সচিবালয়লৈ আহিলে লৈ আহিব অতিৰিক্ত ধনঃ পানীৰ বাবেও আপুনি ভৰিব লাগিব কৰ...

সচিবালয়লৈ আহিলে লৈ আহিব অতিৰিক্ত ধনঃ পানীৰ বাবেও আপুনি ভৰিব লাগিব কৰ...

author-image
Asomiya Pratidin
New Update
সচিবালয়লৈ আহিলে লৈ আহিব অতিৰিক্ত ধনঃ পানীৰ বাবেও আপুনি ভৰিব লাগিব কৰ...

সচিবালয়লৈ আহিলে লৈ আহিব অতিৰিক্ত ধনঃ পানীৰ বাবেও আপুনি ভৰিব লাগিব কৰ...

ডিজিটেল ডেস্কঃ ৰাজ্যপ্ৰশাসনৰ আন এক তুগলকী কাণ্ড। সচিবলায়লৈ আহি আপুনি দিব লাগিব খোৱা পানীৰ বাবে কৰ। চৰকাৰে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। খোৱা পানীৰ ঠিকাৰ বাবে আহ্বান কৰিছে নিবিদা।

যিসময়ত এটুপি খোৱা পানীৰ বাবে মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে, বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ গুৱাহাটী পৌৰ নিগম তথা চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সেই সময়তে সচিবালয়ত মিনাৰেল ৱাটাৰৰ বটল যোগান ধৰাৰ ব্যৱস্থা হাতত লৈছে।

একুৱাগাৰ্ডৰ দৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা থকাৰ পিছতো সচিবালয়ত খোৱা পানীৰ বাবে ৫ টাকৈ প্ৰতিষ্ঠানৰ বটলিং পানীৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে ইতিমধ্যে নিবিদাও আহ্বান কৰিছে।

সচিবালয়ত খোৱা পানীৰ বাবে একুৱাগাৰ্ডৰ ব্যৱস্থা থকাৰ পিছতো চৰাকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই এতিয়া সকলোৰে চকু কপালত তুলিছে। চৰকাৰে নিৰ্বাচিত ৫ টা প্ৰতিষ্ঠানৰ বটলিং পানীৰ বাবে এবছৰীয়া চুক্তি কৰি তাৰ বাবে ঠিকা আৱণ্টন দিব।

সেই অনুসৰি সচিবালয়ত লাগে ২০ লিটাৰৰ ৩২৪ টা জাৰ, ৫০০ মিলি লিটাৰৰ ১৯০০৮ টা বটল আৰু ২৫০ মিলি লিটাৰৰ ১৭৫৬৮ টা বটল ৷ এই ঠিকাৰ বাবে নিবিদা দাখিলৰ অন্তিম তাৰিখ ১৭ ডিচেম্বৰ।

এতিয়া প্ৰশ্ন হয়, কোনে আৰু কেনেকৈ নিৰ্ধাৰণ কৰিলে এবছৰত কিমান খোৱা পানীৰ বটলৰ প্ৰয়োজন হ'ব? তাৰোপৰি একুৱাগাৰ্ডৰ ব্যৱস্থা থকাৰ পিছতো কিয় নিৰ্ধাৰিত ৫ টা প্ৰতিষ্ঠানৰ পানীৰ বটলৰ ব্যৱস্থা কৰা হৈছে? ইয়াৰ আঁৰত লুকাই আছেনেকি সুবিধাবাদী, লুণ্ঠনকাৰীৰ চক্ৰান্ত?

তাৎপৰ্যপূৰ্ণ ভাৱে এই পানী বটলসমূহৰ বাবে যি ধন খৰচ হ'ব সেই ধন ভৰিব লাগিব সাধাৰণ জনতাই। এটাৰ পিছত আন এটাকৈ উপৰ্যুপৰি কৰৰ বোজা বহন কৰি জুৰুলা হৈ পৰা সাধাৰণ জনতাক এইদৰে অনৰ্থক কৰৰ বোজা বহন কৰিবলৈ বাধ্য কৰোৱা কাৰ্যই চৰকাৰৰ জনসাধাৰণৰ সমস্যা আৰু আৰ্থিক দৈন্যতাৰে ভাৰাক্ৰান্ত দিশলৈ থকা উদাসীনতাকেই প্ৰমাণ কৰিছে।

খোৱাপানীৰ অভাৱত মহানগৰবাসীয়ে হাহাকাৰ কৰি থকাৰ সময়ো সচিবালয়ত খোৱা পানীৰ বাবে আছে পৰ্যাপ্ত সুবিধা। আছে পৰ্যাপ্ত একুৱাগাৰ্ডৰ দৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা। তাৰ পিছতো হাজাৰ হাজাৰ কোটি টকাৰ ঋণত ডুবি থকা চৰকাৰখনৰ এনে সিদ্ধান্ত কিমান যুক্তি সংগত আৰু অনৰ্থক সেয়া নকলেও সকলোৱে বুজি পাইছে।

সচিবালয় দিছপুৰ