লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত ওম বিৰলাক সমৰ্থন অগপ দলৰ...

লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত ওম বিৰলাক সমৰ্থন অগপ দলৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে ১৮ সংখ্যক লোকসভাৰ বিশেষ অধিৱেশন। ইতিমধ্যে নিৰ্বাচিত সাংসদসকলে সাংসদ হিচাপে শপত গ্ৰহণ কৰিছে। বুধবাৰে পুৱা লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত ওম বিৰলাক সমৰ্থন কৰিছে অগপ দলে। ওম বিৰলাৰ নিৰ্বাচনী মনোনয়ন পত্ৰত সমৰ্থন কৰি স্বাক্ষৰ কৰিছে ফণীভুষণ চৌধুৰীয়ে।

এন ডি এৰ সহযোগী দল হিচাপে ওম বিৰলাক সমৰ্থন জনায় ভোট প্ৰদান কৰিব অগপ সাংসদ ফণীভুষণ চৌধুৰীয়ে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে অগপ সভাপতি অতুল বৰায়ে টেলিফোনিক বাৰ্তালাপ কৰি এই কথা অৱগত কৰে৷ এই সিদ্ধান্ত জেষ্ঠ নেতা ৰাজনাথ সিঙক সাক্ষাৎ কৰি অৱগত কৰে অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ফণীভুষণ চৌধুৰীয়ে৷

লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত ওম বিৰলাক সমৰ্থন অগপ দলৰ...
অন্ত পৰিল চৰ্চাৰ: ৰাহুল গান্ধীৰ কান্ধতেই বিৰোধী দলৰ দলপতিৰ দায়িত্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in