চিৰাঙত বিজেপিৰ সভাত কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ...

চিৰাঙত বিজেপিৰ সভাত কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাংঃ আগন্তুক ২০২৫ ৰ বিটিচি পৰিষদীয় নিৰ্বাচনক লক্ষ্য ৰাখি কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ এতিয়া বিটিআৰ ত বিজেপি দলৰ হৈ মুকলিকৈ চলাইছে সদস্য ভৰ্তি অভিযান। আজি বিটিআৰৰ চিৰাং জিলাৰ বাসুগাওঁ চহৰৰ সমীপৰ খাঠালপাৰাত বিজেপিৰ দলীয় যোগদান সভাত অংশগ্ৰহণ কৰে বিধায়ক গৰাকীয়ে ।

যোৱা লোকসভা নিৰ্বাচনৰ প্ৰচাৰত আহি বিধায়ক কমলাক্ষ্য দেব পুৰকায়স্থই গাঁওবাসীক প্ৰতিশ্ৰুতি দি কৈছিল ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিত যদি এনডিএ ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিজয়ী হয় তেন্তে গাঁৱৰ একমাত্ৰ জহিখহি যোৱা কালী মন্দিৰটো নিৰ্মাণ কৰি দিব। আজি বিধায়ক গৰাকীয়ে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি খাঠালপাৰা গাঁৱত উপস্থিত কালী মন্দিৰ নিৰ্মাণ কৰাৰ বাবে গাঁওবাসীৰ হাতত তেখেতৰ ব্যক্তিগত ভাবে ধন আগবঢ়ায়।

উক্ত সভাতে আগন্তুক ২০২৫ ৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ কথা উল্লেখ কৰি কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই ঘোষনা কৰিছে যে বিটিচি নিৰ্বাচনত বিজেপি দলে অকলে প্ৰতিদ্বন্দিতা কৰিব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছত বিজেপি দল তৎপৰ হৈ ইতিমধ্যেই দলীয় কামকাজ তীব্ৰতৰ কৰি তুলিছে। তাৰ পৰিপ্ৰেক্ষিতত বিটিআৰ এলেকাত প্ৰতিদিনেই চলি আছে বিজেপিৰ নতুন সদস্য ভৰ্তি অভিযান আৰু বিজেপিৰ এই অভিযানত ৰাইজৰ সঁহাৰি লেখত লবলগীয়া পৰিলক্ষিত হৈছে ।

এতিয়া বিটিআৰৰ পৰিস্থিতি বহু পৰিবৰ্তন হৈছে কেৱল পৰিবৰ্তন হলেই নহব মানুহৰ লাগে এতিয়া উন্নয়ন। উন্নয়নৰ হকে মানুহে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতাধীন চৰকাৰখনেই গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি থকা ৰাইজে উপলব্ধি কৰি আছে । যাৰ কাৰণেই সেই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ ৰাইজে বিজেপি দলকে বিচাৰি আছে । আজি খাঠালপাৰা গাঁৱত ৰাইজৰ আগত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি তেওঁলোকৰ মাজত উপস্থিত হৈছো সেয়ে ৰাইজেও যথেষ্ট সঁহাৰি জনাই আগবাঢ়ি আহিছে বুলি মন্তব্য কৰে ।

আনহাতে শেহতীয়াকৈ বিটিচিৰ এগৰাকী কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দেৰ নাৰী কেলেংকাৰিৰ কথা সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈ আছে এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত কমলাক্ষ দেৱ পুৰকায়স্তই কয় যে ইয়াৰ বাবে আইন আছে আৰু আইনৰ মতে চলিব আইনত যি হয় হব এই বিষয়ে মই একা মন্তব্য দিয়াটো সমীচীন নহ'ব বুলি মন্তব্য কৰে ।

চিৰাঙত বিজেপিৰ সভাত কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ...
বিহালীত ৰাজ্যিক ভিত্তিত বীৰ বীৰছা মুণ্ডা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in