বজালীত কৃতী ছাত্ৰীক সম্বৰ্ধণা জিলা আয়ুক্তৰ...

বজালীত কৃতী ছাত্ৰীক সম্বৰ্ধণা জিলা আয়ুক্তৰ...

author-image
Asomiya Pratidin
New Update
বজালীত কৃতী ছাত্ৰীক সম্বৰ্ধণা জিলা আয়ুক্তৰ...

ডিজিটেল সংবাদ,পাটাছাৰকুছি : "আজি তোমালোকে নিজৰ বিদ্যা-বুদ্ধিৰে উজ্বলি উঠিছা। তোমালোকৰ কৃতিত্ব বা সাফল্যত আত্মীয়-স্বজন,শিক্ষাগুৰু-জিলাবাসী সুখী হৈছে। আমি সকলোৱে গৌৰৱবোধ কৰিছোঁ। গতিকে, সদায় মনত ৰাখিবা এই বিদ্যা-বুদ্ধি তোমালোকৰ চিন্তা-কৰ্মলৈ বিস্তাৰিত হ'ব লাগিব যিয়ে অনাগত ভৱিষ্যতক সমৃদ্ধ কৰিব পাৰে। এই প্ৰাপ্তি পৰৱৰ্তী প্ৰস্তুতিৰ সহায়ক হ'ব লাগিব যিয়ে উত্তৰ পুৰুষক দিকদৰ্শন কৰিব পাৰে। মোৰ অন্তৰৰ পৰা এটাই আহ্বান,শিক্ষা অৰ্জনৰ পৰৱৰ্তী পৰ্যায়ত পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি আগবাঢ়ি যোৱা"- এই মত বজালী জিলাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাসৰ।

নিজ কাৰ্যালয় কক্ষত অনুষ্ঠিত এক সম্বৰ্ধনা তথা মত বিনিময় অনুষ্ঠানত দুগৰাকী কৃতী ছাত্ৰীক উদ্দ্যেশি এই মন্তব্য আগবঢ়াই শুভেচ্ছা জ্ঞাপন কৰে‌। উল্লেখ্য যে সম্বৰ্ধিত দুয়োগৰাকী ছাত্ৰীয়ে এইবেলি বি এইচ বি মহাবিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত কৃষ্ণা দাসে কলা শাখাৰ শ্ৰেষ্ঠ স্নাতক তথা অৰ্থনীতি বিষয়ৰ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপক হিচাপে আৰু ৰীমাশ্ৰী কলিতাই সংস্কৃত বিষয়ত প্ৰথম শ্ৰেণীৰ তৃতীয় স্থানপ্ৰাপক হিচাপে উজলিবলৈ সক্ষম হৈছে।

কৃষ্ণা দাস সৰুপেটাৰ গেৰুৱাপাৰা নিবাসী জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তিলক দাস আৰু ৰিংকু দাসৰ কণিষ্ঠা কন্যা। আনহাতে, ৰীমাশ্ৰী কলিতা সৰুপেটাৰ চাপাৰবড়ী নিবাসী শিক্ষক দম্পতি নৰেন কলিতা আৰু উৰ্মিলা দাসৰ কন্যা। দুয়ো গৰাকী ছাত্ৰীয়ে নিজৰ মত ব্যক্ত কৰি কয় যে দুয়োৰে পৰৱৰ্তী লক্ষ্য স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা।

সেই অনুসৰি, কৃষ্ণা দাসে গুৱাহাটী বিশ্ববিদ্যালয়ত আৰু ৰীমাশ্ৰী কলিতাই কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিব। উক্ত সম্বৰ্ধনা তথা মত বিনিময়ৰ অনুষ্ঠানত উপস্থিত থাকে সৰুপেটা ৰাজহ চক্ৰ বিষয়া (সংযুক্ত) ড৹ ইলা বনিয়া আৰু বি এইচ বি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড৹ নমিতা দাস গুৰুং।

Also Read: অসম সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্তি অভিযান

bojali