ডিজিটেল সংবাদ, লখিমপুৰঃ ৰাজ্যৰ সত্ৰীয়া সংগীত ক্ষেত্ৰখনৰ লগতে লখিমপুৰৰ বৌদ্ধিক ক্ষেত্ৰখন উকা কৰি জীৱন নাট সামৰিলে প্ৰবীণ সাংবাদিক, সত্ৰীয়া সংস্কৃতিৰ সাধক সুৰজিৎ ভূঞাই৷ কালি শংকৰদেৱ তিথি উপলক্ষে লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ অন্তত সন্ধিয়াৰ পৰা মহাপুৰুষ মাধৱদেৱৰ ভোজন বিহাৰ অংকীয়া নাট প্ৰদৰ্শন কৰা হৈছিল আৰু কাৰ্যসূচী সামৰি তেওঁ ঘৰলৈ যোৱাৰ পিচৰে পৰা অসুস্থ হৈ পৰে৷ পুৱতি নিশা তেওঁক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷
কিন্তু চিকিৎসাধীন অৱস্থাত আজি বিয়লি ২.২৩ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ লখিমপুৰ নগৰৰ কে বি ৰোড নিবাসী সত্ৰীয়া সংস্কৃতিৰ সাধক খগেন্দ্ৰনাথ ভূঞা আৰু প্ৰীতিৰেখা ভূঞাৰ সন্তান সুৰজিৎ ভূঞাৰ জন্ম হৈছিল ১৯৬৭ চনৰ জ্জ এপ্ৰিলত যোৰহাটত৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ভূঞাই ১৯৯১ চনৰে পৰা সংবাদসেৱাৰ সৈতে জড়িত হৈ পৰে৷ তেওঁ সান্ধ্য বাতৰি, অসম সংবাদ, নতুন দৈনিক, ৰংপুৰ আদি কাকতত স্থানীয় সংবাদদাতা হিচাপে সেৱা আগবঢ়োৱাৰ পিচত ‘অসমীয়া প্ৰতিদিন’ কাকতত লখিমপুৰৰ ষ্টাফ ৰিপৰ্টাৰ হিচাপে সেৱা আগবঢ়ায়৷
তেওঁৰ প্ৰচেষ্টাতে অসমীয়া প্ৰতিদিনৰ লখিমপুৰ সংস্কৰণ কাৰ্যালয় প্ৰতিষ্ঠা হৈছিল৷ পৰৱৰ্তী সময়ত তেওঁ ‘আজিৰ দৈনিক বাতৰি’ আৰু ‘এদিনৰ সংবাদ’ কাকতৰ ষ্টাফ ৰিপৰ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ভূঞাই ‘সাদিনীয়া নতুন বাতৰি’ আৰু ‘আজিৰ অসম’ কাকতৰ উপ-সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ সংবাদসেৱাৰ সমান্তৰালভাৱে তেওঁ সত্ৰীয়া সংগীত ক্ষেত্ৰখনতো জড়িত হৈ পৰিছিল৷ তেওঁৰ প্ৰচেষ্টাতেই লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয় নতুন ৰূপত সজাই তোলা হৈছিল৷ এগৰাকী বায়ন, অভিনয় শিল্পী তথা কলা নিৰ্দেশক ভূঞা লখিমপুৰৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়োৱাৰ লগতে সংগীত সত্ৰ অসমৰ উপ-নিয়ন্ত্ৰক আছিল৷
তেওঁ অসম জাতীয় পৰিষদৰ লগতো জড়িত আছিল৷ এসময়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্ব প্ৰদান কৰা ভূঞাৰ প্ৰচেষ্টাত ২০০৫ চনত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব পুনৰ গঠন কৰি তেওঁ ২০১৬ চনলৈকে সম্পাদক আৰু সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে৷ তেওঁ ক্লাবৰ সম্পাদকৰ দায়িত্বত থকাৰ সময়তে লখিমপুৰ নগৰৰ চানমাৰিত প্ৰেছ ক্লাবৰ স্থায়ী ভৱন নিৰ্মাণ কৰা হৈছিল৷ আনহাতে তেওঁৰ প্ৰচেষ্টাতে ২০০৮ চনত লখিমপুৰ জিলা সাংবাদিক সংস্থা পুনৰ গঠন কৰি তেওঁ নেতৃত্ব গ্ৰহণ কৰে৷ অসম বাৰ্তাজীৱী সংঘৰ বিষয়বাবত থকাৰ সময়ত ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনক প্ৰতিনিধিত্ব কৰি বাৰ্তাজীৱী সংঘৰ ৰাষ্ট˜ীয় পৰিষদৰ সদস্য নিৰ্বাচিত হৈছিল৷
সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্তি, সুৰক্ষা আদি বিষয়ত তেওঁ আগবঢ়োৱা পৰামৰ্শ ৰাষ্ট˜ীয় পৰিষদে গ্ৰহণ কৰিছিল৷ এগৰাকী আপোচবিহীন আৰু নিৰ্ভীক সাংবাদিক হিচাপে সেৱা আগবঢ়োৱা ভূঞা লখিমপুৰৰ বিভিন্ন সামাজিক সংগঠনৰ অভিভাৱকস্বৰূপ আছিল৷ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব আৰু জিলা সাংবাদিক সংস্থাৰ দিক দৰ্শক তথা অভিভাৱক ভূঞাৰ মৃত্যুত লখিমপুৰৰ সংবাদক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে৷ আজি সন্ধিয়া তেওঁ নশ্বৰ দেহ কে বি ৰোডৰ বাসগৃহলৈ অনাৰ সময়ত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ মূল পথৰ পৰা গায়ন-বায়নেৰে নশ্বৰ দেহ আদৰি প্ৰথমে বাসগৃহ আৰু পিচত লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয় চৌহদলৈ নিয়া হয়৷
এই স্থানতে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়, নাট্যাংগন, লখিমপুৰ জিলা সাংবাদিক সংস্থা, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব, লখিমপুৰ জিলা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা, জাতীয়তাবাদী যুৱ পৰিষদ, কোচ-ৰাজবংশী ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, ৰাইজৰ দল, লখিমপুৰ বিজেপি, লখিমপুৰ অসম গণ পৰিষদ, লখিমপুৰ জিলা কংগ্ৰেছ, লখিমপুৰ জিলা সাহিত্য সভা, নট-সৈনিক, অসম জাতীয় পৰিষদ, নাবিক, চেম্বাৰ্চ অব কমাৰ্চ, লক্ষীমপুৰ বালিকা মহাবিদ্যালয়, লখিমপুৰ টাউন ক্লাব, বৰমূৰীয়া গাঁও পূজা উদ্যাপন সমিতি, উত্তৰ লখিমপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৮৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ গোট, নিবনুৱা সন্থা, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, সদৌ অসম হিন্দু যুৱ পৰিষদ, অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়, অসমীয়া যুৱ মঞ্চ, নক্ষত্ৰ থিয়েটাৰ একাডেমী, দিব্যজ্যোতি মইনা পাৰিজাত, মাৰোৱাৰী যুৱ মঞ্চ, নৃত্যবন, সান্নিধ্য, বিহু সুৰক্ষা সমিতি আদি পঞ্চাশৰো অধিক সংস্থা-সংগঠনে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে৷ তেওঁৰ মৃত্যুত অগপৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, কাৰ্যনিৰ্বাহক সদস্য ধনমণি দত্ত, জিলা সভাপতি দিপক বৰদলৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, সহকাৰী সম্পাদক প্ৰদীপ শৰ্মা, সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জীৱন ৰাজখোৱা, লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা, অসমীয়া প্ৰতিদিনৰ লখিমপুৰ সংস্কৰণৰ শাখা প্ৰবন্ধক মনজিত শৰ্মা, অসমীয়া প্ৰতিদিনৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হৰেন গোস্বামী, প্ৰবীণ সাংবাদিক হাৰনুল ৰছিদ, লখিমপুৰ জিলা সচেতন নাগৰিক মঞ্চৰ সভাপতি ৰেৱত গগৈ, সম্পাদক ছাজাদ হাজৰিকাই ভূঞাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই আজি সন্ধিয়া ছয় বজাৰ পৰা আঠ বজালৈ লখিমপুৰ নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হয়৷
তেওঁৰ নশ্বৰ দেহ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবলৈ আনি অন্তিম শ্ৰদ্ধা জনোৱা হয়৷ ৫৭ বছৰ বয়সত মৃত্যু হোৱা ভূঞাই মৃত্যুৰ সময়ত পত্নীসহ একমাত্ৰ কন্যা, দুই ভাতৃ, এগৰাকী ভগ্নী আৰু আত্মীয়-স্বজন এৰি থৈ যায়৷