সীমাহীন অভাৱ, শূণ্য আন্তঃগাঁথনিঃ ইয়াৰ মাজতো সোণ হৈ জিলিকিছে ঢকুৱাখনাৰ শিৱ, সোণমণি, সুৰজ...

সীমাহীন অভাৱ, শূণ্য আন্তঃগাঁথনিঃ ইয়াৰ মাজতো সোণ হৈ জিলিকিছে ঢকুৱাখনাৰ শিৱ, সোণমণি, সুৰজ...
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: পৰ্য্যাপ্ত আন্তঃগাঁঠনি শূন্যতা , প্ৰতিযোগীৰ আৰ্থিক দৈন্যতা, অনুশীলনৰ সীমাহীন অভাৱ সমস্যাৰ কৌটিকলিয়া প্ৰাচীৰ ভেদি ঢকুৱাখনা উজ্বলি উঠিছে ক্ৰীড়া জগতত । অকমন্য জনপ্ৰতিনিধিৰ এনেবোৰ দিশৰ প্ৰতি উদাসীনতাৰ বিপৰীতে নিজৰ নিৰলস প্ৰচেষ্টাৰ ফলত ঢকুৱাখনাক ৰাজ্যিক স্তৰত সমুজ্জল কৰি তুলিলে ১৪গৰাকী প্ৰতিভাধৰে ।

সন্মুখৰ অজস্ৰ প্ৰতিবন্ধকতা নেওচি কঠোৰ অনুশীলনেৰে ঢকুৱাখনাৰ ১৪ গৰাকী উদীয়মান প্ৰচাৰ বিমুখ  যুৱ প্ৰজন্মই ইস্পিত ফলাফল আজুৰি আনিবলৈ সক্ষম হৈছে ৰাজ্যিক স্তৰত।  ঢকুৱাখনাৰ এইসকল কৃতিমান সম্ভাৱনাপূৰ্ণ ক্ৰীড়াবিদ শিৱ দাসে  ২১ কেজিৰ অনুৰ্ধ শাখাত সোণৰ , খৰ্গেশ্বৰ দাসে ৪৭ কেজি অনুৰ্ধ শাখাত সোণৰ ,মৃদুল পেগুৱে ৩৭ কেজি অনুৰ্ধ শাখাত সোণৰ, ঋষি দাসে ৪৮ কেজি  অনুৰ্ধ শাখাত সোণৰ, সুৰজ কমল পেগুৱে ৩৬ কেজি অনুৰ্ধ শাখাত সোণৰ, অংকুৰ চুতীয়াই ৪৫ কেজি অনুৰ্ধ শাখাত সোণৰ, হৰিশ কুটুমে ৩৫ কেজি অনুৰ্ধ শাখাত সোণৰ, সোনমণি কামানে ছোৱালীৰ ৪৮ কেজি অনুৰ্ধ  শাখাত সোণৰ,অপূৰ্ব পেগুৱে ৫০ কেজি অনুৰ্ধ শাখাত সোণৰ পদক অৰ্জন কৰিছে ।

তেনেদৰে  নৱজ্যোতি কুটুমে ৪৫ কেজি অনুৰ্ধ শাখাত ৰূপৰ , বিশ্ব শংকৰ কলিতাই ৫২ কেজি অনুৰ্ধ শাখাত ৰূপৰ,কৰবী পেগুৱে ছোৱালীৰ ৪৫ কেজি অনুৰ্ধ শাখাত ৰূপৰ, চিত্ৰ কমল পায়েংযে ৩৫ কেজি অনুৰ্ধ শাখাত ৰূপৰ আৰু মুমতাজ আলিয়ে ৫০ কেজি অনুৰ্ধ শাখাত ৰূপৰ পদক অৰ্জন কৰি বিমল গৌৰৱৰ বিজয় ধ্বজা উৰুৱাই ।

লখিমপুৰত যোৱা ৭ জুলাইত অনুষ্ঠিত সদৌ অসম কিক বক্সিং প্ৰতিযোগিতা ২০২৪ত ঢকুৱাখনা কিক বক্সিং ক্লাৱৰ পৰা অংশগ্ৰহণ কৰি মুঠ ১৪ গৰাকী প্ৰতিযোগীযে এই সন্মান আৰ্জিবলৈ সক্ষম হৈছে । ৰাজ্যিক ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাত ১০ গৰাকীয়ে সোণৰ পদক অৰ্জন কৰিছে আৰু ৪ গৰাকীয়ে ৰূপৰ পদক অৰ্জন কৰিছে ।

তদুপৰি পৰৱৰ্তী সময়ত৮ জুলাইত লখিমপুৰ "চাই" (SAI)কেন্দ্ৰত অনুষ্ঠিত ৰাজ্যিক নিৰ্বাচনী শিবিৰত  অসম ভিত্তিত অনুষ্ঠিতব্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ঢকুৱাখনা ক্লাৱৰ ক্ৰীড়াবিদ মৃদুল পেগু আৰু অংকুৰ চুতীয়া নিৰ্বাচিত হৈ "চাই"ত প্ৰশিক্ষণ লবলৈ মনোনিত হৈছে ।

এই ৰাজ্যিক প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈ হিচাবে ঢকুৱাখনা ক্লাৱৰ সোনমণি কামান নিৰ্বাচিত হৈছে। ক্লাৱৰ সম্পাদক কুশল কোচ ,প্ৰশিক্ষক ক্ৰমে ৰাজু দলে আৰু নিৰণ বৈশ্য ,বুবুল টাইডৰ ঐকান্তিক প্ৰচেষ্টাৰ উৎকৃষ্ট ফচল স্বৰূপ এই ৰাজ্যিক স্তৰৰ সাফল্যত গৌৰবান্বিত ঢকুৱাখনাবাসী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in