ত্ৰিপুৰাৰ বানপীড়িতলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান...

ত্ৰিপুৰাৰ বানপীড়িতলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান...
Published on
Updated on

ডিজিটেল সংবাদ, ত্ৰিপুৰা: দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক শ্বাহক ৰাজ্যখনৰ বানপীড়িত ৰাইজৰ সহায়ৰ অৰ্থে ৫ কোটি টকাৰ বিশেষ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক শ্বাহক বাসভৱনত সাক্ষাৎ কৰি অসম চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে, " অসম চৰকাৰৰ এনে ধৰণৰ সংহতি, অন্তৰংগতা আৰু সমমর্মিতা শেহতীয়াকৈ বানত পীড়িত ত্ৰিপুৰাবাসীৰ প্ৰতি সদায় থাকিব। অসম চৰকাৰৰ এই অৰিহণাই নিসন্দেহে চলিত প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত ত্ৰিপুৰা চৰকাৰক সহায় কৰিব।"

তেওঁ আৰু কয় যে, "শেহতীয়াকৈ ত্ৰিপুৰাৰ ভয়াৱহ বিধ্বংসী ৰূপ ধাৰণ কৰা আৰু ৰাজ্যখনৰ জীৱন আৰু জীৱিকাত যথেষ্ট প্ৰভাৱ পেলোৱা বানপানীৰ কথা শুনি মৰ্মাহত হৈছোঁ।" ইপিনে, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ পত্ৰযোগে ত্ৰিপুৰাৰ বান পৰিস্থিতিৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাজ্যখনলৈ প্ৰেৰণ কৰি ৫ কোটি টকাৰ আৰ্থিক অনুদানৰ চেক আগবঢ়োৱাৰ কথা উল্লেখ কৰে। লগতে ত্ৰিপুৰাৰ এই প্ৰত্যাহ্বানমূলক সময়ত অসমবাসীৰ আন্তৰিক সমবেদনা সদায়ে লগত থাকিব বুলি তেওঁ পত্ৰযোগে কয়।

ত্ৰিপুৰাৰ বানপীড়িতলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান...
খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত শিৱসাগৰত গণ সমাৱেশৰ প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in