বৰহোলা গড়াজান মিচিং গাঁৱত বস্ত্ৰ উৎপাদন কেন্দ্ৰ উদ্বোধন

মিচিং গাঁৱত শনিবাৰে বৰহোলা আদৰ্শ মণ্ডল পৰ্যায়ৰ সংগঠন  অধীনত কাংকান আত্মসহায়ক কেন্দ্ৰত পিটলুম তাঁতশালৰ এটা বস্ত্ৰ উৎপাদন কেন্দ্ৰ উদ্বোধন কৰা হয়।

author-image
Asomiya Pratidin
New Update
বস্ত্ৰ উদ্যোগ

ডিজিটেল সংবাদ, বেকাজান : বৰহোলাৰ গড়াজান মিচিং গাঁৱত শনিবাৰে বৰহোলা আদৰ্শ মণ্ডল পৰ্যায়ৰ সংগঠন  অধীনত কাংকান আত্মসহায়ক কেন্দ্ৰত পিটলুম তাঁতশালৰ এটা বস্ত্ৰ উৎপাদন কেন্দ্ৰ উদ্বোধন কৰা হয়। ৰাজ গগৈৰ এটি সত্ৰীয়া নৃত্যৰে আৰম্ভ হোৱা শুভ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া ৰামচন্দ্ৰ দেউৰীয়ে।

আনহাতে বস্ত্ৰ উৎপাদন কেন্দ্ৰটোৰ ফিটা কাটি উদ্বোধন কৰে যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাসে। বস্ত্ৰ উৎপাদন কেন্দ্ৰটি উদ্বোধন কৰি তেওঁ কয়- বৰহোলা আদৰ্শ মণ্ডল পৰ্যায়ৰ অধীনত গড়াজান মিচিং গাঁৱৰ কাংকান আত্মসহায়ক গোটৰ ৰমিনা মিপুনৰ উদ্যোগত যি পিটলুমৰ তাঁতশালৰ বস্ত্ৰ উৎপাদন কেন্দ্ৰ উদ্বোধন কৰা হ’ল ই বজাৰ দখল কৰিব। কাৰণ উৎপাদিত বস্ত্ৰখিনি যথেষ্ট মানদণ্ডপূৰ্ণ । 

সাংবাদিক মণ্টুচ্ কোঁৱৰে আঁত ধৰা অনুষ্ঠানটিত উদ্দেশ্য ব্যাখ্যা কৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক সুৰযজ্যোতি গগৈয়ে। গুৱাহাটীৰ নগৰ আৰু দেশীয় উন্নয়ন বিভাগৰ বিষয়া ৰিংকু মান্তাই বস্ত্ৰ উৎপাদন কেন্দ্ৰটিৰ সন্দৰ্ভত কয়- শিপিনীসকলে বজাৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ বস্ত্ৰ উৎপাদন কৰিব লাগিব। তেতিয়াহে বজাৰ দখল কৰিবলৈ সক্ষম হ’ব। 

হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক বিনয় কুমাৰ শৰ্মাই কয় যে আজি কাংকান আত্মসহায়ক গোটৰ অধীনত আৰম্ভ কৰা পিটলুমৰ তাঁতশালৰ বস্ত্ৰ উৎপাদন কেন্দ্ৰটো যোৰহাট জিলাৰ বাবে ভাল খবৰ। কিয়নো এই পিটলুমৰ তাঁতশাল  অসমত আৰম্ভ হোৱা নাই । 

পিটলুমৰ জৰিয়তে উৎপাদন বৃদ্ধি পোৱাৰ লগতে বস্ত্ৰশিল্পই বজাৰ দখল কৰিব পাৰিব। ফলত আমাৰ শিপিনীসকল অৰ্থনৈতিকভাৱে উপকৃত হ’ব। কাংকান আত্মসহায়ক গোটৰ ৰমিনা মিপুনে তেওঁ কেনেকৈ এখন তাঁতশালৰ জৰিয়তে অসম গ্ৰামীণ অভিযান আৰু হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ জৰিয়তে গাঁৱত বয়নশিল্প উদ্যোগ গঢ়ি তুলিলে  আৰু গোটটোৱে কেনেকৈ বৰ্তমান মাহেকে ৫ লাখ টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে; সেই সম্পৰ্কে অৱগত কৰে। 

বয়নশিল্প বস্ত্ৰ উৎপাদন বৃদ্ধি কৰিবলৈ তেওঁ  আৰু কয়- বাংলাদেশৰ জামাদানী শাৰী বোৱা পিটলুমৰ তাঁতশাল কলকাতাৰ পৰা ক্ৰয় কৰি আনি আজি উদ্বোধন কৰিছে। অনুষ্ঠানত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ পৰিদৰ্শন মৌচমমুদ্দিন আহমেদ চৌধুৰী , বি পি এম মাধুৰ্য শইকীয়া, পম্পী গায়ন  সচিব দিলীপ গগৈ আৰু বৰহোলা আদৰ্শ মণ্ডল পৰ্যায় সংগঠন তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শতাধিক কেডাৰ উপস্থিত থাকে ।

bekajan বস্ত্ৰ শিল্প