বোকাময়-বিষাক্ত পানীক লৈয়ো হেতাওপৰা ! ক'ত এই পৰিস্থিতি, পঢ়ক সবিশেষ...

বোকাময়-বিষাক্ত পানীক লৈয়ো হেতাওপৰা ! ক'ত এই পৰিস্থিতি, পঢ়ক সবিশেষ...
Published on
Updated on

ডিজিটেল সংবাদ, ওৰাংঃ মাজবাটৰ অসম-অৰুণাচল সীমান্তৰ এখন গাঁৱত ভয়ংকৰ পৰিস্থিতি। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহত শুকাই গৈছে কুঁৱা-নদীৰ পানী। খাবলৈ নাই পানী, পানীৰ অভাৱত ১৫ দিনে গা ধুৱ পৰা নাই গাওঁবাসীয়ে। এটুপি পানীৰ বাবে ওৰে দিন শাৰী পাতিও পোৱা নাই প্ৰয়োজনীয় পানী। দুই-এটা কুঁৱাৰ পৰা সামান্য পৰিমানকৈ ওলোৱা লেতেৰা-বোকাময়, বিষাক্ত পানীক লৈয়ো হেতাওপৰা। ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাওঁ খনত।

ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৰ দলনিগাঁৱত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। উৎকট গৰমত গাওঁখনত থকা কুঁৱা আৰু নদীৰ পানী শুকাই গৈছে। পাহাৰীয়া অঞ্চলটোত কুঁৱা আৰু নদীৰ পানীয়ে এক মাত্ৰ ভৰসা। তেনে স্থলত পানী শুকাই যোৱাৰ ফলত গাঁৱত হাহাকাৰ অৱস্থা হৈছে।

গাঁৱৰ ৮টা কুঁৱাৰ ভিতৰত দুই-এটা কুঁৱাত ২-৩ ঘন্টা মূৰে-মূৰে সামান্য পৰিমানকৈ লেতেৰা-বোকাময় পানী জমা হয়। সেই বিষাক্ত পানীৰ বাবে এইদৰে হেতাওপৰা লাগে। প্ৰয়োজনীয় কামখিনি কৰিবৰ বাবে এইদৰে পানীৰ বাবে শাৰী পাতিও বিমুখ হ'বলগীয়া হয়। গাওঁখনৰ ওচৰতে থকা নদীৰ পানীও শুকাই মৰুভূমি সদৃশ হৈছে। ফলত দলনিগাঁৱৰ ৰাইজ উপায়হীন হৈ পৰিছে।

ভাত ৰান্ধিবলৈ সামান্য পৰিমানকৈ ওলোৱা লেতেৰা-বোকাময় পানীয়ে ফিল্টাৰ কৰি ব্যৱহাৰ কৰে। পানীৰ অভাৱত গাওঁখনৰ লোকসকলে আজি প্ৰায় ১৫ দিনে গা- ধুব পৰা নাই। গাঁৱখনত চৰকাৰৰ "হৰ ঘৰ নল ,হৰ ঘৰ জল" আঁচনিৰ জলজীৱনেও এতিয়ালৈ ঢুকি পাবলৈ সক্ষম হোৱা নাই। স্থানীয় বিধায়ক চৰন বড়ো,বিটিআৰ চৰকাৰৰ কোনো প্ৰতিনিধিয়ে আজিলৈ দলনিগাঁৱৰ ৰাইজৰ খবৰ লবলৈ আহৰি নাই। গাওঁখনত বিশুদ্ধ খোৱা পানীৰ বাবে শীঘ্ৰেই ব্যৱস্থা কৰিবলৈ বিটিআৰ চৰকাৰ,অসম চৰকাৰক অনুৰোধ ৰাইজৰ।

বোকাময়-বিষাক্ত পানীক লৈয়ো হেতাওপৰা ! ক'ত এই পৰিস্থিতি, পঢ়ক সবিশেষ...
নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ ৰঞ্জন ভৰালীৰ দেহাৱসান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in