শৰৎ মানেই কেৱল দুৰ্গা পূজা নহয়। শৰৎ মানেই নহয় কেৱল দিপাৱলী। শৰতৰ বতৰতে অনুষ্ঠিত হয় ৰাস। এই শৰতৰ বতৰতে প্ৰাণ পায় উঠে ভ্ৰাম্যমাণ থিয়েটাৰে। এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰ ৰাজ্যৰ এক উল্লেখযোগ্য উদ্যোগ। সময়ৰ সৈতে সলনি হৈছে ভ্ৰাম্যমানৰ মতি-গতি। বহু প্ৰত্যাহ্বানো নামি আহিছে ভ্ৰাম্যমাণলৈ। যথেষ্ট সংখ্যক অভিনেতা-অভিনেত্ৰী, কলা-কৌশলীৰ আয়ৰ উৎস ভ্ৰাম্যমাণ থিয়েটাৰ। সম্ভাৱনাৰ লগতে ভ্ৰাম্যমানৰ সমুখলৈ নামি আহিছে প্ৰত্যাহ্বান। এইবোৰ নেওচি আৰু কিমান দিনলৈ দৰ্শকৰ আস্থা বুটলিবলৈ সক্ষম হ'ব তাক লৈও প্ৰশ্ন উঠিছে। এই সকলোবোৰ বিষয় সামৰি ভ্ৰামম্যনৰ ইতিহাস,বৰ্তমান আৰু ভৱিষ্যতক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন...
অসমত ভ্ৰাম্যমাণৰ দুৰ্দিন আৰম্ভ হৈছে নেকি? কিয় লোপ পাইছে অসমৰ এই অনন্য নাট্য প্ৰদৰ্শন শৈলীৰ পূৰ্বৰ গৰিমা তথা গাম্ভীৰ্য? ৰাজ্যৰ সচেতন নাট্যপ্ৰেমীৰ মনত শেহতীয়াকৈ এই প্ৰশ্নসমূহ উদয় হৈছে। ভ্ৰাম্যমাণৰ ভিতৰচ’ৰাত চলা কিছু সংঘাত, তাৰকা অভিনেতাৰ দপদপনি, চমক সৃষ্টিৰ নামত সস্তীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলস্বৰূপে মঞ্চত সংঘটিত হোৱা দৃষ্টিকটু তথা ভয়াৱহ দুৰ্ঘটনা আদিক কেন্দ্ৰ কৰিয়ে একালৰ ভ্ৰাম্যমাণ অনুৰাগীৰ মাজত এক শংকাই বাহ লৈছে। সামাজিক মাধ্যমৰ জৰিয়তে কিছু লোকে এই সন্দৰ্ভত খোলাকৈ নিজা মতামত প্ৰকাশ কৰিছে যদিও এই সন্দৰ্ভত বিশদ আলোচনাৰ প্ৰয়োজন আছে।
ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃপুৰুষ অচ্যুত লহকৰে কৈছিল যে, নাটকো সাহিত্যৰ এটা অংগ। মনোৰঞ্জনৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰাই নাটকৰ উদ্দেশ্য। ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকেও অসমীয়া নাট্য-সাহিত্য চহকী কৰিছে| ১৯৬৩ চনত অচ্যুত লহকৰৰ পৃষ্ঠপোষকতাত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ ‘নটৰাজ থিয়েটাৰ’ৰ জন্ম হয়। পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত সজা অস্থায়ী প্ৰেক্ষাগৃহত প্ৰথম বাৰৰ বাবে ভ্ৰাম্যমাণৰ ৰূপত মঞ্চস্থ কৰা হৈছিল নটৰাজৰ নাটক। পৰিবেশন কৰা হৈছিল ফণী শৰ্মাৰ ‘ভোগজৰা’ নাট। বিজ্ঞান-প্ৰযুক্তিৰ চালুকীয়া অৱস্থাতে অচ্যুত লহকৰে সীমিত উপাদানেৰে নাট পৰিৱেশন কলাক অন্য এক মাত্ৰা দিবলৈ যিধৰণৰ প্ৰচেষ্টা চলাইছিল আজিৰ তাৰিখত সেয়া কল্পনা কৰাই টান।
পোহৰ নিক্ষেপণ, শব্দযন্ত্ৰ আৰু চমকপ্ৰদ কলা-কৌশলৰ ওপৰত গুৰুত্ব দি ভ্ৰাম্যমাণৰ যাত্ৰা অপেৰাতকৈ পৃথক ৰূপত দেখুওৱাত গুৰুত্ব দিছিল অচ্যুত লহকৰে। অৱশ্যে আধুনিকতাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলেও তেখেতে নাটকৰ মৌলিকতা ৰক্ষা কৰাক প্ৰাধান্য দিছিল, যিটো আজিৰ প্ৰেক্ষাপটত প্ৰদৰ্শিত ভ্ৰাম্যমাণ নাটকৰ ক্ষেত্ৰত বিৰল। সেই সময়ত নটৰাজৰ নাটক চাই অভিভূত হৈ ৰাধা গোবিন্দ বৰুৱাই নাটক পৰিৱেশনৰ এই ৰূপটো অভূতপূৰ্ব বুলি গণ্য কৰি ইয়াক ‘ভ্ৰাম্যমাণ থিয়েটাৰ’ আখ্যা দিছিল। পিছে এতিয়া থিয়েটাৰ চাই থাকোঁতেই কোনখন নাটকৰ স্ক্ৰিপ্ট কোনখন দক্ষিণ ভাৰতীয় চিনেমাৰ কাহিনীৰ পৰা চুৰি কৰা সেয়া দৰ্শকে কৈ দিব পৰাকৈ ভ্ৰাম্যমাণৰ নাটকৰ মৌলিকতাৰ স্খলন ঘটিছে।
কোৱা বাহুল্য যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে মহীয়ান শিল্পীৰ সৃষ্টি ‘লভিতা’ নাটক বিকৃত কৰাৰ অভিযোগত বৰ্তমানৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাহুবলী নাট্যকাৰ অভিজিত ভট্টাচাৰ্য ৰাইজৰ ৰোষত পৰাৰ দৰে ঘটনাও দুবছৰ পূৰ্বে ঘটি গৈছে। ৬০ৰ দশকত নটৰাজে কাটি যোৱা বাটেৰে বাট বুলি কেইবাটাও থিয়েটাৰ গোষ্ঠীয়ে আত্মপ্ৰকাশ কৰিছিল। সেইসমূহ ক্ৰমে- সুৰদেৱী থিয়েটাৰ, পূৰ্বজ্যোতি থিয়েটাৰ, মঞ্চৰূপা থিয়েটাৰ , ৰূপাঞ্জলি থিয়েটাৰ, অসম ষ্টাৰ থিয়েটাৰ, মুকুন্দ থিয়েটাৰ , নটৰাজ শিল্প নিকেতন , ৰূপকোঁৱৰ থিয়েটাৰ, জ্যোতিৰূপা থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, মুন থিয়েটাৰ , মঞ্চকোঁৱৰ থিয়েটাৰ, ৰূপালীম থিয়েটাৰ, অপ্সৰা থিয়েটাৰ , লখিমী থিয়েটাৰ, আৱাহন থিয়েটাৰ, বিষ্ণুজ্যোতি থিয়েটাৰ, ৰাধিকা দেৱী থিয়েটাৰ, কল্পনা থিয়েটাৰ, মা লক্ষ্মী থিয়েটাৰ , অপৰূপা থিয়েটাৰ, বিশ্বজ্যোতি থিয়েটাৰ , আৰাধনা থিয়েটাৰ, অনিৰ্বাণ থিয়েটাৰ আৰু থিয়েটাৰ সূৰ্য্য। অৱশ্যে অধিকাংশই কালৰ বুকুত যাহ যায়।
বৰ্তমান অসমত চলি থকা ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীসমূহ হৈছে-কহিনুৰ (প্ৰযোজক- তপন লহকৰ), ইতিহাস (প্ৰযোজক- সুভাষ দাস), আৱাহন (প্ৰযোজক- প্ৰস্তুতি পৰাশৰ), হেঙুল (প্ৰযোজক-সংকল্পজিৎ হাজৰিকা), থিয়েটাৰ সূৰ্য (প্ৰযোজক-মুনীন বৰ্মন), বৃন্দাৱন থিয়েটাৰ (প্ৰযোজক- গণেশ ৰায় মেধি), বীণাপাণি (প্ৰযোজক-প্ৰনৱ বৰ্মন ), ৰুদ্ৰাক্ষ (প্ৰযোজক- ৰূপজ্যোতি বৰা), ভাগ্যদেৱী (প্ৰযোজক-সুবোধ মজুমদাৰ), বৰদৈচিলা (প্ৰযোজক-নজৰুল ইছলাম) আদি। ইয়াৰে কেইবাখনো থিয়েটাৰৰ লগত চলিত নাট্যবৰ্ষত চুক্তিবদ্ধ হৈছে চিনেমা জগতৰ তাৰকা অভিনেতা-অভিনেত্ৰী।
ইয়াৰ ভিতৰত ইতিহাস থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হোৱা যতীন বৰা, থিয়েটাৰ সূৰ্যৰ সৈতে চুক্তিবদ্ধ হোৱা উত্পল দাস অন্যতম। আনহাতে আৱাহনত প্ৰস্তুতি পৰাশৰ প্ৰযোজক তথা তাৰকা অভিনেত্ৰী হিচাপে থাকিব। মন কৰিবলগীয়া যে অসমীয়া চিনেমাৰ দুৰ্দিনত ভ্ৰাম্যমানক সাৰথি কৰি চিনেমাৰ তাৰকাসকলে তেওঁলোকৰ ডুবন্ত কেৰিয়াৰ ৰক্ষা কৰিবলৈ সক্ষম হ’ল ঠিকেই, কিন্তু একে সময়তে ভ্ৰাম্যমাণলৈ তেওঁলোকৰ আগমনে সাধাৰণ নাট্যকৰ্মীৰ বাবে বিপদ কঢ়িয়াই আনিলে।
ইয়াৰ প্ৰথম কাৰণটো হৈছে মাননিৰ ক্ষেত্ৰত আহি পৰা বৃহৎ তফাৎ। যতীন বৰাৰ দৰে অভিনেতা এজনক থিয়েটাৰ গোষ্ঠীয়ে এটা নাট্যবৰ্ষৰ বাবে প্ৰায় কোটি টকাত চুক্তিবদ্ধ কৰে। কিন্তু একেখন থিয়েটাৰে তাৰকাস্থানীয় মঞ্চ অভিনেতা এজনক নিচেই কম মাননিৰ বিনিময়ত চুক্তিবদ্ধ কৰাৰ অভিযোগ উঠিছে। সময়ে সময়ে আন আন কলা-কুশলীয়েও তেওঁলোকক প্ৰযোজকে প্ৰাপ্য মাননিৰপৰা সম্পূৰ্ণৰূপে বঞ্চিত কৰে বুলি অভিযোগ উত্থাপন কৰি আহিছে।
২০১৬ চনত অচ্যুত লহকৰৰ মৃত্যুৰ লগে লগে ভ্ৰাম্যমাণ থিয়েটাৰৰ সোণোৱালী ইতিহাসৰ অৱসান ঘটিব বুলি বহুতেই আশংকা কৰিছিল। সেই আশংকা যে অহেতুক নাছিল সেয়া বৰ্তমানৰ ভ্ৰাম্যমাণৰ স্থিতিয়ে প্ৰমাণ কৰে। ৰাজ্যত থিয়েটাৰ ছিজন তুংগত থকাৰ এই সময়ছোৱাত প্ৰচাৰ মাধ্যমত এই বিষয় লৈ নিমাওমাও পৰিৱেশ। ভ্ৰাম্যমাণৰ এটা বছৰ এপ্ৰিল-মে’ মাহৰ পৰা আৰম্ভ হয়। তাৰ আগতেই নাট্যকাৰৰ লগত যোগাযোগ কৰি নাট ৰচনা কৰি স্থিৰ কৰা হয় আৰু কলা-কুশলী সকলক ঠিকা-ভিত্তিত বছৰটোলৈ নিযুক্তি দিয়া হয়।
জুন-জুলাই মাহৰপৰা নাটকৰ আখৰা আৰম্ভ হয়। আগষ্ট মাহৰ মাজ ভাগৰ পৰা থিয়েটাৰ গোষ্ঠীবোৰে নাট্য-প্ৰদৰ্শন আৰম্ভ কৰে। গ্ৰামাঞ্চল বা মফচলীয়া চহৰবোৰত সৰ্বসাধাৰণৰ মাজত থিয়েটাৰ চাবলৈ যোৱাৰ উছাহ পূৰ্বে দেখা গৈছিল। শাৰদীয় উৎসৱ বুলিলে দুৰ্গা পূজা, লক্ষ্মী পূজা, দীপাৱলী, কাতি বিহুৰ লগতে অসমবাসীয়ে ভ্ৰাম্যমাণ থিয়েটাৰকো হিচাপত ধৰিছিল। উৎসৱৰ উদযাপনৰ লগত মিলি গৈছিল বাটে বাটে মাইকেৰে ঘোষণা কৰি যোৱা নাটকৰ বিজ্ঞাপনবোৰ। বিজ্ঞাপন ঘোষণা কৰা বাহনে উৰুৱাই যোৱা ৰঙীণ লিফলেটবোৰ বুটলিবলৈ সৰু ল’ৰা-ছোৱালীৰ লগতে ডাঙৰেও হেতা-ওপৰা লগাইছিল। কাৰণ থিয়েটাৰ মানে কেৱল মনোৰঞ্জন নহয়, গ্ৰাম্য অৰ্থনীতিৰো ই আধাৰ।
থিয়েটাৰ আহিল মানে ইয়াৰ আশে-পাশে সীমিত সময়ৰ বাবে হ’লেও ক্ষুদ্ৰ ব্যৱসায়ৰ এক পৰিৱেশ গঢ় লৈ উঠে। বিশেষকৈ নামনি অসমত ৰাস উৎসৱৰ লগতে হোৱা ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰদৰ্শনীয়ে এনে পৰিৱেশ গঢ়ি তোলা দেখা যায়। ৰাইজে পদুলিয়ে পদুলিয়ে দোকান-পোহাৰ দিয়াৰ লগতে বাহন ৰাখিবলৈ চোতালত ঠাই উলিয়াই দিও উপাৰ্জনৰ বাট মুকলি কৰে। সেয়ে উজনিত ‘মানুহে’ পৰিৱেশন কৰা ৰাসক লৈয়ো সিমান উৎসাহ দেখা নাযায়, যিমান নামনিত মূৰ্তিৰ জড়িয়তে প্ৰদৰ্শিত ৰাস উৎসৱক লৈ সৰ্বসাধাৰণৰ উৎসাহিত হয়।
এই ক্ষেত্ৰত মূল সাৰ-পানী নামনিত ৰাসৰ সমান্তৰালকৈ হোৱা ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শনীসমূহে যে যোগায় সেয়া স্পষ্ট। কিন্তু দৰ্শকৰ ইমান সমাদৰ পোৱাৰ পাছতো কলা-কুশলীক প্ৰাপ্য মাননি দিব নোৱাৰাকৈ ভ্ৰাম্যমাণ থিয়েটাৰলৈ সংকট কিয় আহিছে সেয়া বিচাৰ কৰিবলগীয়া বিষয়। বহিঃৰাজ্যৰ পৰা ধাৰ কৰা সংস্কৃতিৰ আধাৰত প্ৰদৰ্শন কৰা উদ্ভট নৃত্য-গীত, নকল স্ক্ৰিপ্ট আৰু সস্তীয়া চমকে যে অসমীয়া নাট্যপ্ৰেমী দৰ্শকক বেছিদিনলৈ ধৰি ৰাখিব নোৱাৰে সেয়া লেখক-প্ৰযোজকসকলে বুজি উঠাৰ সময় হৈছে।
অৱশ্যে বিশ্ব বিৰল অসমৰ ভ্ৰাম্যমাণক কেৱল থিয়েটাৰ গোষ্ঠীসমূহে ব্যক্তিগত প্ৰচেষ্টাৰে জীয়াই ৰাখিব পাৰিব বুলি আশা কৰাও ভুল। এই ক্ষেত্ৰত চৰকাৰৰ সমৰ্থনৰো যথেষ্ট প্ৰয়োজন আছে। এতিয়াও ট্ৰাকত বাঁহ কঢ়িয়াই গাঁৱে গাঁৱে ঘূৰি থিয়েটাৰ গোষ্ঠীসমূহে নাটক প্ৰদৰ্শন কৰিবলগীয়া হয়। ইয়াৰ মাজতে কেতিয়াবা যদি ধুমুহা-বৰষুণে পেণ্ডেল নষ্ট কৰাৰ বাবে একোটা প্ৰদৰ্শনী বাতিল হয়, ইয়াৰ ফল নাটকৰ সৈতে জড়িত শ-শ কলা-কুশলী তথা তেওঁলোকৰ পৰিয়ালেও ভোগ কৰিবলগীয়া হয়। কিয়নো সকলো আয়োজনৰ পাছতো সেই দিনটোত তেওঁলোকে এটকাও উপাৰ্জন কৰিব নোৱাৰে।
এই সমস্যাটো সমাধান কৰিবলৈ আধুনিক পেণ্ডেলৰ ব্যৱস্থা কৰিব লাগিব, য’ত বাঁহৰ সলনি কম ওজনৰ ধাতুৰ সামগ্ৰীৰে কম সময়তে একোটা পেণ্ডেল প্ৰস্তুত কৰিব পৰা যায়। এনেধৰণৰ আধুনিকীকৰণ চৰকাৰৰ আৰ্থিক সাহায্য অবিহনে সম্ভৱ নহয়। পূজা, ৰাস, বিহু কমিটী সকলো পাতিবলৈ যিদৰে চৰকাৰে পুঁজি আগবঢ়ায়, ভ্ৰাম্যমাণকো চৰকাৰে তেনেকৈ প্ৰত্যক্ষভাৱে সহায় কৰক।
কাৰণ বৰ্তমান ভ্ৰাম্যমানৰ কৰ ৰেহাইৰ বাবে যি জটিল প্ৰক্ৰিয়া প্ৰস্তুত কৰা হৈছে সেয়া থিয়েটাৰ গোষ্ঠীসমূহৰ বাবে ভালুকৰ সাঙীৰ দৰেহে হৈছেগৈ। সম্পূৰ্ণ কৰ ৰেহাইৰ লগতে পোনপটীয়া আৰ্থিক সাহায্য নহ’লে কেৱল এমুঠিমান নাটক বলীয়া মানুহে ভ্ৰাম্যমাণ থিয়েটাৰৰ গৰিমাময় ইতিহাস বেছিদিনলৈ আগুৱাই নিব নোৱাৰিব।
Also Read: মহাৰাষ্ট্ৰৰ ২৮৮ খন আসনৰ ২৫ খনক লৈ সৃষ্টি হৈছে জটিলতা...