৰ্বাচনৰ বতাহ বলিলেও, সেই বতাহক একাষৰীয়া কৰি এতিয়া সমগ্ৰ অসমবাসীয়ে চলাইছে ৰঙালীক আদৰাৰ প্ৰস্তুতি। সকলোফালে এতিয়া ব্যস্ততা। যতে-ততে বিহুৰ কৰ্মশালা আৰু আখৰা। কিন্তু ইয়াতো কোনোবাখিনিত যেন উৰুঙা। বিহু বুলিলেই গাঁৱৰ পথাৰখনৰ বৰগছজোপাৰ তলত গৈ কৰা আখৰা আৰু আজিৰ যতে ততে আয়োজন কৰা এই আখৰাস্থলীবোৰৰ মাজত আকাশ পাতাল পাৰ্থক্য। পথাৰ খনৰ বৰগছজোপাৰ তলত কৰা বিহুত আছিল সহযোগিতা আৰু আজি প্ৰেক্ষাগৃহৰ ভিতৰত সোমাই কৰা বিহুত আছে মাথো প্ৰতিযোগিতা। এয়াই পাৰ্থক্য।

হাজাৰটা পৰিৱৰ্তন হওক! তথাপিও ধৰালৈ নামিব ঋতুৰাজ বসন্ত, আহিব ব'হাগ। উৰুকা নিশা আকৌ ব্যস্ত হ'ব গাঁৱৰ বাই-ভনী। ঢেকীৰ চাপত কঁপি উঠিব চুবুৰী। গৰুৰ চালত ঢোলীয়া ডেকাই উঠাব যাদুকৰী চাপ। নাচনীৰ গছকত ভাঙিব যতৰ! গৰু বিহুৰ দিনা পুৱাতে উঠি গাঁৱৰ খেতিয়কজনে চাকৰ লাও-বেঙেনা মাৰি খেতিৰ গৰুকেইটাৰ মংগল কামনা কৰিব, সন্ধিয়া পদূলিত জ্বলিব জাকঁ(জুই)।ব'হাগৰ নিশাৰ হুচৰিত গাঁৱৰ নাচনী গাভৰুক উদ্দেশ্যি ডেকা নামতিয়ে আকৌ গাব- মেখেলা পিন্ধিব নাজানা মৰমী, কেনেকৈনো হ'বাগৈ আনৰ ঘৰৰ বোৱাৰী !'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in