দিল্লীৰ কনক্লেভত অৰ্থবহ আলোচনাঃ ভুলৰ পৰা শিকি উঃপূবৰ পৰ্যটন উদ্যোগক আগুৱাই নিব লাগিব...

author-image
Asomiya Pratidin
New Update
দিল্লীৰ কনক্লেভত অৰ্থবহ আলোচনাঃ ভুলৰ পৰা শিকি উঃপূবৰ পৰ্যটন উদ্যোগক আগুৱাই নিব লাগিব...

pratidin conclave

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনক অধিক সম্প্ৰসাৰিত কৰাৰ লগতে ইয়াৰ সম্ভাৱনিয়াত আৰু পৰ্যটন উদ্যোগৰ বিকাশৰ উদ্দেশ্যৰে অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমে দিল্লীত অনুষ্ঠিত কৰা দ্যা কনক্লেভ-২০২২ ৰ প্ৰথম দিনটোত 'বহনক্ষম পৰ্যটন আৰু উত্তৰ পূৱ ভাৰত' শীৰ্ষক শিৰোনামৰে এক বস্তুনিষ্ঠ আলোচনা অনুষ্ঠিত হৈ যায়। প্ৰতিদিন টাইমৰ মুখ্য পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে আঁঁত ধৰা এই আলোচনাত পৰ্যটন উদ্যোগী জাহ্নবী ফুকন আৰু ডিপ্লমেটিক ট্ৰেভেলপইণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক তথা এ ডি টি অ' আইৰ সভাপতি পি পি খান্নাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

আলোচনাত অংশগ্ৰহণ কৰি জাহ্নৱী ফুকনে ৰাষ্ট্ৰীয় ৰাজধানীত এই আলোচনা অনুষ্ঠিত কৰাৰ বাবে প্ৰতিদিন গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰি কয় যে, উত্তৰ পূৰ্বাঞ্চল পৰ্যটন ক্ষেত্ৰত শেহতীয়াকৈ আত্মপ্ৰকাশ কৰিছে। ইয়াৰ সুযোগ কৰিছে অঞ্চলটোৰ ৰাজ্য কেইখনে। কিয়নো অন্যান্য পৰ্যটন ক্ষেত্ৰই কৰা ভুলবোৰ অধ্যয়ন কৰি এই ৰাজ্য কেইখনে সেই ভুলৰ পৰা শিক্ষা ল'ব পাৰিব।

তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চল পৰ্যটন ক্ষেত্ৰত ব্যতিক্ৰম বুলি উল্লেখ কৰি কয়, আমাক অত্যাধিক পৰ্যটনৰ প্ৰয়োজন নাই। ইফালে আলোচনাত অংশগ্ৰহণ কৰি পি পি খান্নাই কয় যে, মহামাৰীৰ পিছত আমি অত্যাধিক জনবহুল অঞ্চলৰ পৰা আঁতৰি প্ৰকৃতিৰ অধিক কাষ চাপি গৈছো। অসমৰ প্ৰকৃতিৰ কথা ক'বলৈ গৈ তেওঁ কয় গোটেই বিশ্বত আজিৰ সময়ত হাড়গিলা আছে মাত্ৰ ১৫০০। ইয়াৰ ভিতৰত অসমতেই আছে সৰ্বাধিক ৫০০ হাড়গিলা।

অসমৰ পৰ্যটনৰ ক্ষেত্ৰৰ কথা উল্লেখ কৰিবলৈ গৈ তেওঁ কয়, উপযুক্ত প্ৰচাৰৰ অভাৱৰ বাবেই উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰই বিশ্বব্যাপি অধিক প্ৰসাৰতা লাভ কৰা নাই। এই অঞ্চলটোৰ সংস্কৃতি, সংগীত, নৃত্যৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়োজন আছে।

তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বহু এনে ঠাই আছে যাৰ সন্ধান বিশ্ববাসীয়ে এতিয়াও লাভ কৰা নাই, সেই সমূহ প্ৰাকৃতিক ভাৱে চহকী আৰু মনোমোহা অঞ্চলৰ সন্ধান কৰি ভ্ৰমণ বিলাসী লোকসকলৰ দৃষ্টি আকৰ্ষণৰ বাবে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰাৰো পৰামৰ্শ প্ৰদান কৰিছে।

আনহাতে পৰ্যটন উদ্যোগী জাহ্নৱী ফুকনে কয়, সকলোৱে আজিৰ তাৰিখত বহনক্ষম পৰ্যটন আশা কৰে। ইয়াৰ বাবে চৰকাৰ আৰু ব্য়ক্তিগত খণ্ডৰ উদ্যোগীয়েও সহযোগিতা আগবঢ়াব লাগিব। তেওঁৰ মতে পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে পি পি পি অৰ্থাত পাবলিক, প্ৰাইভেট আৰু পাৰ্টনাৰ্শ্বিপ পদ্ধতিয়েই উত্তম বুলি উল্লেখ কৰিছে। উদ্যোগটোৰ বিকাশৰ বাবে যুৱ প্ৰজন্মৰ অংশগ্ৰহণৰো পোষকতা কৰে উদ্যোগীগৰাকীয়ে।

উদ্যোগটোৰ বিকাশৰ বাবে হোটেল, পৰিবহন আদি আনুসাংগিক সকলো ক্ষেত্ৰৰে সহযোগিতাও লাগিব বুলি উল্লেখ কৰি তেওঁ কয়, নিৰ্দিষ্ট ঠাই নহয় সেই ঠাইৰ মানুয়েহে পৰ্যটনক অধিক আকৰ্ষণ কৰে।

এই অঞ্চলটোৰ পৰ্যটনৰ বিকাশৰ বাবে পি পি খান্নাই পয যোগাযোগ ব্যৱস্থা অধিক উন্নিতকৰণ, বিমান সেৱা, আদিৰ বিকাশৰ কথা দোহাৰে। তেওঁ এই অঞ্চলৰ বিদ্ৰোহী গোট সমূহৰ বাবেই যোগাযোগ ব্যৱস্থাৰ অধিক উন্নতি নোহোৱাৰ বাবে পৰ্যটন উদ্যোগটোক ক্ষতি কৰিছে বুলিও উল্লেখ কৰে। সেয়েহে এতিয়া তেওঁ এই সমস্যাসূহৰ পৰা আঁতৰি উন্নয়নৰ দিশে অগ্ৰসৰ হোৱাৰ এয়াই সঠিক সময় বুলি উল্লেখ কৰে।

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা থকাৰ বাবে পৰ্যটকসকল বহু সময়ত অসুবিধাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি কয় যে এই ৰাজ্য কেইখনৰ বাবে যদি এখনেই পাৰপত্ৰৰ ব্যৱস্থা কৰা হয় তেন্তে পৰ্যটকৰ বাবে সুবিধা হয়।

ইফালে পৰ্যটন উদ্যোগেই সৰ্বাধিক সংস্থাপনৰ বাট মুকলি কৰে বুলি উল্লেখ কৰি কয় যে, এই ক্ষেত্ৰত এই অঞ্চলৰ লোকসকলক অত্যাধিক অতিথিপৰায়ণ, পৰ্যটন ক্ষেত্ৰত ক্ষুদ্ৰ কৰ, শিক্ষাৰ্থীক দ্বাৰা পৰ্যটন ক্ষেত্ৰৰ লগত জড়িতকৰণ, কৰ্মশক্তিৰ বিকাশ, ঐতিহ্যৰ সংৰক্ষণ, প্ৰকৃতিৰ সংৰক্ষণকে ধৰি বিভিন্ন দিশৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে।

pratidin time ASOMIYA PRATIDIN pratidin conclave