গড়গাঁও মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ লাইভ টেলিকাষ্টঃ উপস্থিত সুশান্ত বৰগোহাঁই

গড়গাঁও মহাবিদ্যালয়ৰ শৈক্ষিক প্ৰেক্ষাগৃহত বাতানুকূল ব্যৱস্থাৰ প্ৰতিশ্ৰুতি বিধায়কৰ

author-image
Asomiya Pratidin
New Update
গড়গাঁও মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ লাইভ টেলিকাষ্টঃ উপস্থিত সুশান্ত বৰগোহাঁই

ডিজিটেল সংবাদ,শিৱসাগৰঃ ছাত্ৰী সবলীকৰণ তথা বাল্য বিবাহ ৰোধৰ অনুপ্ৰেৰণাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা নিযুত মইনা আঁচনিৰ বৃহস্পতিবাৰে গড়গাঁও মহাবিদ্যালয় শৈক্ষিক প্ৰেক্ষাগৃহত লাইভ টেলিকাষ্ট আগবঢ়োৱা হয়।

লাইভ টেলিকাষ্টৰ পাছতে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই নিযুত মইনা আঁচনিৰ উদ্দেশ্য আৰু পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি কয় যে প্ৰতি মাহে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীৰ বাবে ১০০০ টকা, স্নাতক পৰ্যায়ত নামভৰ্তি কৰা ছাত্ৰীৰ বাবে ১২৫০ টকা আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীৰ বাবে ২৫০০ টকা ধাৰ্য কৰা এই আচঁনিৰ লক্ষ্য হৈছে ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষাগ্ৰহণৰ বাবে সহায়ক হোৱাকৈ আৰ্থিক সকাহ প্ৰদান কৰা।

তথা বাল্য বিবাহৰ পৰা বিৰত ৰাখি নাৰী সৱলীকৰণ সুনিশ্চিত কৰা। গতিকে ছাত্ৰী সবলীকৰণ তথা বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত এই আচঁনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেখেতে মত প্ৰকাশ কৰে। তদুপৰি সময়োচিত এই আচঁনিয়ে ছাত্ৰীসকলক প্ৰকৃতাৰ্থত উপকৃত কৰিব বুলি অধ্যক্ষগৰাকীয়ে অভিমত প্ৰকাশ কৰে। অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই।

বিধায়ক বৰগোহাঁয়ে আঁচনিখনৰ সুবিধা আৰু উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰি অনুষ্ঠানত উপস্থিত থকা ছাত্ৰীসকলৰ মাজত আৱেদন প্ৰ-পত্ৰ বিতৰণ কৰে। উল্লেখ্য যে বিধায়কগৰাকীয়ে গড়গাঁও মহাবিদ্যালয়ৰ শৈক্ষিক প্ৰেক্ষাগৃহত বাতানুকূল যন্ত্ৰ সংযোগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে অনাগত দিনতো মহাবিদ্যালয়ৰ উন্নয়নমুখী কামত সক্ৰিয় সহযোগ আগবঢ়াব বুলি কথা দিয়ে।

নিযুত ম‌ইনা আঁচনিৰ বাবে উপযুক্ত সকলো ছাত্ৰীয়ে যাতে এই সুবিধা পায় তাৰ নিশ্চিতকৰণৰ বাবে আঁচনিখনৰ ন’ডেল অধ্যাপক তথা অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰিমঝিম বৰা, ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক বনিকা বুঢ়াগোহাঁই, অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দেৱযানী বকলীয়াল আৰু প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° ৰশ্মি দত্ত‌ই সহযোগ আগবঢ়ায়।

ড০ ৰিমঝিম বৰাই আঁত ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰীণা সন্দিকৈ, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° সুৰজিত শ‌ইকীয়া, পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক দিগন্ত কোঁৱৰৰ লগতে মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ শিক্ষক, কৰ্মচাৰী আৰু প্ৰায় পাঁচ শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Also Read: বিনামূলীয়া চিকিৎসা,কৰ ৰেহাই,বেংকত পাতিব নালাগে লাইনঃ বয়োজেষ্ঠ নাগৰিকৰ বাবে প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা...

gorgaon collage Sushanta borgohain