শীতল পানীয়ৰ জনপ্ৰিয়তাই ভাবুকি আনিছে চাহ উদ্যোগলৈঃ সম্ভাৱনিয়তাৰ পথ দেখুৱালে প্ৰতিদিন কনক্লেভে...

author-image
Asomiya Pratidin
New Update
শীতল পানীয়ৰ জনপ্ৰিয়তাই ভাবুকি আনিছে চাহ উদ্যোগলৈঃ সম্ভাৱনিয়তাৰ পথ দেখুৱালে প্ৰতিদিন কনক্লেভে...

pratidin conclave

ডিজিটেল ডেস্কঃ 'অসমৰ চাহ উদ্যোগ আৰু ইয়াৰ প্ৰতিবন্ধকতা' শীৰ্ষক আলোচনাত অসমৰ চাহ উদ্যোগৰ ভৱিষ্যত সম্ভাৱনিয়তা আৰু এই উদ্যোগে সন্মুখীন হোৱা প্ৰতিবন্ধকতা সম্পৰ্কে বহু নতুন দিশৰ উন্মোচন হোৱাৰ লগতে এই সমস্যা কিদৰে দূৰ কৰিব পাৰি সেই সম্পৰ্কেও বাট মুকলি হৈছে।

অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমে পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ মানেকশ্ব কেন্দ্ৰত অনুষ্ঠিত হোৱা 'দ্যা কনক্লেভ-২০২২'ত প্ৰথম দিনটোৰ দ্বিতীয়খন আলোচনাত অংশগ্ৰহণ কৰি ভাৰতীয় চাহ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ প্ৰভাত বেজবৰুৱা, এ ই আৰ চিৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণ আৰু আটছাৰ নেতা ধীৰাজ গোৱালাই অসমৰ চাহ উদ্যোগৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সম্ভাৱনিয়তাৰ দিশসমূহ বিশদ ভালে আলোচনা কৰে।

আলোচনাখনত কুমাৰ সঞ্জয় কৃষ্ণই অসমৰ চাহ উদ্যোগে সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা প্ৰতিবন্ধকতা সম্পৰ্কে আলোচানা কৰিবলৈ গৈ কয় যে, ভাৰতীয় চাহ ৰপ্তানিকৰ্তা সকলে চাহৰ গুণাগণ সম্পৰ্কে সচেতন নহয়। তেওঁলোকে ৰপ্তানি কৰা চাহ গুণাগণ নিম্নমানৰ। তেওঁ চাহ ৰপ্তানিকৰ্তাসকলৰ লগতে চাহ উৎপাদনত জড়িতসকলক চাহৰ উৎপাদনশীলতা, মানদণ্ড, ব্ৰেণ্ড সৃষ্টি, ৰপ্তানিৰ সঠিক পৰিকল্পনা আৰু যান্ত্ৰিককৰণক লৈ বজাৰ সৃষ্টি কৰাই হৈছে চাহ উদ্যোগৰ উন্নতিৰ মাপকাঠি।

আনহাতে আলোচনাত উপস্থিত থকা চাহ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ প্ৰভাত বেজবৰুৱাই চাহ উদ্যোগে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ কয় যে, জলবায়ু পৰিৱৰ্তনে চাহ উদ্যোগত বৃহৎ সমস্যাৰ সৃষ্টি কৰিছে। বিশেষকৈ অসমৰ জয়লবায়ু অধিক উষ্ণ হৈ যোৱাৰ ফলত ই অধিক সমস্যাৰ সৃষ্টি কৰিছে।

চাহ উদ্যোগৰ বাবে নাতিষিতুষ্ণ জলবায়ুৰ প্ৰয়োজন। কিন্তু দিনক দিনে উষ্ণতা বৃদ্ধি পোৱাৰ ফলত চাহ উৎপাদনত প্ৰভাৱ পৰাৰ লগতে চাহ সেৱন কৰাৰ ক্ষেত্ৰত মানুহে চিন্তা কৰিবলৈ ধৰিছে। অন্যান্য শীতল পানীয়ৰ সহজলভ্যতাৰ বাবে মানুহে অত্যাধিক গৰমৰ বাবে চাহ খাবলৈও এৰিছে।

তেওঁ কয় চাহ উদ্যোগৰ এখন ভাল বজাৰ আহিব কিন্তু এই বজাৰ বহনক্ষম নহ'ব। কিয়নো কোকাকলাৰ দৰে গ্লেমাৰছ শীতল পানীয়ৰ বাবে চাহ উদ্যোগ অধিক সমস্যাৰ সন্মুখীন হৈছে। শীতল পানীয়ৰ জনপ্ৰিয়তাই চাহৰ জনপ্ৰিয়তা হ্ৰাস কৰাই নহয়, চাহৰ বিশ্বব্যাপী থকা বজাৰখনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।

বেজবৰুৱাই অসমৰ চাহে সন্মুখীন হোৱা প্ৰতিবন্ধকতাক দুটা ভাগত ভাগ কৰিছে। তেওঁ ইয়াৰ বাবে জলবায়ু আৰু চাহৰ গুণাগুণক দোষাৰোপ কৰিছে। চাহৰ গুণাগুণ ৰক্ষা কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ সহায়ত কেচা পাত তোলাৰ কথাকো আঙুলিয়াই দিয়ে। প্ৰযুক্তিৰ সহায়ত পাত তোলাৰ বাবে কুমলীয়া পাতৰ লগত বুঢ়া পাত অহাৰ বাবে চাহৰ গুণাগুণ হ্ৰাস হৈছে।

আনহাতে চাহ জনগোষ্ঠীয় নেতা ধীৰাজ গোৱালাই কয় যে, ক্ষুদ্ৰ চাহ উদ্যোগৰ বাবেও নূন্যতম সমৰ্থন মূল্যৰ নীতি প্ৰযোজ্য যদিও বটলিং প্লেণ্টসমূহৰ ওপৰত ভাৰতীয় চাহ বৰ্ডৰ নিয়ন্ত্ৰণ নথকাৰ হেতু তেওঁলোকে চাহ খেতিয়কসকলক নিজ ইচ্ছামতেই মূল্য পৰিশোধ কৰে। তেওঁলোকে চাহৰ উৎপাদন হ্ৰাস হোৱাৰ সময়ত ক্ষুদ্ৰ উদ্যোগৰ পৰা উচিত মূল্যতে চাহ ক্ৰয় কৰে যদিও তেওঁলোকৰ উৎপাদন বৃদ্ধি পোৱাৰ সময়ত ক্ষুদ্ৰ চাহ খেতিয়কক নূন্যতম মূল্যও পৰিশোধ নকৰে।

pratidin conclave