ডিজিটেল সংবাদ, গোগামুখ : ধেমাজি জিলাৰ অন্যতম ভক্তিভৰা স্থান হৈছে ঐতিহাসিক শ্ৰী শ্ৰী অনন্ত মহাত্মা শ্ৰম। গোহাঁই চাপৰিস্থিত মহাত্মা শ্ৰমখনত দেওবাৰে ৰাতি কোনো ধাৰ্মিক চোৰে পূজা -অৰ্চনা কৰি অনন্ত মহাত্মা শ্ৰমৰ মূল দ্বাৰৰ তলা ভাঙি লক্ষ্যত উপনীত নহৈ কাষতে থকা শিৱ মন্দিৰ তলা ভাঙি লুটি নিয়ে এটেকেলী ধন, এমোনা ৰূপ ফুল আৰু চাৰি পাহ সোণৰ ফুল লগতে বহু কেইখন ধৰ্ম পুস্তক।
উল্লেখযোগ্য যে পূৰ্বেও এনেধৰণৰ কাৰ্যকলাপ সংঘটিত হৈছে। আশ্ৰমখনৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে জিলা প্ৰশাসনলৈ আহ্বান- চোৰক অতি শীঘ্ৰে কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰা লগতে আশ্ৰমত CCTV লগোৱা ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।