১৯৭১ চনেই হ'ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ...

১৯৭১ চনেই হ'ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ...
Published on
Updated on

ডিজিটেল ডেস্কঃ নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ পুৱা ১০.৩০ বজাত গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ। ১৯৭১ চনৰ ২৫ মাৰ্চেই হ'ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ। নাগৰিকত্ব আইনৰ ৬(ক) দফা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে সৰ্বোচ্চ ন্যায়ালয়ে। এই চূড়ান্ত ৰায় প্ৰদান কৰে ৫ জনীয়া বিচাৰপীঠে ।

৪-১ ৰায়দানৰ মাধ্যমেৰে ১৯৭১ চনক ভিত্তিবৰ্ষৰ সিদ্ধান্ত লয় উচ্চতম ন্যায়ালয়ে। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত বিচাৰপীঠে এই ৰায় প্ৰদান কৰে।

উল্লেখ্য যে, নাগৰিকত্ব আইন ১৯৫৫ৰ ৬(ক) ধাৰাক প্ৰত্যাহ্বান জনোৱা আবেদনক লৈ এই ৰায় দিয়া হয়। সন্মিলিত মহাসংঘৰ মতিউৰ ৰহমানে ভিত্তিবৰ্ষ সন্দৰ্ভত গোচৰ দিছিল ন্যায়ালয়ত। ৬(ক) ধাৰাক প্ৰত্যাহ্বান জনাই অসম সন্মিলিত মহাসংঘই তৰিছিল গোচৰ।

মহাসংঘৰ এই গোচৰ সন্দৰ্ভত ৰায়দান প্ৰদান কৰিলে মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া বিচাৰপীঠে। ৫৬২/২০১২ নম্বৰত বিচাৰাধীন হৈ আছিল এই বিষয়টো। অসম সন্মিলিত মহাসংঘ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে দাখিল কৰিছিল আবেদনৰ ভিত্তিতে ২০১৫ চনত তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈয়ে সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল গোচৰটো।

২০২৩ চনৰ ১২ ডিচেম্বৰত ৫ জনীয়া বিচাৰপীঠে সংৰক্ষিত কৰি ৰাখিছিল ৰায়দান। উল্লেখ্য যে অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে নিৰ্ধাৰিত ১৯৭১ চনৰ ২৪ মাৰ্চ তাৰিখৰ ভিত্তিবৰ্ষক প্ৰত্যাহ্বান জনাই দাখিল কৰা হৈছিল এই গোচৰ।

১৯৭১ চনেই হ'ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ...
পাৰ্থ হাজৰিকাৰ ঘৰৰ পৰা উদ্ধাৰ ৪৭ লাখৰো অধিক টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in