শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানত উখল মাখল পৰিৱেশ...

আজি গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী...

author-image
Asomiya Pratidin
New Update
তিনিদিনীয়াকৈ বটদ্ৰৱাত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ উদযাপন...

batadrava than

ডিজিটেল সংবাদ বটদ্ৰৱাঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানত সোমবাৰৰ পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গুৰুজনাৰ জন্মজয়ন্তী উৎসৱ।

সোমবাৰৰ দিনটোত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ পাছত নিশা অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা। আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত উৰে নিশা হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ থাকে।

আজি গুৰু জন্মজয়ন্তীৰ দিনটোত বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্রী আগমন ঘটিছে। আজি নিত্য নৈমিত্তিক নাম প্ৰসংগৰ লগতে ১১ বজাত আৰম্ভ হব সাংস্কৃতিক শোভাযাত্ৰা। নিশা নাটঘৰত শলগুৰি সত্ৰৰ ভকত বৈষ্ণৱে পৰিবেশন কৰিব শ্যামন্ত হৰন ভাওনা।

srimanta sankardeva BATRADAVA