ডিজিটেল ডেস্কঃ আজি ছহিদ দিৱস। ৮১টা বছৰ সম্পূৰ্ণ কৰিলে ভাৰত ত্যাগ আন্দোলনত দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া অসমীয়া সেননীৰ মৃত্যুয়ে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত দেশমাতৃৰ স্বাধীনতাৰ হকে যুঁজ দি ২০ ছেপ্টেম্বৰ দিনটোতেই মৃত্যুবৰণ কৰিছিল কেইবাগৰাকীও অসমীয়াই।
এইসকলৰ ভিতৰত আছিল কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, তিলেশ্বৰী বৰুৱা, মনবৰ নাথ আৰু কমলা মিৰিকে ধৰি কেইবাগৰাকীও বীৰ-বীৰাংগনা। স্বাধীনতা বিপ্লৱত অসীম ত্যাগ আৰু দেশপ্ৰেমৰ অতুল্য নিদৰ্শন দেখুৱাই এইসকল সংগ্ৰামীয়ে বৃটিছৰ বিপক্ষে থিয় দিছিল। গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈ বৃটিছৰ গুলীত মৃত্যুবৰণ কৰে কনকলতা বৰুৱা, মুকুন্দ কাকতি আদিয়ে।
উল্লেখ্য যে, এই আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথমগৰাকী অসমীয়া মহিলা ছহিদ কনকলতা বৰুৱাৰ পৰিয়ালে আজিৰ দিনটোতে ৰাজ্যবাসীক দিছে এটি ভাল খবৰ। কনকলতা বৰুৱাৰ ভাতৃ কালিচৰণ বৰুৱাই ছহিদ কনকলতা বৰুৱাৰ বিভিন্ন তথ্য সমৃদ্ধ এখন গ্ৰন্থ লিখি প্ৰকাশৰ দিশে আগবাঢ়িছে।
১৯৭৫ চনৰ পৰা লিখি অহা বিভিন্ন তথ্য সমৃদ্ধ ২৫০ পৃষ্ঠাজোৰা এই গ্ৰন্থখনৰ নাম হ'ব "শ্বহীদ কনকলতা বৰুৱা আৰু অন্যান্য"। গ্ৰন্থখন প্ৰকাশৰ বাবে চৰকাৰৰ পৰা দীৰ্ঘদিন ধৰি পৰিয়ালৰ লোকে সহায়ৰ হাত বিচাৰিছিল যদিও সুফল লাভ নকৰাত পৰিয়াল আৰু ছহিদ কনকলতা বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে গ্ৰন্থখন প্ৰকাশৰ দিহা কৰিছে।
Also Read: আজি ৰাণাদাৰ ওপজা দিন...