আজি আত্ম-যত্ন দিৱস...

আজি আত্ম-যত্ন দিৱস...
Published on
Updated on

মানুহৰ ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ বাবে সময় উলিওৱাটো অতিকৈ প্ৰয়োজনীয়। কিয়নো অনিয়মিক জীৱনশৈলী, খাদ্যাভাস, অসম্পূৰ্ণ টোপনিয়ে বেছি সংখ্যক মানুহক বিভিন্ন বেমাৰ আজাৰে ছানি ধৰিছে। ইয়াৰ কাৰণ এটাই নিজৰ শৰীৰটোৰ যতন ল'বৰ বাবে উলিয়াব নোৱাৰা সময়। সুস্বাস্থ্যৰ এক অপৰিহাৰ্য উপাদান আত্ম-যত্নৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে আন্তৰ্জাতিক আত্ম-যত্ন ফাউণ্ডেচনে ২০১১ চনত আন্তঃৰাষ্ট্ৰীয় আত্ম-যত্ন দিৱসৰ আৰম্ভণি কৰিছিল। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত লক্ষ্মীপ্ৰিয়া দত্তৰ বিশেষ প্ৰতিবেদন...

বৰ্তমান সময়ত মানুহৰ ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ বাবে অলপ সময় উলিওৱাতো বৰ জটিল হৈ পৰিছে। এই ব্যস্ত জীৱনত আমাৰ শৰীৰৰ সুস্থতাক উপেক্ষা কৰাটো ইমানেই সহজ হৈ পৰিছে যে দিনটোৰ ৫মিনিট সময়ো শৰীৰটোক দিবলৈ সময় নোহোৱা হৈছে।

কিন্তু এই ব্যস্ত জীৱনত কিছুসময় নিজকে দি শৰীৰটোক প্ৰাপ্য যত্ন আৰু মনোযোগ দিয়াটো প্ৰযোজনীয়। যাৰ বাবে প্ৰতিবছৰে ২৪জুলাইত পালন কৰা হয় আন্তৰ্জাতিক আত্ম-যত্ন দিৱস।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে, আত্ম-যত্নৰ ভিতৰত ব্যক্তি, পৰিয়াল আৰু সম্প্ৰদায়ে নিজৰ স্বাস্থ্যৰ উন্নতি আৰু ৰক্ষা, ৰোগ প্ৰতিৰোধ আৰু অসুস্থতা আৰু অক্ষমতাৰ সৈতে যুঁজিবলৈ নিজকে প্ৰস্তুত কৰি তোলা আদি অন্তৰ্ভুক্ত। ই আমাৰ শৰীৰৰ যত্ন লোৱাত আমি লোৱা সক্ৰিয় ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ই এখন সুস্থ আৰু অধিক স্থিতিস্থাপক সমাজ গঢ়ি তোলাৰ এক শক্তিশালী আহিলা হিচাপে কাম কৰে।

এগৰাকী মহিলা বা এজন ব্যক্তিয়ে প্ৰায়ে বাহিৰৰ কাম আৰু আনৰ যত্ন লোৱাৰ কথা ইমানেই চিন্তা কৰে যে তেওঁ নিজৰ যত্ন ল’বলৈ পাহৰি যায়। এনে পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় আত্ম-যত্ন দিৱসৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায়। এই দিৱস উদযাপন আৰম্ভ হৈছিল ২০১১ চনৰ পৰা। এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে স্বাস্থ্যৰ যত্ন আৰু স্বাস্থ্য ব্যৱস্থাপনাৰ প্ৰতি মানুহৰ মনোযোগ উৎসাহিত আৰু প্ৰসাৰ কৰা।

আত্ম-যত্নৰ ধাৰণাটো ১৯৫০চনৰে পৰা চৰ্চিত হৈ আহিছে যদিও ২০১১ চনলৈকে ইয়াৰ কোনো স্বীকৃতি লাভ কৰা নাছিল। আমেৰিকাৰ ইণ্টাৰনেচনেল চেল্ফ-কেয়াৰ ফাউণ্ডেচনে বিশ্বব্যাপী সজাগতা বৃদ্ধিৰ বাবে ২০১১চনৰ ২৪জুলাইৰ পৰা আন্তৰ্জাতিক আত্ম-যত্ন দিৱস আৰম্ভৰ আৰম্ভ কৰিছিল৷ আন্তৰ্জাতিক আত্ম-যত্ন দিৱসৰ ইতিহাসে স্বাস্থ্য পৰিচালনাত সক্ৰিয় ভূমিকা লোৱাৰ প্ৰয়োজনীয়তাক প্ৰতিফলিত কৰে৷ ই স্বাস্থ্যসেৱাৰ চিকিৎসা আৰ্হিৰ পৰিৱৰ্তেও ব্যক্তিজনৰ স্বাস্থ্য ভাল কৰি ৰখাত নিজৰ ভূমিকাক উনুকিয়ায় ৷

কেতিয়া আমাৰ শৰীৰটোক আত্ম-যত্নৰ প্ৰয়োজন হয়:

  • যেতিয়া এজন ব্যক্তিয়ে নিৰন্তৰ ভাগৰ অনুভৱ কৰিব তেতিয়াই ব্যক্তিজনক আত্ম-যত্নৰ প্ৰয়োজন হয়।

  • প্ৰতিটো কথাতে বিৰক্তিকৰ অনুভৱ কৰাটোও আত্ম-যত্ন প্ৰয়োজনৰ লক্ষণ।

  • এজন ব্যক্তি আত্ম-যত্নৰ অভাৱত কোনো কামতে মনোনিৱেশ কৰিব নোৱাৰা হয়। মনোযোগ কমি অহা পৰিলক্ষিত হয়।

  • সঘনাই ভোক লগা বা খাবলৈ মন নোযোৱাটোও আত্ম-যত্নত মনোনিৱেশ কৰাৰ লক্ষণ হ’ব পাৰে।

  • সামাজিক বাৰ্তালাপ প্ৰত্যাহাৰ কৰাৰ লগতে বহুতো নেতিবাচক চিন্তা মনলৈ আহি থাকিব পাৰে।

কেনেদৰে আমি আত্ম-যত্ন ল'ব পাৰো:

  • দৈনিক ৩০ মিনিট খোজ কাঢ়ি বা ব্যায়াম কৰি আমি আমাৰ শৰীৰটো যত্ন ল'ব পাৰো।

  • দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা।

  • প্ৰয়োজন অনুসৰি টোপনি সম্পূৰ্ণ কৰা।

  • নূন্যতম পৰ্দাৰ সময় অৰ্থাত ম'বাইল, লেপেটপ, টেলিভিছন আদিত খুব কম সময় অতিবাহিত কৰা।

  • আজৰি সময়ত কিতাপ পঢ়ি, পাৰ্কত খোজ কাঢ়ি, ভাল লগা গান শুনি, যোগ- ধ্যান-ধাৰাণাৰে আমি নিজৰ শৰীৰৰ যত্ন ল'ব পাৰো।

  • নতুন কিবা এটা শিকাৰ আগ্ৰহেৰে আমি নিজ শৰীৰৰ যত্ন ল'ব পাৰো।

  • সামাজিক মাধ্যম পৰিহাৰ কৰি আমি অলপ সময় নিজকে দি আত্ম-যত্ন ল'ব পাৰো।

  • কামৰ পৰা বিৰতি লৈ ভাল লগা কাম কৰি আত্ম-যত্ন ল'ব পাৰো।

নিজৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু আধ্যাত্মিক সুস্থতা অক্ষত ৰখাটো আত্ম-যত্নত অন্তৰ্ভুক্ত। ইয়াৰ ভিতৰত প্ৰতিদিনে কিছুসময় নীৰৱে সময় কটোৱা, বন্ধু-বান্ধৱীৰ সৈতে মত বিনিময় কৰা বা সুস্থতা বৃদ্ধি কৰা কাৰ্যকলাপত অংশগ্ৰহণ কৰা আদি উল্লেখযোগ্য। ইয়াৰ উপকাৰিতাৰ ভিতৰত কম মানসিক চাপ আৰু নিজকে সুখী অনুভৱ কৰা লগতে শৰীৰ আৰু মনটো ভাল অনুভৱ হয়। এই প্ৰক্ৰিয়াটো বিশেষকৈ সেইসকল মানুহৰ বাবে গুৰুত্বপূৰ্ণ, যিসকলে সঘনাই নিজৰ আগতে আনক অগ্ৰাধিকাৰ দিয়ে।

আত্ম-যত্ন দিৱসে আমাক সোঁৱৰায় দিয়ে যে প্ৰতিটো সময়তে আত্ম-যত্ন দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ হ’ব লাগে ৷ এই দিৱসে নিজকে ভাল পাবলৈ আৰু শৰীৰ-মনৰ যত্ন লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ নিজক আনতকৈ আগত ৰাখি, নিজৰ যত্ন লোৱাটো স্বাৰ্থপৰ নহয় । সেইবাবে নিজৰ শৰীৰটোৰ বাবে নিজক অগ্ৰাধিকাৰ দিয়টো কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে গুৰুত্ব দিয়ক।

আজি আত্ম-যত্ন দিৱস...
বিহাৰে পালে ১১ হাজাৰ ৫০০ কোটি, অসমে পালে আকৌ আশ্বাস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in