মানুহজনে কি কৰি দিয়ে, কোনেও তত ধৰিব নোৱাৰে। কেতিয়াবা তেওঁৰ কথাত খং উঠিব পাৰে, কেতিয়াবা একেজন মানুহৰ কৰ্মকাণ্ডই হাঁহিৰ খোৰাক যোগায়। এনেবোৰ গুণৰ বাবেই হয়তো তেওঁৰ নাম আছিল- চেণ্টু!
১৯৯২ চনৰ কথা। তিনিচুকীয়া কলেজত পঢ়ি আছিল এজন যুৱক। লেখা- মেলাৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল। কলেজৰ সেই দিনবোৰত বন্ধু- বান্ধৱৰ লগতে আড্ডাত লগ পাইছিল এজন বিশেষ মানুহক।
নিৰক্ষৰ, সহজ-সৰল মাটিৰ মানুহ আছিল এইজন। সেই মানুহজনকেই তেওঁ লেখা এটা গল্পত চৰিত্ৰ কৰিলে।
মানুহজন যিহেতু বয়সত ডাঙৰ, সেয়ে গল্পত তেওঁৰ নামৰ সৈতে ‘দা’টো লগাই দিলে।
এনেকৈয়ে প্ৰথম গল্প এটাৰ চৰিত্ৰ হৈ পৰিল চেণ্টুদা। সেই সময়ৰ কলেজীয়া ছাত্ৰ বৈদ্যুৰ্য বৰুৱাই তাৰ পাছত বহু গল্প- উপন্যাসেৰে পাঠকক সন্মোহিত কৰি ৰাখিলে।
তেওঁৰ এই সৃষ্টিবোৰত এটা পৰিচিত নাম হৈ পৰিল চেণ্টুদা। পাঠকেও বৈদ্যুৰ্য বৰুৱাক যিমান চিনি পালে, সমানে চিনি পালে চেণ্টুদাক। বৰুৱাৰ দৰেই চেণ্টুদাও জনপ্ৰিয় হৈ পৰিল পাঠকৰ মাজত।
তিনিচুকীয়াৰ জি এন বি ৰোডত চেনিৰাম হাইস্কুলৰ সমীপত এখন সৰু চাহৰ দোকান আছিল। সেই দোকানৰ গৰাকী আছিল চেণ্টুদা। তেওঁৰ আচল ঘৰ আছিল নামৰূপৰ জয়ৰামপুৰত।
তাৰ পৰা তেওঁ কেনেবাকৈ গুচি আহিছিল তিনিচুকীয়ালৈ।
গল্পত গল্পকাৰ বৰুৱাই অংকন কৰাৰ দৰেই তীখৰ নাছিল চেণ্টুদা। ২০ শতাংশ সমল এই চৰিত্ৰটোত বাস্তৱৰ পৰা বুটলি বাকী ৮০ শতাংশই বৈদ্যুৰ্য বৰুৱাই কল্পনাৰ ৰহণ সানিছিল।
মানুহবোৰে কিন্তু গল্পকাৰে গল্পত লিখাৰ দৰে চেণ্টুদা মানুহজন একেই বুলি ভাবিছিল। তাৰ পাছত ২০২৩ চনলৈকে প্ৰায় ৩দশকৰো অধিক কাল চেণ্টুদা বৈদ্যুৰ্য বৰুৱাৰ গল্পৰ চৰিত্ৰ হৈয়েই থাকিল।
বৈদ্যুৰ্য বৰুৱাৰ গল্পবোৰেই পৃথক। তেওঁৰ গল্পৰ কথনত চেণ্টুদাৰ উপস্থিতিয়ে পাঠকক মোহাচ্চন্ন কৰি ৰাখিছিল। ইয়াৰ পাছত চেণ্টুদাই কি কৰিব সেই কথা পাঠকে ভাবি তেওঁৰ গল্পৰ বাবে অপেক্ষা কৰিছিল।
তিনিচুকীয়াৰ সেই হোটেলখনলৈ চেণ্টুদাক বিচাৰি বহু পাঠক গৈছিল।
বিস্ময়ত চেণ্টুদাৰ কাহিনীৰে গল্প প্ৰকাশ পোৱাৰ পাছত বহু চিনাকি লোকে চেণ্টুদাৰ হোটেললৈ গৈ কৈছিল- এইবাৰ বিস্ময়ত তোমাৰ কথা লিখিছে নহয়, এইবোৰ কি কৰি আছা ?
নিজে বিস্ময় পঢ়িব নোৱাৰিলেও আনে কোৱা কথাৰ ওপৰত ভিত্তি কৰিয়েই বৈদ্যুৰ্য বৰুৱাক কৈছিল- তই এইবোৰ কি লিখিছ মোক লৈ ? বৰ্বাদ কৰি পেলাইছ...
এয়াই আছিল তেওঁৰ মৰম মিহলি আব্দাৰ। চেণ্টুদাকলৈ প্ৰথম যিটো গল্প তেওঁকলৈ লিখিছিল, সেই গল্পটোৰ নাম আছিল- ফোঁটা। তেঁও আছিল খুব নম্ৰ আৰু ভদ্ৰ। মুখত তেওঁৰ এটা বেয়া শব্দ শুনা নাপাইছিল কোনেও।
লেখক বৈদ্যুৰ্য বৰুৱাই জানিবলৈ দিয়া মতে তেওঁৰ চাল- চলন, আদৱ-কায়দা, দেহৰ অৱয়বে তেওঁক আকৰ্ষিত কৰিছিল। সেয়েহে তেওঁ কোনো পৰিকল্পনা অবিহনে প্ৰথম তেওঁক তেওঁৰ গল্পৰ চৰিত্ৰ কৰি লৈছিল। বেমাৰ- আজাৰ নাছিল মানুহজনৰ। কিন্তু মানুহজনে চটফটাই ঘূৰি ফুৰিছিল।
তেওঁৰ কথা- বতৰাবোৰে আমোদ দিছিল। সেয়েহে ইখনৰ পাছত সিখন উপন্যাসত চেণ্টুদা তেওঁৰ চৰিত্ৰ হৈ ৰৈ গৈছিল। ১৪ নবেম্বৰ, ২০২৪ত শেষ নিশ্বাস ত্যাগ কৰে চেণ্টুদাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮৪ বছৰ আছিল।
জীৱনৰ আগ বয়সতে তেওঁ পত্নীক হেৰুৱাইছিল। ৩টা ল’ৰা- ছোৱালীক এই মানুহজনে তুলি-টালি ডাঙৰ- দীঘল কৰিছিল। এতিয়া তিনিও সন্তান সু প্ৰতিষ্ঠিত। সৰু ল’ৰাটোৱে চলাই তেওঁৰ হোটেলখন। একমাত্ৰ জীয়েকক ইতিমধ্যে বিয়া দিছে।
অসুস্থতাৰ খবৰ শুনি মৃত্যুৰ ৪দিনৰ পূৰ্বে তেওঁৰ কাষলৈ গৈছিল বৈদ্যুৰ্য বৰুৱা। অসুস্থ চেণ্টুদাৰ গাত তেতিয়া কথা ক’বলৈ বল নাছিল। ৰক্তহীনতাত ভোগা মানুহজনৰ হাত-ভৰিবোৰ ফুলি উঠিছল। বহু চেষ্টা কৰি বৈদ্যুৰ্য বৰুৱাই তেওঁৰ সৈতে দুই- এষাৰ কথা পাতিছিল।
জীয়াই থকাৰ প্ৰচণ্ড হেঁপাহ লৈ ফুৰিছিল মানুহজনে। বৈদ্যুৰ্য বৰুৱাৰ আগত সেইদিনা কৈছিল- আৰু দুবছৰমান জীয়াই থাকিম বুলি। হোটেল লৈ কেইবাদিনো যাব পৰা নাই বুলি আক্ষেপ কৰিছিল। তেওঁ সম্পূৰ্ণ নাম আছিল- চেণ্টু ভাৱেলি। বঙালী সম্প্ৰদায়ৰ লোক আছিল তেওঁ।
পাঠকৰ মনত সাঁচ বহুৱাই যোৱা অসমীয়া গল্প, উপন্যাসৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ আছিল এই চেণ্টুদা। পাঠকে তেওঁকলৈ এখন পৃথক ছবি মনৰ ভিতৰতে আঁকি থৈছিল। সেই ছবি থাকি যাব পাঠকৰ মনত। একেদৰে বৈদ্যুৰ্য বৰুৱায়ো ক’লে মই থকালৈকে চেণ্টুদা জীয়াই থাকিব মোৰ কাহিনীত।
মানুহৰ অকৃত্ৰিম মৰম পোৱা এটা জীৱন্ত চৰিত্ৰ আছিল চেণ্টুদা। সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা অসমীয়া সাহিত্যৰ এটা অসাধাৰণ চৰিত্ৰ আছিল তেওঁ।