ডিজিটেল ডেস্ক: অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিডিপি(তেলেগু দেশম পাৰ্টী) নেতা চন্দ্ৰবাবু নাইডুৰ ৰেলীত অঘটন। পদপিষ্ট হৈ ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। মঙলবাৰে নেল্লোৰ জিলাৰ কান্দুকুৰুত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল।
তাৰ পাছতে বুধবাৰে সন্ধিয়া নাইডুয়ে ৰোড শ্ব কৰি আছিল।সেই অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত প্ৰায় ১০ জনকৈ লোক আহতও হয়।
আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চন্দ্ৰবাবু নাইডুৱে ঘটনাটোৰ পিছতে অনুষ্ঠানটো বাতিল কৰি মৃতকৰ আত্মীয়সকলক ১০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে।
আৰু পঢ়ক: অৰুণাচলত আৰম্ভ হৈছে তুষাৰপাত, একাংশ অঞ্চল ভ্ৰমণ নকৰাৰ আহ্বান পৰ্যটকক