হাইলাকান্দিত দুগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু...

হাইলাকান্দিত দুগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু...
Published on
Updated on

ডিজিটেল সংবাদ, হাইলাকান্দি: স্বাধীনতা দিৱসৰ দিনাই অঘটন। হাইলাকান্দিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।ৰহস্যজনকভাৱে হাইলাকান্দিত মৃত্যু হৈছে দুই কিশোৰীৰ। দক্ষিণ হাইলাকান্দিৰ দামছেৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা। 

ছাত্ৰী দুগৰাকী হলোচন্দ্ৰ ট্ৰইবেল এম ই বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ। বিদ্যালয়ত স্বাধীনতা দিৱসৰ অনুষ্ঠানতত অংশলৈ ঘৰত উভতি যোৱাত সময়ত হঠাৎ অসুস্থ হৈ পৰে দুগৰাকী ছাত্ৰী । পিছত হাস্পতাললৈ লৈ যোৱাত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ছাত্ৰীদুগৰাকীক। উল্লেখ্য যে এই পৰ্যন্ত ছাত্ৰীদুগৰাকীৰ মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ হাইলাকান্দিত চাঞ্চল্য বিৰাজ কৰিছে ।

হাইলাকান্দিত দুগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু...
ইছৰোয়ে প্ৰেৰণ কৰিব পৃথিৱী নিৰীক্ষণকাৰী উপগ্ৰহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in