স্মার্ট মিটাৰ, সৌৰশক্তিৰ নামত ৰাজ্য চৰকাৰে হাজাৰ কোটি লুণ্ঠনৰ অভিযোগ কংগ্ৰেছৰ

স্মার্ট মিটাৰ, সৌৰশক্তিৰ নামত ৰাজ্য চৰকাৰে হাজাৰ কোটি লুণ্ঠনৰ অভিযোগ কংগ্ৰেছৰ
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী: স্মার্ট মিটাৰৰ নামত সাধাৰণ ৰাইজৰ পৰা আগতীয়াকৈ ধন লৈ লুণ্ঠন চলোৱা অসম চৰকাৰে এইবাৰ সৌৰশক্তিৰ নামতো ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে প্রদেশ কংগ্ৰেছে। দীনদয়াল সৌৰশক্তি আঁচনিৰ নামত ৰাজ্য চৰকাৰে ৩১খন জিলাত প্রায় ১৫০০ কোটি টকা ব্যয় কৰি ৰাজসাহায্যযুক্ত আঁচনি ৰূপায়ণ কৰিছিল যদিও এতিয়া সেইবোৰৰ কোনো চিন-মোকাম নাই।

গুৱাহাটীৰ জালুকবাৰীৰ পৰা হাজো আৰু ছয়গাঁও দিশলৈ সৌৰশক্তি চালিত লাইটপোষ্টৰ ব্যৱস্থা কৰিছিল যদিও তাকো এতিয়া বিচাৰি পাবলৈ নাই। স্মার্ট মিটাৰৰ যোগেদি অসমৰ ৰাইজক লুণ্ঠন চলাই থকা এইখন চৰকাৰে এইবাৰ সৌৰশক্তিৰ নামত ৪০০০ কোটি টকা অপব্যয় কৰাৰ ষড়যন্ত্ৰ কৰিছে। প্রদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্রত বৰা আৰু সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই বৃহস্পতিবাৰে এক যুটীয়া সংবাদমেলত শক্তি বিভাগৰ আয়-ব্যয়ৰ খতিয়ান ৰাজহুৱা কৰিবৰ বাবে দাবী জনাইছে।

বৰাই কয় যে কাৰ্বি আংলং জিলাত ১০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবৰ বাবে চৰকাৰে ৪০০০ কোটি টকাৰ এক আঁচনি গ্রহণ কৰিছে আৰু এই সমগ্র কাম আদানি গ্রুপক দিবলৈ প্রস্তুতি চলাইছে। ইয়াৰ পূৰ্বে অসমত চলি থকা সাতটা সৌৰশক্তি প্রকল্প সম্পূৰ্ণ ৰূপে ব্যর্থ হোৱা বুলি উল্লেখ কৰি বৰাই কয় যে অসমৰ জলবায়ু সৌৰশক্তি আহৰণ কৰিব পৰাকৈ অনুকূল নহয়। ১০০ মেগাৱাট সৌৰশক্তিৰ বাবে ৪ টকাকৈ ব্যয় কৰা হয় যদিও প্রকৃততে ১০০ মেগাৱাটৰ পৰিৱৰ্তে ১৪ মেগাবট সৌৰশক্তিহে আহৰণ হয়। তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে বিভিন্ন সূত্ৰৰ পৰা তথ্য সংগ্ৰহ কৰা বুলি উল্লেখ কৰি বৰাই সৌৰশক্তিৰ নামত চৰকাৰে ইতিমধ্যে কেইবাশ কোটি টকা অপব্যয় কৰাৰ অভিযোগ তোলে।

ইফালে সংবাদমেলত ৰাতুল কলিতাই কয় যে স্মার্ট মিটাৰৰ নামত আদানি গ্রুপক ৮৪৪.৬৩ কোটি টকা ইতিমধ্যে আদায় দিয়া হৈছে আৰু আদানি ট্রেন্সমিশ্যনক ৭লাখ ৭৩ হাজাৰ ৭২টা স্মার্ট মিটাৰ সংযোগৰ ঠিকা দিছিল। ইয়াৰ বিপৰীতে জয়পুৰৰ জেনাছ পাৱাৰ ইনফ্রাস্ট্রাকছাৰক ১৪ লাখ ৫৯ হাজাৰ ৯০৮টা স্মার্ট মিটাৰ, দিল্লীৰ ইন্টেলস্মার্ট ইনফ্রাস্ট্রাকছাৰ ২১ লাখ ৯৯৮টা, জয়পুৰৰ হাইপ্রিন্ট মিটাৰিঙক ১৪ লাখ ৯১টা আৰু দিল্লীৰ অ' প্রভা এনার্জিক ৬ লাখ ৯৩ হাজাৰটা স্মার্ট মিটাৰ সংযোগৰ ঠিকা দিছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই স্মার্ট মিটাৰৰ জৰিয়তে অসমৰ খাটিখোৱা ৰাইজৰ ওপৰত অভাৰস্মার্ট লুণ্ঠন কৰা বুলি অভিযোগ কৰে।

তেওঁ কয় যে চহৰৰ উপকণ্ঠ অঞ্চলত ৩০০ টকা বিদ্যুতৰ মাচুল অহা এলেকাত এতিয়া ১৭০০ টকা মাচুল আহিছে। গুৱাহাটী মহানগৰত ৬০০০ টকা মাচুল অহা লোকৰ বিদ্যুৎ মাচুল বৃদ্ধি হৈ ১১ হাজাৰ টকা হৈছে। এই গোটেই বিষয়টো তদন্তৰ দাবী জনাইছে কংগ্ৰেছ নেতা ৰাতুল কলিতাই। ইফালে সংবাদমেলত স্মার্ট মিটাৰ আৰু সৌৰশক্তিৰ নামত হোৱা কেলেংকাৰী সন্দৰ্ভত শ্বেতপত্র প্রকাশৰো দাবী জনাই মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। তেওঁ আৰু কয় যে ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত দীনদয়াল উপাধ্যায় গ্রাম্য জ্যোতি যোজনাৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে আৰু এই অনিয়মৰ ফল ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে।

"দীনদয়াল উপাধ্যায় গ্রাম্য জ্যোতি যোজনা আঁচনিৰ অধীনত চৰকাৰৰ পৰা হিতাধিকাৰীয়ে সৌৰ পেনেল, নিয়ন্ত্রক আৰু বেটাৰী ইউনিট লাভ কৰিছিল। তিনিমাহৰ পাছত বহু হিতাধিকাৰীয়ে লাভ কৰা কন্ট্র'লাৰ বক্সত ফাট মেলে আৰু কাম কৰা বন্ধ কৰি দিয়ে। নিয়ম অনুযায়ী বেটাৰীৰ ক্ষতি হ'লে স্থাপন কৰাৰ পাঁচ বছৰৰ ভিতৰত বিনামূলীয়াকৈ সলনি কৰিব পাৰি। কিন্তু এইসকল হিতাধিকাৰীয়ে এতিয়া নিজে ধন খৰছ কৰি সেয়া মেৰামতি কৰি ল'বলগীয়া হৈছে। বহুতৰ ঘৰত আকৌ পেনেল, বেটাৰী আদি এনেই পৰি আছে।"-সমগ্র আঁচনিখন চূড়ান্ত প্রহসনত পৰিণত হৈছে বুলি উল্লেখ কৰি বৰাই এইদৰে মন্তব্য কৰে।

স্মার্ট মিটাৰ, সৌৰশক্তিৰ নামত ৰাজ্য চৰকাৰে হাজাৰ কোটি লুণ্ঠনৰ অভিযোগ কংগ্ৰেছৰ
চাপৰত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি, পত্নীক হত্যা কৰি পলাতক স্বামী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in