ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এছ এছ চিয়ে বহুকেইটা বিভাগৰ নিযুক্তি সম্পৰ্কত এক বিবৃতি জাৰি কৰিছে। চি আৰ পি এফ, বি এছ এফ আৰু চি আই এছ এফত নিযুক্তিৰ বাবে মুঠ ৩৯হাজাৰ, ৪৮১টা পদৰ বাবে এছ এছ চিয়ে বিবৃতি জাৰি কৰিছে। লক্ষ্যণীয় কথাটো হৈছে যে, এই পৰীক্ষাত অৱৰ্তীণ হোৱাৰ বাবে প্ৰাৰ্থীগৰাকী হব লাগিব দশম শ্ৰেণী উৰ্ত্তীণ।
এই ৩৯হাজাৰ পদৰ ভিতৰত ৩৮০০টা পদ মহিলাৰ বাবে সংৰক্ষিত। বি এছ এফত ১৫,৬৫৪টা পদৰ ভিতৰত ২৩৪৮টা পদ মহিলাৰ বাবে সংৰক্ষিত। ইফালে চি আই এছ এফৰ মুঠ ৭১৪৫টা পদৰ ভিতৰত ৭১৫টা পদ মহিলাৰ বাবে সংৰক্ষিত। চি আৰ পি এফৰ ১১,৫৪১টা পদৰ ভিতৰত ২৪২টা পদ মহিলাৰ বাবে সংৰক্ষিত হ'ব বুলি সদৰি কৰিছে এছ এছ চিয়ে। অৱশ্যে এছ এছ বিত এটাও পদ মহিলাৰ বাবে সংৰক্ষিত নহয়।
অসম ৰাইফলছৰ ১০০টা পদ মহিলাৰ বাবে সংৰক্ষিত হব বুলিও সদৰি কৰিছে এছ এছ চিয়ে। এই সমূহ পদবীৰ বাবে আবেদনৰ তাৰিখৰ লগতে অন্যান্য নীতি-নিয়ম সমূহ অচিৰেই ৱেবচাইটত প্ৰকাশ কৰিব এছ এছ চিয়ে।