ডিজিটেল সংবাদ,হাজোঃ কামৰূপৰ ২০৩নং লাচি বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শিক্ষক জিন্নাতুল ইসলামৰ বিৰুদ্ধে শ্ৰেণী কোঠাত এগৰাকী ছাত্ৰীৰ কাপোৰ খোলাৰ অভিযোগ উত্থাপন হৈছে।
শিক্ষকৰ এনে নিকৃষ্ট কাণ্ডৰ বলি হৈছে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী। ফলত জাঙুৰ খাই উঠিছে সকলো অভিভাৱক। বিদ্যালয়ৰ চৌহদতে শিক্ষক জিন্নাতুল ইছলামৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে অভিভাৱকসকলে। লগতে শিক্ষক গৰাকীৰ বিৰুদ্ধে কঞা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰী গৰাকীৰ পিতৃ-মাতৃয়ে।
উল্লেখযোগ্য যে পূৰ্বতেও শিক্ষক জিন্নাতুল ইছলামে কেইবা গৰাকী ছাত্ৰীক বিদ্যালয়ৰ ভিতৰতে বেয়া ভিডিও দেখোৱাৰো অভিযোগ আনিছে একাংশ অভিভাৱকে। ইফালে ঘটনা পোহৰলৈ অহা পাছৰে পৰা পলাতক হৈ আছে শিক্ষক জিন্নাতুল ইছলাম। শিক্ষক জনৰ বিৰুদ্ধে শিক্ষা বিভাগক কঠোৰ হোৱাৰ দাবী কৰিছে স্থানীয় ৰাইজে।
Also Read: অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন...