ৰঙাপৰাত কিশোৰৰ মৃত্যুক লৈ দল-সংগঠনৰ প্ৰতিবাদ : হত্যাৰ সন্দেহ...

ৰঙাপৰাত কিশোৰৰ মৃত্যুক লৈ দল-সংগঠনৰ প্ৰতিবাদ : হত্যাৰ সন্দেহ...
Published on
Updated on

ডিজিটেল সংবাদ,ৰঙাপৰাঃ এজন কিশোৰ চিপ লৈ আত্মহত্যা কৰা অৱস্থাত ৰঙাপৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৷ ঘটনাটি সংঘটিত হৈছে ৰঙাপৰাৰ ৰেলৱে নিউ কলনীৰ এটি বাসগৃহৰ পিছফালৰবাৰীত ৷ যি ঘটনাই ৰঙাপৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনাৰ বিৱৰণী মতে ৰেলৱে কলনীৰ ৰঞ্জন নাথ ওৰফে মুন নামৰ যুৱকজনে হাতীবাৰী চাহ বাগিচাৰ ৫নং লাইনৰ আঠবছৰীয়া বিৰাজ তাঁতী নামৰ কিশোৰজনক পঢ়া শুনা কৰোৱাৰ উদ্যেশৰে আনিছিল ৷ কিন্তু ৰঞ্জন নাথে কিশোৰজনক ঘৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰাৰ লগতে মানসিক আত্যাচাৰ চলাই অহাৰ অভিযোগ কৰিছে পৰিয়াল তথা আছাই ৷

কিশোৰজনক হত্যা কৰি ৰঞ্জন নাথৰ পৰিয়াল বৰ্গই আত্মহত্যাৰহে ৰূপ দিয়াৰ চেষ্টা চলোৱা বুলি মৃতকৰ পৰিয়ালবৰ্গ ও আছাই অভিযোগ কৰিছে ৷ ইতিমধ্যে মৃত কিশোৰ বিৰাজ তাঁতীৰ পৰিয়ালবৰ্গই ৰঞ্জন নাথৰ বিৰুদ্ধে ৰঙাপৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

আনহাতে আৰক্ষীয়ে অভিযুক্ত ৰঞ্জন নাথক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে । ইতিমধ্যে ৰঙাপৰা আৰক্ষীয়ে কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

মৰণোত্তৰ পৰীক্ষাৰ পাছতে প্ৰকৃত তথ্য পোৰহলৈ আহিব ৷ ইফালে আজি দুপৰীয়া আছাৰ সদস্য সকলে ৰঙাপৰা আৰক্ষী থানাত উপস্থিত হৈ হত্যাকাণ্ডৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷ কিশোৰজনে আত্মহত্যা কৰিছিল নে হত্যা কৰা হৈছিল সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে গ’ম পোৱা যাব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in