গহপুৰৰ যুৱ সাংবাদিক মহেন্দ্ৰ পগাগলৈ দক্ষ সাংবাদিকতা বঁটা

গহপুৰৰ যুৱ সাংবাদিক মহেন্দ্ৰ পগাগলৈ দক্ষ সাংবাদিকতা বঁটা
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত লেপেতাপাৰাৰ যুৱ সাংবাদিক মহেন্দ্ৰ পগাগলৈ আগবঢ়োৱা হৈছে দক্ষ সাংবাদিকতা বঁটা। A NEWS 24 X 7 ৰ উত্তৰ অসমৰ বিশেষ দায়িত্বত থকা সাংবাদিক মহেন্দ্ৰ পগাগক এছ’ছিয়েছন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্ট নামৰ সংস্থাটোৱে আগবঢ়াই দক্ষ সাংবাদিকতাৰ এই বঁটা। এছ’ছিয়েছন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টয়ে গুৱাহাটীৰ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত কৰা ইণ্ডিয়ান জাৰ্ণেলিষ্ট ফেষ্টেভিল- ২০২৪ অনুষ্ঠানত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে সাংবাদিক মহেন্দ্ৰ পগাগক।

সাংবাদিকগৰাকীৰ কৰ্ম দক্ষতা তথা নিৰ্ভিক, নিৰপেক্ষ আৰু সত্য নিষ্ঠভাবে আগবঢ়াই অহা সংবাদ সেৱাৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে সাংবাদিক মহেন্দ্ৰ পগাগে ২০০৯ চনৰ জানুৱাৰী মাহত আজিৰ দৈনিক বাতৰি নামৰ কাকত খনৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত আজি, জনসাধাৰণ, খবৰ প্ৰবাহ, হাম্ৰো প্ৰজাশক্তি আদি বাতৰি কাকতৰ উপৰিও বৈদুতিক মাধ্যম ASSAM TALKS আৰু TIME8ত হেলেম আৰু বিহালীৰ সাংবাদিক হিচাপে সংবাদ সেৱা আগবঢ়াইছিল।

বৰ্তমান তেওঁ A NEWS 24×7 নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ বিশেষ দায়িত্বত অধিষ্ঠিত হৈ আছে। তেওঁ লেপেটাপাৰা নিবাসী পিতৃ দুলেশ্বৰ পগাগ আৰু মাতৃ লবিতি পগাগৰ সুযোগ্য সন্তান। গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ৰ সহকাৰী সম্পাদকৰ দায়িত্বত থকা মহেন্দ্ৰ পগাগে লাভ কৰা এই বঁটাৰ বাবে তেওঁক আন্তৰিক অভিনন্দন জনাইছে আজুৰ বিশ্বনাথ জিলা সমিতি আৰু গহপুৰ মহকুমা সমিতিয়ে। এক প্ৰেছ বিবৃতিত গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ৰ সভাপতি পল্লৱ বৰা আৰু সাধাৰণ সম্পাদক বিপ্লৱ নেওগে কয় যে এনেধৰনৰ সন্মানে সাংবাদিক সকলক সমাজৰ হকে নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ প্ৰেৰণা যোগায়।গহপুৰ মহকুমা প্ৰেছ গীল্ডেও সাংবাদিক মহেন্দ্ৰ পগাগক অভিনন্দন জ্ঞাপন কৰিছে।

গহপুৰৰ যুৱ সাংবাদিক মহেন্দ্ৰ পগাগলৈ দক্ষ সাংবাদিকতা বঁটা
বিদুষী মহিলা কিৰণ বৰুৱাৰ দেহাৱসান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in