ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ শংকৰ-মাধৱ চিত্ৰ কলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱালৈ শ্ৰেষ্ঠ বিদ্যালয় পৰিচালকৰ বঁটা প্ৰদান কৰা হয় ৷ ৪ ডিচেম্বৰত কলিকতাৰ জ্ঞানমঞ্চ,প্ৰিটোৰিয়া অনুষ্ঠিত সুৰনন্দন ভাৰতীৰ ২৯ সংখ্যক সৰ্বভাৰতীয় অধিৱেশন অনুষ্ঠিত হয় ।
উক্ত অনুস্থানতে নগাঁৱৰ খ্যাতনামা চিত্ৰশিল্পী তথা শংকৰ-মাধৱ চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাক "শ্ৰেষ্ঠ বিদ্যালয় পৰিচালক" ৰ বঁটা প্ৰদান কৰা হয় ।
তদুপৰি শংকৰ-মাধৱ চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰী নিৰ্মালি দাসে সৰ্বভাৰতীয় অংকন পৰীক্ষা (সপ্তম বৰ্ষ ) ত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক লাভ কৰে লগতে তেওঁক "শ্ৰেষ্ঠ ছাত্ৰী ২০২১-২২ সন্মানেও সন্মানিত কৰা হয় । অনুস্থানত অসম,পশ্চিম বংগ,ত্ৰিপুৰা,গোৱা,উত্তৰ প্ৰদেশ আদিকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ খ্যাতনামা শিল্পীৰ সমন্বয় ঘটে ।
দক্ষিণ কোৰিয়াৰ অৰ্থনীতিবিদ গৌৰাংগ দাস,কিংবদন্তী মণিপুৰী নৃত্যৰ গুৰু কলাৱতী দেৱী, নৃত্যগুৰু স্নুহি চৌধুৰী, তবলা গুৰু মল্লাৰ ঘোষ , বিশিষ্ট কণ্ঠশিল্পী পাপীয়া ঘোষাল,কলকতা উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ অপূৰ্ব সিংহ ৰায় তথা ভাৰতৰ অন্য প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকল উক্ত অনুষ্ঠানত উপস্থিত থাকে ।
অনুষ্ঠানৰ লগত সংগতি ৰাখি ক’ভিড কালত আগবঢ়োৱা সেৱা তথা সামাজকৰ্মী গীতুমণি দেৱীলৈ "সেৱা বঁটা " আগঢ়োৱা হয় । লগতে নগাঁৱৰ ফুলগুৰিৰ চিত্ৰশিল্পী চিত্তৰঞ্জন নাথলৈ "নন্দশ্ৰী" সন্মান আগঢ়োৱা হয় । এই গাম্ভীৰ্যপূৰ্ণ অনুস্থানটি আঁত ধৰে সুৰনন্দন ভাৰতীৰ সম্পাদক ঋতীষ ৰঞ্জন চক্ৰৱতীয়ে।
আৰু পঢ়কঃ ব্যৰ্থতাই লগ এৰা নাই ভাৰতীয় ক্ৰিকেট দলক