সুনীল গগৈ নিখোজ হোৱাৰ বাবেই জামিন পালে দুৰ্নীতিগ্ৰস্ত বিষয়া জয়ন্ত গোস্বামীয়ে!

সুনীল গগৈ নিখোজ হোৱাৰ বাবেই জামিন পালে দুৰ্নীতিগ্ৰস্ত বিষয়া জয়ন্ত গোস্বামীয়ে!
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: অৱশেষত ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ তদানীন্তন কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী মুকলি আকাশৰ তললৈ আহিল। ঘিলামৰা জনস্বাস্থ্য বিভাগত কাৰ্যনিৰ্বাহ কৰি থকা সময়তে  জলজীৱন মিছনৰ এগৰাকী দ্বিতীয় ঠিকাদাৰ সুনীল গগৈৰ পৰা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাতে হাতে লুটে ধৰা পৰিছিল এইজন দুৰ্নীতিগ্ৰস্ত বিষয়া।

কিন্তু শেহতীয়াকৈ আদালতত সুনীল গগৈ উপস্থিত থাকিব নোৱাৰাত কিছু আইনী সুৰুঙাৰে জামিন লাভ কৰিলে এই দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীয়ে। কিয়নো এই গোচৰটোৰ এগৰাকী অন্যতম সাক্ষী তথা গোচৰীয়া আছিল সুনীল গগৈ।

অন্যহাতে এই দুৰ্নীতিৰ তদন্ত চলি থকা অৱস্থাতে অভিযোগকাৰী সুনীল গগৈ নিখোজ হৈছিল স্বগৃহৰ পৰা।   সাপতিয়া চেতিয়া গাঁওৰ নিজাঘৰৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত সুনীল পৰিহিত সাজ পোছাক ,চেন্ডেল টৰ্চ আদি উদ্ধাৰ হোৱাৰ সমান্তৰাল ভাৱে  বৰ্বৰোচিত ভাবে হত্যা কৰি জ্বলাই দিয়া হৈছিল এটা মৃতদেহ  । নিষ্ঠুৰ ঘাটকে মৃতদেহৰ মুণ্ড পৰ্যন্ত কাটি নিছিল।

যিটো আজি ১৫ দিনে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী। এই পৈশাসিক হত্যাকাণ্ডই সমগ্ৰ অসম  জোকাৰি যোৱাৰ সময়তে শেহতীয়া ভাবে এই অৰ্ধজ্বলিত মাংসপিণ্ড সুনীল গগৈৰ নহয় বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নতৰাজনে ।

আৰক্ষীৰ প্ৰাথমিক তদন্তত এই অৱশিষ্ট মাংসপিণ্ড সুনীল গগৈৰ ৰাজমিস্ত্ৰী জাহাঙ্গীৰ হুছেইনৰ বুলি মঙলবাৰে এক  সাংবাদিক মেলত ঘোষণা কৰাত  তীব্ৰ উত্তেজনাই বিৰাজ কৰে ঢকুৱাখনাত । এই স্পৰ্শকাতৰ বিষয়ক লৈ সৃষ্টি হোৱা বিৰূপ প্ৰতিক্ৰিয়াৰ মাজতে মঙলবাৰে  বিতৰ্কিত কাৰ্যবাহী অভিযন্তা গোস্বামীৰ জামিন হোৱাৰ খবৰে প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে মঙলবাৰে নিশাই সুনীল গগৈৰ ঘৰত উপস্থিত হয় আৰক্ষীৰ দল। বুধবাৰে আৰক্ষীয়ে তলব কৰিছে সুনীল গগৈৰ পত্নী আৰু পুত্ৰক।

সুনীল গগৈ নিখোজ হোৱাৰ বাবেই জামিন পালে দুৰ্নীতিগ্ৰস্ত বিষয়া জয়ন্ত গোস্বামীয়ে!
ম্যানমাৰত নগা বিদ্ৰোহী এন এছ চি এন আই এম আৰু কুকি নেচনেল আৰ্মিৰ মাজত ভয়ংকৰ সংঘৰ্ষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in