নগাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন

নগাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ, বেবেজীয়া: অসমীয়া জাতিৰ প্ৰাণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বুধবাৰে তিৰোভাৱ তিথি। সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাৰ প্ৰান্তে প্ৰান্তে মহাপুৰুষজনাৰ তিথি আজি উদযাপন কৰা হয়। গুৰু বন্দনাৰে বিধৌত হৈ পৰে সমগ্ৰ নগাঁও জিলা। জিলাখনৰ সকলো নামঘৰ-সত্ৰ আৰু বহু কেইখন শিক্ষানুষ্ঠান আদিত গুৰুজনাৰ তিৰোভাৱ তিথি উলহ মালহেৰে উদযাপন কৰা হয়। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সত্ৰ-নামঘৰ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পৰম্পৰা ৰক্ষা কৰি উদুলি মুদুলি পৰিৱেশত গুৰুজনাৰ তিথি উদযাপন কৰা হয়। নিশা অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। অসমীয়া সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ জিলাখনৰ কলিয়াবৰ অঞ্চলত ৰাইজে বিভিন্ন কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়। আজি পুৱাৰে পৰা গধুলিলৈকে জিলাখনৰ নামঘৰ-সত্ৰত ভকত-বৈষ্ণৱ ,আইমাতৃ সমন্বিতে কিশোৰ-কিশোৰী, যুৱক -যুৱতীসকলে জাতীয় সাজপাৰ পৰিধান কৰি ভীৰ কৰা পৰিলক্ষিত হয়।

হাতচাপৰি ,খোল ,নাগাৰা,ডবা ,তাল আদিৰ শব্দই এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। ভকত বৈষ্ণৱ ,আইমাতৃৰ হৰিনামৰ ধ্বনিয়ে সমগ্ৰ নগাঁও জিলাত আধ্যাত্মিক পৰিবেশৰ সুচনা কৰে। সত্ৰ -নামঘৰৰ লগতে জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানত গুৰু জনাৰ তিথি উদযাপন কৰা হয়। নগাঁও চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠত উদযাপিত তিথি উপলক্ষে ছাত্ৰ -ছাত্ৰী সকলক শ্ৰীমন্ত শংকৰদেৱক পৰিচয় কৰি দিয়াৰ প্ৰয়াস কৰা হয়। তিথি উপলক্ষে গুৰুজনাৰ অমৰ সৃষ্টি ঘোষা ,খোলপ্ৰসঙ্গ , দিহানাম ,সত্ৰীয়া নৃত্য আদি পৰিৱেশন কৰে কণ কণ শিক্ষাৰ্থীসকলে।

তদুপৰি গুৰুজনাৰ জীৱন দৰ্শনৰ ওপৰত শিক্ষাৰ্থী সকলক সম্যক ধাৰণা দিয়া হয়।গুৰুকুল গ্লবেল একাডেমীটো গুৰুজনাৰ তিথি উদযাপন কৰা হয়।জিলাখনৰ ঠাই বিশেষে গুৰুজনাৰ জীৱন দৰ্শনৰ বিষয়ে আলোচনা সভা , ভাওনা প্ৰদৰ্শন আদি অনুষ্ঠান অনুষ্ঠিত হয়।জিলাখনৰ বেবেজীয়া, জামুগুৰি , দক্ষিণপাট, বৰক'লা, তুলসীমুখ, ননৈ, ,বঢ়মপুৰ,চাপানলা ,কঠিয়াতলি , ,পাঠৰি , ফুলগুৰি ,হাতীচোং মৌজা ,ধিং ,জুৰীযা ,ৰূপহী ,মৰিকলং আদিৰ লগতে নগাঁও চহৰৰ সকলো নামঘৰত গুৰুজনাৰ তিথি উদযাপন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in