দেশৰ ডি বি টি ব্যৱস্থাই ৰাহি কৰিছে ৩.৪৮ ট্ৰিলিয়ন ডলাৰ…

ভাৰত চৰকাৰে ২০১৩ চনত প্ৰৱৰ্তন কৰা প্ৰত্যক্ষ লাভ হস্তান্তৰ চমুকৈ ডি বি টি ব্যৱস্থাই দেশৰ কল্যাণমূলক পদক্ষেপসমূহক এক নতুন ৰূপ দিছে

author-image
Asomiya Pratidin
New Update
দেশৰ ডি বি টি ব্যৱস্থাই ৰাহি কৰিছে ৩.৪৮ ট্ৰিলিয়ন ডলাৰ…

ডিজিটেল ডেস্ক : ভাৰত চৰকাৰে ২০১৩ চনত প্ৰৱৰ্তন কৰা প্ৰত্যক্ষ লাভ হস্তান্তৰ চমুকৈ ডি বি টি ব্যৱস্থাই দেশৰ কল্যাণমূলক পদক্ষেপসমূহক এক নতুন ৰূপ দিছে। দক্ষতা আৰু সৰ্বাংগীনতাৰ বাবে বিশ্বব্যাপী এই ব্যৱস্থাই এক সঠিক মাপকাঠী স্থাপনতো সফলতা লাভ কৰিছে।


অগ্ৰণী সংস্থা ব্লুক্ৰাফ্টে বিগত ২০০৯-২০২৪ দশকত ডি বি টিৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ মূল্যায়ন কৰিছে। য’ত ধাৰাবাহিকভাৱে আকৰ্ষণীয় কৃতিত্বৰ ওপৰত আলোকপাত কৰা হৈছে। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ এই ব্যৱস্থাৰ জৰিয়তে ৩.৪৮ লাখ কোটি টকা ধন সঞ্চয় হৈছে।

আনহাতে কেন্দ্ৰীয় বাজেটতো ইয়াৰ সু প্ৰভাৱ পৰা বুলি সংস্থাটোৱে প্ৰতিবেদনত সদৰী কৰে। পূৰ্বৰ বাজেটসমূহৰ তুলনাত শেহতীয়া বাজেটত ইয়াৰ উত্থান ঘটা বুলি উল্লেখ কৰে।

economy