পঢ়ক আৰু আম খোৱাৰ আগত এবাৰ চিন্তা কৰক!

পঢ়ক আৰু আম খোৱাৰ আগত এবাৰ চিন্তা কৰক!
Published on
Updated on

শেহতীয়াকৈ ৰাজ্যত ভেজাল আমৰ অবাধ প্ৰচলনৰ বিষয়টো বিশেষভাৱে চৰ্চাত আছে। বজাৰত ভেজাল খাদ্য সামগ্ৰীৰ পয়োভৰে জনস্বাস্থ্যৰ প্ৰতি কিদৰে ভাবুকি আনিছে এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

অকণে আনে অমিতা আমিনাই আনে আম,

পকা পকা ফলবোৰ পেট ভৰাই খাম...

সঁচাকৈ গৰমত যদি আমৰ সোৱাদ উপভোগ নকৰোঁ, তেন্তে আমাৰ গ্ৰীষ্মকাল অসম্পূৰ্ণ। ফলৰ বজাৰলৈ গ’লে নাকত লগা পকা আমৰ গোন্ধত জিভাৰ পানী পৰে। বজাৰত পকা পকা আমবোৰ দোকানীয়ে এনেদৰে সজাই ৰাখে যে সকলোৰে কিনিবলৈ মন যায়।

কিন্তু, আপুনি কেতিয়াবা ভাবিছেনে যে এই ধুনীয়া আৰু সতেজ দেখা আমবোৰো নকল আম হ’ব পাৰে? আচলতে কিছু দিন পূৰ্বে তামিলনাডুৰ খাদ্য সুৰক্ষা বিভাগে এটা গুদামৰ পৰা প্ৰায় ৭.৫ টন ভুৱা আম জব্দ কৰিছিল।

এতিয়া প্ৰশ্ন হয় এই নকল আমবোৰ কি?

কেনেকৈ তৈয়াৰ কৰা হয়?

স্বাস্থ্যত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব পাৰে?

নকল আম মানে মেচিনেৰে তৈয়াৰী নহয়। এই আমবোৰ গছৰ পৰা ছিঙি আনি কৃত্ৰিম পদ্ধতিৰে পকাই বজাৰত উলিয়াই দিয়ে। সেয়ে ইয়াক নকল আম বুলি কোৱা হৈছে। আচলতে আম পকিবলৈ কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰা হয়, যাৰ ব্যৱহাৰ নিষিদ্ধ। এনেদৰে পকোৱা আম স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ই জনসমাজৰ প্ৰতি বেয়াকৈ বিপদ মাতি আনিছে।

বজাৰত কেলচিয়াম কাৰ্বাইড সহজে উপলব্ধ, যিটো মানুহে হাৰ্ডৱেৰৰ দোকানৰ পৰাও কিনিব পাৰে। ই এক প্ৰকাৰৰ শিলৰ দৰে আৰু বহুতে ইয়াক চূণশিল বুলিও কয়। কেলচিয়াম কাৰ্বাইডেৰে আম পকাবলৈ কেঁচা আমৰ মাজত কাৰ্বাইডৰ বাণ্ডিল এটা বনাই কাপোৰেৰে মেৰিয়াই ৰখা হয়।

তাৰ পাছত আমৰ টোপোলাটো বস্তা এটা দি বান্ধি ভালদৰে পেক কৰা হয়। ইয়াৰ পিছত আমবোৰ ৩-৪ দিনৰ বাবে বতাহ নলগা স্থানত ৰাখি থয়। ৩-৪ দিনৰ পাছত টোপোলাটোৰ কেঁচা আমবোৰ পকি থাকে।

দৰাচলতে কেলচিয়াম কাৰ্বাইড আৰ্দ্ৰতাৰ সংস্পৰ্শলৈ আহিলে এচিটিলিন গেছ উৎপন্ন হয় যাৰ ফলত ফলবোৰ পকি যায়। সেয়ে এচাম দুষ্ট চক্ৰই গছত আম পকালৈ অপেক্ষা নকৰি সহজতে আম পকাই বজাৰত উলিয়াই দিয়ে। এনেদৰে কৌশলেৰে পকোৱা আম স্বাস্থ্যৰ বাবে যথেষ্ট হানিকাৰক। উল্লেখ কৰাটো প্ৰয়োজনীয়যে, কেলচিয়াম কাৰ্বাইড ধাতু কটা আৰু তীখা নিৰ্মাণত ব্যৱহাৰ কৰা হয়।

কেলচিয়াম কাৰ্বাইডেৰে পকোৱা আম সঘনাই খালে ইয়াৰ ৰাসায়নিক পদাৰ্থৰ বাবে পেটৰ বিষ, ডায়েৰিয়া আৰু বমি হ’ব পাৰে।কেলচিয়াম কাৰ্বাইডে মূৰ ঘূৰোৱা, মূৰৰ বিষ আদি সমস্যাৰ সৃষ্টি কৰে।

উল্লেখ্য যে, শৰীৰৰ বাবে ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা ফল-মূল, শাক-পাচলি বজাৰত অবাধে বিক্ৰী হৈ থকা বিষয়টোত ন্যায়ালয়ে কঠোৰ হোৱা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in