ডিজিটেল ডেস্কঃ একমাত্ৰ পুৰস্কাৰ লালসাত এক ভয়ংকৰ ঘটনা সংঘটিত কৰি গ্ৰেপ্তাৰ হ’ল তিনিজন ৰে’লৱে কৰ্মচাৰী। এই ঘটনা গুজৰাটৰ চুৰাটৰ। নিজেই ৰে’লৱে ট্ৰেকৰ পৰা ফিছপ্লেট খুলি ৰাখি ভয়ংকৰ দুৰ্ঘটনাৰ পৰা যাত্ৰীবাহী ৰে’ল ৰক্ষা কৰাৰ বাহ বাহ লৈ পুৰষ্কাৰ লাভ কৰিব বিচৰা ৰে’লৱে কৰ্মচাৰী কেইজনৰ অভিসন্ধি পোহৰলৈ অহাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় তিনিওজনকে। ধৃত ৰেল’ৱে কৰ্মচাৰী কেইজনক ট্ৰেক মেন সুভাষ পোদ্দাৰ আৰু মনীষ মিস্ত্ৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰী শুভম জয়ছৱাল বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, এই তিনি ৰে’ল কৰ্মচাৰীয়ে যোৱা ২১ ছেপ্টেম্বৰত চুৰাটৰ কোছাম্বি আৰু কিম ষ্টেচনৰ মাজৰ ৰে’ললাইনৰ পৰা প্ৰথমে ফিছপ্লেট খোলে। ইয়াৰ পিছত তিনিওজনে তাত ৰে’ল অহালৈ অপেক্ষা কৰে। ক্ষন্তেক সময় পিছত যেতিয়া এখন যাত্ৰীবাহী ৰে’ল আহে, তেওঁলোকে দূৰৈৰ পৰাই ৰে’লখন ৰখাই ৰে’ল লাইনত বিসংগতিৰ কথা উল্লেখ কৰে। ইয়াৰ পিছত ৰে’লৰ চালকজনে নামি আহি দেখে যে ৰে’ল লাইনৰ ফিছপ্লেট খোলা আছে আৰু কিছু নট-বল্টুও খোলা আছে। লগে লগে এই সম্পৰ্কে উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰাত সেইস্থানত ষ্টেচনমাষ্টৰ আৰু ৰে’লৱেৰ বিষয়াৰ লগতে ৰে’লৱে নিৰাপত্তাৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
এই সময়ছোৱাত সকলোৱে ৰে’লখনক সম্ভাব্য ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাৰ বাবে সুভাষ, মনীষ আৰু শুভমক কৃতজ্ঞতা প্ৰকাশ কৰে। কিন্তু সকলোৰে পৰা প্ৰশংসা লৈ পুৰষ্কাৰ পাও পাও হোৱাৰ সময়তে এই তিনি ৰে’ল কৰ্মচাৰীৰ প্ৰকৃত অভিসন্ধি পোহৰলৈ আহে। তদন্তৰ সময়ত এয়া প্ৰমাণ হয় যে তিনিওজন ৰে’ল কৰ্মচাৰীয়েই মিলি এই নাটক ৰচিছিল আৰু ৰে’ল দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে প্ৰদান কৰিবলগীয়া পুৰস্কাৰ লাভৰ দাবীদাৰ হৈছিল। জোলোঙাৰ মেকুৰী ওলাই পৰাৰ পিছতে ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিওজন ৰে’ল কৰ্মচাৰীক।