চূৰমাৰ হয় সপোনঃ অসমত প্ৰতিবছৰে ১০০কোটি টকাৰ ঘৰ-দুৱাৰ উটুৱাই নিয়ে বানে...

চূৰমাৰ হয় সপোনঃ অসমত প্ৰতিবছৰে ১০০কোটি টকাৰ ঘৰ-দুৱাৰ উটুৱাই নিয়ে বানে...
Published on
Updated on

ঘৰ। প্ৰতিগৰাকী লোকেই অতি হেপাঁহেৰে, অতি আটোম টোকাৰিকৈ গঢ় দিয়ে এখন ঘৰক। অলেখ সপোন, অলেখ আশাৰে নিৰ্মাণ কৰা সেই ঘৰখল পলকতে যদি নিঃশেষ হয়, কেনে লাগিব বাৰু! কিন্তু এনেকুৱাই হয় অসমত প্ৰতিবাৰৰ বানত! বছৰি ১০০কোটিৰ ঘৰ-দুৱাৰ উটিঁ যায় বানত। এক বিশেষ প্ৰতিবেদন...

প্ৰতিটো বছৰতেই বলিয়া বানে নিঃশেষ কৰি পেলায় লক্ষ লক্ষ জনৰ সপোন। প্ৰতিবাৰেই বানপানীত উটি যায় কোটি কোটি টকাৰ সম্পত্তি। প্ৰতিবছৰেই অসমত প্ৰায় ৩০লাখৰো অধিক লোক আক্ৰান্ত হয় বানত। শেহতীয়াকৈ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য।

প্ৰকাশ পোৱা তথ্য অনুসৰি, অসমত বানৰ বাবেই প্ৰতিবছৰে গড়ে ১০০কোটি টকাৰ ঘৰ-দুৱাৰ উটি যায় বানত। কেন্দ্ৰীয় চৰকাৰে খোদ দাখিল কৰিছে এই তথ্য। ২০১৬চনৰ পৰা বছৰি গড়ে বানত প্ৰায় ১০০কোটি টকাৰ ঘৰ ক্ষতি হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।

জলশক্তি মন্ত্ৰালয়ে দাখিল কৰা এই প্ৰতিবেদনত ২০২১৬চনত অসমত ৮৮, ৩৭২টা কেচাঁ আৰু পকাঘৰ বানত বিধ্বস্ত হৈছে। উক্ত ক্ষতিৰ পৰিমাণ আছিল প্ৰায় ৭৮কোটি টকা। ২০১৭চনত ১,১১,০৭০টা গৃহ বানত ক্ষতিগ্ৰস্ত হৈছিল আৰু ইয়াৰ পৰিমাণ আছিল ৯০.৯৪কোটি টকা।

ইফালে ২০১৮চনতো ৮৪.০১কোটি টকাৰ ঘৰ উটি গৈছিল বানত। সেই বৰ্ষত ১লাখ ২হাজাৰ ৭৩৭টা ঘৰ বিধ্বস্ত হৈছিল বানত। ২০১৯চনত ১লাখ ১৭হাজাৰ ৮৩১টা গৃহ বানত ক্ষতিগ্ৰস্ত হৈছিল। এই ক্ষতিৰ পৰিমাণ আছিল ১৫১.৪কোটি টকা।

২০২০চনত ৮১,১২২টা ঘৰ বানত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ৯৩.৩৬কোটি টকা, ২০২১ত ৯৮,১২২টা গৃহ ক্ষতি হোৱাৰ বাবে ৯৭কোটি টকা উটি গৈছিল বানত।  ২০২২তো ১লাখ ২হাজাৰ ৫০১টা গৃহ বানত ক্ষতিগ্ৰস্ত হৈছিল। এই ক্ষতিৰ পৰিমাণ আছিল ১০২কোটি টকা।

২০২৩চনত অসমত ১লাখ ১২হাজাৰ, ৩০২টা ঘৰ বানত উটি গৈছিল। ২০২৩ত ১০৩কোটি টকাৰ ঘৰ-দুৱাৰ বিধ্বস্ত হৈছিল। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,  বানত ক্ষতি হোৱা ঘৰৰ তথ্য বিশ্লেষণ কৰি জলশক্তি মন্ত্ৰালয়ে টকাৰ হিচাপত এই ক্ষতি নিৰ্ণয় কৰে।

ইফালে এটা কথা উল্লেখনীয় যে, ২০২৪তো এই সংখ্যা ২০২৩তকৈ কম নহব। কিয়নো এইবাৰৰ বানৰ ৰূপ পূৰ্বতকৈ অধিক সংহাৰী। সেই দিশৰ পৰা চাবলৈ গলে এইবাৰ বানতো ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্তৰ হিচাপ ১০০কোটিৰ ওপৰতে থাকিব।

উল্লেখ নকৰি নোৱাৰি যে, এইবেলি ৰাজ্যৰ ৩০লাখৰো অধিক লোক বানত আক্ৰান্ত হৈছে। ৮জুলাইৰ লৈকে বান পৰিস্থিতি পূৰ্বতকৈ কিছু স্থিৰ হৈছে যদিও এতিয়াও ১৮লাখৰো অধিক লোক পানীৰ তলতেই আছে।

এতিয়াও ৰাজ্যৰ ২৭খন জিলাৰ ১৮লাখ ৮০হাজাৰ ৭৪৩গৰাকী পানীত তলতেই জীৱন নিৰ্বাহ কৰি আছে।  ৮জুলাই, ২০২৪তাৰিখে দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰা তথ্য অনুসৰি, বৰ্তমান অসমৰ ৯১টা ৰাজহচক্ৰ আৰু ৩হাজাৰ ১৫৪খন গাওঁ বানপানীৰ কৱলত আছে।

বানপানীৰ কবলত থকা ২৭খন জিলাত ৫৪৩টা ৰিলিফ কেম্প স্থাপন কৰিছে চৰকাৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে বানত ৭২গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ইফালে ৮জুলাইৰ দিনটোত ৰাজ্যত ২৭টাকৈ ঘৰ বানপানীয়ে ভাঙি পেলোৱা বুলি তথ্য সদৰি কৰিছে বিভাগে।

বৰ্তমান বানপানীত সৰ্বাধিক আক্ৰান্ত হোৱা জিলাকেইখন হৈছে- বৰপেটাত ১লাখ ৩৫হাজাৰ ৯১৮গৰাকী, ধুবুৰীত ৪লাখ ৭২হাজাৰ ৮৪৮গৰাকী, গোলাঘাটত ১লাখ ১২হাজাৰ, ৩২২গৰাকী, নগাঁৱত ৭৪হাজাৰ ৮৫৮গৰাকী, দক্ষিণ শালমাৰাত ১লাখ ৭৫৩গৰাকী, দৰঙত ৯৩হাজাৰ ২৪৯গৰাকী লোক বানপানীৰ কবলত বৰ্তমানেও আছে।

ইফালে ৰাজ্যৰ ভিতৰতে চৰকাৰে সৰ্বাধিক ৰিলিফ কেম্পৰ ব্যৱস্থা কৰিছে নগাঁৱত। নগাঁৱত প্ৰায় ১০৫টা ৰিলিফ কেম্পৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বিপৰীতে ধুবুৰীত ৩০টা,  ডিব্ৰুগড়ত ৪৬টা, কৰিমগঞ্জত ৪২টা, শিৱসাগৰত ৪৬টা, কাছাৰত ৬৩টা, বৰপেটাত ১২টা ৰিলিফ কেম্পৰ ব্যৱস্থা কৰা হৈছে।

এইবাৰৰ বানত সৰ্বাধিক পশুধনৰ আক্ৰান্ত হৈছে ধুবুৰীত। জিলাখনত ৩লাখ ৪২হাজাৰ৪৪৭টা পশুধন বৰ্তমানেও পানীৰ কবলত। দৰঙত ১লাখ ১৫হাজাৰ, বৰপেটাত ১লাখ ৯৯হাজাৰ, শিৱসাগৰত ৯৪হাজাৰ, নগাঁৱত ৬৫হাজাৰ, গোৱালপাৰাত ৮৪হাজাৰ পশুধন বানপানীৰ কবলত। এতিয়ালৈকে ১৫লাখ ১৮হাজাৰ ৬০৬টা পশুধন এই বানত আক্ৰান্ত হৈছে।

গতিকে এইবোৰ দিশৰ পৰা চাবলৈ গলে, এইবাৰ বানপানীৰ ক্ষতিৰ পৰিমাণে ৰেকৰ্ড সৃষ্টি কৰাৰ পূৰ্ণ সম্ভৱনা আছে। ইটোৰ পিছত সিটো মথাউৰি ভাগি এইবাৰ বানে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। শেহতীয়াকৈ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ এই প্ৰতিবেদনে পুনৰ চিন্তিত কৰিছে সকলোকে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in