ৰঙাপৰাত ভয়াৱহ পথ দুৰ্ঘটনা: বাগৰি পৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক

ৰঙাপৰাত ভয়াৱহ পথ দুৰ্ঘটনা: বাগৰি পৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাত। এটা প্ৰচণ্ড শব্দ কৰি চাহ বাগিচাৰ মাজত বাগৰি পৰিল গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন গধুৰ ট্ৰাক।

ৰঙাপৰা-মিছামাৰী সংযোগী পথচোৱাৰে তীব্ৰ গতিত গৈ থকা AS- 09 -AC -5719 নম্বৰৰ ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই বৰজুলি চাহ বাগিচাৰ মাজত বাগৰি পৰে। দুৰ্ঘটনাৰ পাছতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনে ভয়তে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ইফালে ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিলক চন্দ্ৰ তেৰাং উপস্থিত হয়। গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ট্ৰাকখনত যাতে অগ্নিকাণ্ড সংঘটিত নহয় তাৰ বাবে ৰঙাপৰাৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বৰজুলিত উপস্থিত হয়। ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ৰঙাপৰাত ভয়াৱহ পথ দুৰ্ঘটনা: বাগৰি পৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক
নুনমাটিৰ চাঞ্চ্যকৰ ডকাইতি কাণ্ডঃ লক্ষ্য আছিল মাটি বিক্ৰী কৰা ধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in